ডিজিটেল ডেস্কঃ ভৰতবৰ্ষৰ দৰে দেশত কেলেংকাৰী কোনো নতুন কথা নহয়৷ নিতৌ নতুন কেলেকাৰীৰ কথা পোহৰলৈ আহিয়েই থাকে৷ এইবাৰ পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হৈছে বেংক লুটৰ সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হৈছে৷

দেশৰ ভিতৰতেই সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতেই সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাগৰাকী ৰাজনৈতিক দলৰ নেতা তথা অভিনেতাই৷

এই কেলেংকাৰী প্ৰায় ১১,৩০০ কৌটি টকাৰ৷ এই কেলেংকাৰীত নীৰৱ মোডী নামৰ এগৰাকী হীৰাৰ ব্যৱসায়ীৰ জৰিত বুলি অভিযোগ উত্থাপন হৈছে৷ সততে টুইটাৰত সক্ৰিয় হৈ থকা বিতৰ্কিত বলীউডৰ অভিনেতা ঋষি কাপুৰেও এই ঘটনা সন্দৰ্ভত টুইত কৰি ক্ষোভ জাহিৰ কৰে৷

তেও নকৈ পোহৰলৈ অহা বেংক কেলেকাৰী সন্দৰ্ভত ‘‘সকলো উজ্জ্বল বস্তুই সোণ নহয়৷’’ ঋষি কাপুৰে টুইটাৰত লিখিছে যে ‘মই এইটো কথা বুজা নাই যে ২০১১ চনৰ পৰা কাৰোবাক ১১,৩০০ কৌটি টকা লোণ দি থকা হৈছে আৰু এই কথাটোৰ কোনো অনুসন্ধান হোৱা নাই? ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে ‘‘জিলিকি থকা সকলো বস্তুই সোণ নহয়৷’’ এতিয়াও কিছুমান আৰু কবৰত থকা মৃতদেহ ওলাব বাকী আছে৷’’