ডিজিটেল ডেস্কঃ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে আজি শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী সহিতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

শপত গ্ৰহণৰ পূৰ্বে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটলৈ যায় দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী৷ দিনৰ প্ৰায় ১২বাজি ১৫মিনিটত শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক শপত বাক্য পাঠ কৰোৱায়৷ দেশ এখন নিৰ্মাণৰ কাম চৰকাৰে অকলে কৰিব নোৱাৰে বুলি ভাষণত কয় ৰাষ্ট্ৰপতিজনে৷ তদুপৰি ভাষণত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সকলোৰে সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে৷

''মাটিৰ ঘৰত আছিলো, তাৰ পৰাই আৰম্ভ কৰিছিলো যাত্ৰা। সংসদত আগতেও আছিলো। মোক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোকে ধন্যবাদ। মই নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি যাম। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ড০ এপিজে আব্দুল কালাম আৰু প্ৰণৱ মুখাৰ্জীৰ দৰে বৰণীয়সকলে খোজ পেলাই যোৱা পথেৰে যাত্ৰা কৰিবলৈ পাই গৰ্ব বোধ কৰিছো।’’-শপত গ্ৰহণ অনুষ্ঠানত নিজৰ ভাষণত এইদৰে কয় কোৱিন্দে।