ANI

newsnextone.com | ডিজিটেল ডেস্কঃ গুজাৰটত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় তিনি শিশু সহ ১৯ লোকৰ৷ শনিবাৰে পুৱা গুজৰাটৰ ধোলেৰাৰ সমীপৰ ববালীয়াৰী গাঁৱত সংঘটিত দুৰ্ঘটনাই সমগ্ৰ গুজৰাটত শোকৰ ছাঁ পেলায়৷

জানিব পৰা মতে, গুজৰাটক আহমেদাবাদ-ভাৱনগৰ ৰাজমাৰ্গত সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখন ভাৱনগৰ জিলাৰ পীপাৱাৱ বন্দৰগাঁৱৰ পৰা চিমেন্ট কঢ়িয়াই আনিছিল৷

অাহমেদাবাদ আৰক্ষী অধীক্ষক আৰ বি আছাৰীয়ে জানিবলৈ দিয়া মতে, ট্ৰাকখনত ২৫ গৰাকী শ্ৰমিকো আছিল৷ জৰাজীৰ্ণ পথৰ ওপৰত ট্ৰাকখন লুটি খাই পৰাত ট্ৰাকখনত ভিতৰত থকা ১৯ গৰাকী লোকৰ মৃত্যু ঘটে৷ মৃতসকলৰ মাজত ১২ গৰাকী মহিলা আৰু তিনিজন শিশুও আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আনহাতে দুৰ্ঘটনাটোত আন ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ 

পিছত আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চালকে সন্তোলন হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে চালকজন পলাই সাৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে৷