সোণাৰিঃ পৰিয়ালৰ সকলোকে মিঠা হাঁহিটোৰে মাত দি পৰীক্ষা দিবলৈ ওলাই আহিছিল তেওঁ৷ কিন্তু পৰীক্ষা দি ঘৰ আহি নাপালে ১৬ বছৰীয়া লোহিতে৷ লোহিত ঘৰলৈ উভতি আহিল মৃতদেহ হৈ৷ বিধিৰ লিখন নাযায় যেন নহয় খণ্ডন৷ মৃত্যুই কিৰিলি পাৰি ৰৈ আছিল ৰাজ পথত তেওৰ বাবে৷ ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিক্ষাৰ্থী৷

ডাম্পাৰ-ট্ৰাকে এতিয়া যমদূতৰ ৰূপ ধাৰণ কৰিছে অসমৰ ৰাজ পথত৷ তীব্ৰ বেগী ডাম্পাৰ চালকৰ অতপালি ৰোধ কৰাত আৰক্ষীয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ পৰীক্ষাৰ্থীৰ প্ৰাণ যোৱা ঘটনাই শোকৰ ছাঁ পৰে উজনিৰ চৰাইদেউ জিলাৰ সোণাৰিত৷ চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰে পথ দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

সোণাৰি নগৰৰ সমীপৰ চফ্ৰাই চাহ বাগিচা নিবাসী ৰঞ্জন মিশ্ৰৰ পুত্ৰ ১৬ বছৰীয়া লোহিত মিশ্ৰৰ মৃত্যু হয়৷ চফ্ৰাই মডেল স্কুলৰ ছাত্ৰগৰাকীয়ে সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা দি ঘৰলৈ জ্যেষ্ঠ ভাতৃ বিপুল মিশ্ৰৰ সৈতে ঘৰলৈ গৈ থকা অৱস্থাত নাফুক চাহ বাগিচাৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে খুন্দা মৰাৰ ফলত ছাত্ৰ জনৰ মৃত্যু হয়৷

জানিব পৰা মতে, এএছ-০৪-এল-১২৩৫ নম্বৰৰ বাইকেৰে পৰীক্ষা দি লোহিত মিশ্ৰই জ্যেষ্ঠ ভাতৃৰ সৈতে গৃহ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা দ্ৰুত বেগী এএছ-০৪-এচি-০৫৮৮ নম্বৰৰ এখন ট্ৰাকে মহতীয়াই নিয়ে৷

দ্ৰুত বেগী ট্ৰাক খনে মহতীয়াই নিয়াৰ ফলত গুৰুতৰ বাৱে আহত হয় দুয়ো ভাতৃ৷ স্থনীয় ৰাইজে দুয়ো ভাতৃকে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও লোহিত মিশ্ৰৰ মৃত্যু হয়৷ সােণাৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত জ্যেষ্ঠ ভাতৃক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

সোণাৰিত একাংশ ডাম্পাৰ আৰু ট্ৰাকে ৰাজ পথত আতংকৰ সৃষ্টি কৰাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷