Artificial Brain
Artificial Brain

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানে সফলতা লাভ কৰে নে নাই সেই কথা কোৱা তান৷ কিয়নো দেশ চাফ হ’ব লাগিলে দেশৰ সকলো জনসাধৰণে নিজে নিজে পণ লব লাগিব দেশ খনক চাফ-চিকুণকৈ ৰাম বুলি৷ তেতিয়াহে দেশৰ প্ৰতিটো অঞ্চল পৰিস্কাৰ হ’ব৷ কেৱল প্ৰধানমন্ত্ৰীয়ে কৈ থাকিলে দেশ পৰিস্কাৰ নহয়৷ তাৰ মাজতে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি৷ ৰবটৰ জৰিয়তে চাফাই অভিযান চলাব দেশৰ প্ৰথমখন ৰাজ্য কেৰালাই৷

মুখ্যমন্ত্ৰী পিনাৰাই বিজয়া এই কথা স্পষ্ট কৰে৷ কেৰেলাৰ জল প্ৰাধিৰকৰণৰ প্ৰবন্ধ নিৰ্দেশক এ শৈনামোলে জানিবলৈ দিয়া মতে, এক ষ্টাৰ্টআপ কোম্পানী জেন’ৰবটিক্সৰ দ্বাৰা নিৰ্মিত এই ৰবটক প্ৰায়োগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব৷ তেওঁ লগতে কয়, কেৰেলা চৰকাৰ এই পৰিকল্পনামূলক আঁচনিখনক লৈ বহুত উৎসাহিত হৈ পৰিছে৷ ৱাই-ফাই, ব্লু-টুথ আৰু নিয়ন্ত্ৰণ প্ৰণালীৰ দ্বাৰা এই ৰবটে নলা-নৰ্দমাৰ আৱৰ্জনা পৰিস্কাৰ কৰিবলৈ সক্ষম হ’ব৷

উল্লেখ্য যে এই পৰিকল্পনা কেৰেলাৰ জল প্ৰাধিকৰণৰ দ্বাৰা সমৰ্থিত৷ জল প্ৰাধিকৰণ বিভাগে পাইপ ফুটি নিৰ্গত হোৱা জাঁৱৰ-জোথৰৰ ফলত হোৱা সমস্যা আৰু চাফ-চিকুণতাৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহক নিৰ্মূল কৰিবলৈ কেৰেলা ষ্টাৰ্টআপ কোম্পানীৰ সৈতে সহযোগিতা কৰিছে৷

জানিব পৰা মতে, এই ৰবটৰ সেৱা পোনপ্ৰথমে তিৰুৱন্তপুৰমৰ পৰাই আৰম্ভ কৰিব, য’ত ৫০০০তকৈও অধিক নলা-নৰ্দমা আছে৷ দেশত নলা-নৰ্দমা পৰিস্কাৰ কৰাৰ সময়ত বহুতো-কৰ্মচাৰীৰ মৃত্যু হৈ থকাৰ খবৰ পোৱা যায়৷ বিগত দিনত অন্ধ্ৰ প্ৰদেশত চাফাই কামত নিয়োজিত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীতো বিগত বৰ্ষত চাফাই স্থলীত কৰ্মচাৰীৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকৰ জৰিয়তে চাফাই কৰোৱাটো বে-আইনী বুলি ঘোষণা কৰে৷