প্ৰতীক ফটো
প্ৰতীক ফটো

নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰো চৌপাশ আৱৰি ৰাখিছে ৰঙালীৰ ৰঙীন আনন্দই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়েও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ-উছাহ৷

বিগত তিনিটা দিনৰ দৰে আজিও নগাঁওবাসীৰ মাজত অব্যাহত আছে ৰঙালীৰ পাৰভগা উছাহ৷ বিহু উপলক্ষ্যে জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো চুকে-কোণে খেল-ধেমালিৰ ধুম উঠা পৰিলক্ষিত হৈছে৷ দুই-তিনিখন গাঁও লগ হৈ এডোখৰ মুকলি ঠাইত অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা ডেকা-বুঢ়া পৰ্যন্ত লোকে আনন্দ-স্ফুৰ্তিৰে অংশগ্ৰহণ কৰা দেখা গৈছে।

আনহাতে, বিয়লি ভাগৰ পৰা প্ৰতিখন গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতীসকল লগ হৈ পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাই এক সুকীয়া মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে৷ কিন্তু এনে এক পৰিৱেশৰ মাজতে আজি জিলাখনৰ অধিকাংশ বিদ্যালয়ত পাঠদান কাৰ্য ব্যাহত হয় শিক্ষাৰ্থীৰ অভাৱত৷

জানিব পৰা মতে, জিলাখনৰ গ্ৰামাঞ্চলত থকা বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানবোৰত একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই পাঠদান কাৰ্যত ব্যাঘাত জন্মে৷ বহু সময় অপেক্ষা কৰাৰ পিছতো পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী উপস্থিত নোহোৱাত উপায়ন্তৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় আধাতে ছুটী দিবলৈ বাধ্য হয়৷

উল্লেখ্য যে, বিদ্যালয়সমূহত আজি আশ্চৰ্যজনকভাবে ৩-৮ গৰাকীমানহে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷