ডিজিটেল ডেস্কঃ বিজয় মালিয়া, ললিত মোডী, নীৰৱ মোডীৰ পাছত এইবাৰ ঘোটালা কৰি পলাল কলম ব্যৱসায়ী৷ ৰটমেক কলমৰ কোম্পানীৰ গৰাকী ব্যৱসায়ী বিক্ৰম কোঠাৰীৰ বিৰুদ্ধে ৮০০ কোটি টকাৰ ঋণ লৈ পলায়ণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বেংকৰ ঋণ লৈ বেংকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে কলম ব্যৱসায়ীৰ বিৰুদ্ধে৷

নীৰৱ মোডীৰ বিৰুদ্ধে ১২০০০ কোটি টকাৰ বেংকৰ ঋণ লৈ পলায়ণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই পোহৰলৈ আহে বিক্ৰম কোঠাৰীৰ নাম৷ কানপুৰৰ ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই দেশ এৰি পলায়ণ কৰাৰ অভিযোগক খণ্ডন কৰে৷ তেও কয় মই কানপুৰৰ বাসিন্দা আৰু মই তাতেই থাকিম৷ ব্যৱসায়ৰ প্ৰয়োজনত বিদেশত আহিবলগীয়া হয়৷

২০১৭ চনৰ ২৭ ফেব্রুৱাৰীত আৰবিআইয়ে ৰটমেক গ্লবেল প্রাইভেট লিমিটেডক স্বেচ্ছায় ঋণ অপৰিশোধকাৰী হিচাপে ঘোষণা কৰে৷ পঞ্জাৱ নেচ’নেল বেংকৰ ঘোটালাই দেশ উত্তাল কৰি ৰখাৰ সময়তে ৮০০ কোটিৰ বেংক ঋণ লৈ দেশ এৰি পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছিল৷ কেইবাটাও ৰাষ্ট্ৰীয় বেংকৰ পৰা ৮০০ কোটি টকা লুটি পলায়ন কৰাৰ অভিযোগ উত্থাপন হয় ৰটমেক কোম্পানীৰ মালিক বিক্ৰম কোঠাৰীৰ বিৰুদ্ধে৷

পঞ্জাৱ নেচ’নেল বেংকৰ পৰা ১২০০০ কোটি টকা ঘোটালা কৰি দেশ এৰি পলায়ন কৰা নীৰৱ মোডীৰ পিছে পিছে দেশৰ পৰা পলায়ন কৰিলে বিক্ৰম কোঠাৰীয়ে৷ এলাহাদবাদ বংক, বেংক অৱ ইণ্ডিয়া, বেংক অৱ বৰোদা, ইণ্ডিয়ান অভাৰচিজ বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ পৰা ৮০০ কোটিৰ ঋণ লৈ পলায়ন কৰে বিক্ৰমে৷

ইউনিয়ন বেংকৰ পৰা ৪৮৫ কোটি, এলাহাবাদ বেংকৰ পৰা ৩৫২ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে আন বেংকৰ পৰা লোৱা বেংকৰ ঋণৰ পৰিমাণ কম৷ বেংকৰ পৰা লোৱা ঋণৰ আজিলৈ কিস্তি পৰিশোধ কৰা নাই বিক্ৰমে৷ এলাহাবাদ বোংক কৰ্তৃপক্ষই তেওৰ সম্পত্তি বিক্ৰী কৰি টকা উঠাই লোৱা হ’ব বুলি কয়৷ বিক্ৰমক ঋণ দিয়াৰ সময়ত বহু নিয়ম শিথিল কৰাৰ অভিযোগ উত্থাপন হৈছে৷