সমালোচনা কৰাৰ নামত অশ্লীল ভাষা প্ৰয়োগ কৰি গালি গালাজ কৰাটো কোনেও সমৰ্থন কৰা উচিত নহয়৷ অশ্লীল ভাষাৰে গালি গালাজ কৰাটো সভ্য সমাজত কোনেও সমৰ্থন নকৰে৷ সভ্য সমাজত যোগাত্মক সমালোচনাইহে প্ৰধান্য লাভ কৰে৷ ভাৰত বৰ্ষৰ দৰে দেশত সদায় যোগাত্মক চিন্তাধাৰা, সমালোচনাৰ দ্বাৰা জনমত গঠন কৰা হয়৷ 

ভাৰতৰ স্বাধীনতা সংগ্ৰাম সময়ে সময়ে উগ্ৰ ৰূপ ধাৰণ কৰিছে যদিও মহত্মা গান্ধীৰ অহিংসা নীতি আৰু যোগাত্মক চিন্তাধাৰা, যোগাত্মক সমালোচনাইহে আগস্থান লাভ কৰিলে৷ শেহতীয়াকৈ আমাৰ দেশত যোগাত্মক সমালোচনাতকৈ সমাজখন দুটা ভাগতহে বিভক্ত হৈ এটা পক্ষই আন এটা পক্ষক অশ্লীল ভাষাৰে গালি গালাজ কৰাহে দেখা যায়৷ তাৰ মাধ্যম হৈছে ছচিয়েল মিডিয়া৷ 

দুটা ভাগত বিভক্ত লোকৰ একাংশই সমালোচনাৰ নামত উগ্ৰ ৰূপটোহে দেখাই অহা পৰিলক্ষিত হৈছে৷ পিতৃ-মাতৃ, ভগ্নীৰ নাম লৈ একাংশ লোকে গালি গালাজ কৰাটো এক নিয়মত পৰিণত হৈছে৷ বিশেষকৈ ছচিয়েল মিডিয়াত যোগাত্মক সমালোচনাৰ পৰিৱৰ্তে গালি গালাজৰ স্থানহে বেছি দেখা যায়৷ এটা পক্ষই সুস্থ চিন্তা ধাৰাৰে সমালোচনা কৰিলে আন এটা পক্ষই গালিৰ আশ্ৰয় লোৱা দেখা যায়৷ শেহতীয়াকৈ সমগ্ৰ দেশতে এনে এটা ট্ৰেণ্ড আৰম্ভ হৈছে৷ 

কোনো লোকে সভ্য ভাষাৰে শাসকীয় দল বা চৰকাৰক সমালোচনা কৰিলে যোগাত্মক সমালোচনাৰে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীয়ে অশ্লীল গালি গালাজ কৰাহে দেখা যায়৷ সেয়া হোৱাটছএপৰ গ্ৰুপ, ফেচবুক নতুবা ইউটিউবতে হওঁক৷ ছচিয়েল মিডিয়াত দুটা শিবিৰত বিভক্ত লোকে প্ৰায়ে এনে ধৰণৰ পৰ্যায়ত দেখা যায়৷ 

অসমত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনৰ কালত ছচিয়েল মিডিয়াৰ ব্যাপক প্ৰচাৰ আৰম্ভ হৈছিল৷ সংবাদ মাধ্যমত একাংশ মানুহে নিজৰ নিজৰ মতামত প্ৰকাশ কৰাৰ বিপৰীতে ছচিয়েল মিডিয়াৰ সহায় লবলৈ আৰম্ভ কৰিছিল৷ কংগ্ৰেছৰ শাসন কালত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা কালত চৰকাৰ খনক বিভিন্ন প্ৰকাৰে বহু লোকে সমালোচনা কৰিছিল৷ 

কংগ্ৰেছৰ মন্ত্ৰী বিধায়কৰ বিভিন্ন প্ৰকাৰৰ অংগী-ভংগীৰে ফটো বনাই ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি চৰকাৰৰ বিৰোধিতা কৰিছিল৷ শাসকীয় কংগ্ৰেছ দলৰ ৰাজ্যিক নেতাৰ পৰা ৰাষ্ট্ৰীয় নেতালৈকে ফটো-ভিডিঅ’ৰ মাধ্যমেৰে ব্যংগ কৰি সমালোচনা কৰা হৈছিল৷ কিন্তু তাক লৈ চৰকাৰ খনে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নগৈছিল৷ কিন্তু লাহে লাহে পৰিৱেশ সলনি হবলৈ ধৰিছে৷ চৰকাৰ সলনি হ’ল আৰু চৰকাৰৰ চিন্তাধাৰা সলনি হোৱা বুলি চৰ্চা আৰম্ভ হয়৷

নতুন চৰকাৰৰ কাৰ্যকালত অসমৰ কেইবাগৰাকী লোক জেলৰ ভাত খাব লগা হৈছে কেৱল চৰকাৰক সমালোচনা কৰি৷ বিশ্বনাথৰ পৰিমল গৌৰ নামৰ এগৰাকী যুৱকে চৰকাৰক সমালোচনা কৰি জেলৰ ভাত খাব লগা হৈছে৷ এনে উদাহৰণ কেইবাটাও আছে অসমত৷ ছচিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে লিখিলে একাংশ লোকে গালি গালাজ কৰাই নহয় চৰকাৰে আৰক্ষীৰ হতুৱাই দমন কৰিব খোজাৰ এটা প্ৰথা আৰম্ভ হৈছে ৰাজ্যত৷

শেহতীয়াকৈ এগৰাকী কিশোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটি ভিডিঅ’ ছচিয়েল মিডিয়াত এৰ দিয়াৰ বাবে৷ ৰুবুল শইকীয়া নামৰ কিশোৰজনে চৰকাৰক সমালোচনা কৰাৰ নামত হেনো অশ্লীল ভাষাৰ প্ৰয়োগ কৰিছে৷ অশ্লীল ভাষা প্ৰয়োগ কৰাটো সমৰ্থন যোগ্য নহয়৷ কিন্তু কিশোৰজনে কথাখিনি কি কব খুজিছে সেয়াহে গুৰুত্ব পূৰ্ণ৷ 

কিশোৰজনে কৰা সমালোচনা খিনি এগৰাকী বুদ্ধিজীৱীয়ে টিভি চেনেলত বহি কৰাৰ দৰেই কৰিছে আৰু যুক্তি তেনে ধৰণেই দিছে কিন্তু তেওঁ কেইটামান অসাংবিধানিক শব্দ প্ৰয়োগ কৰি অপৰাধ কৰিছে৷ তেওঁ নিশ্চয় তাৰ বাবে দায়ী৷ কিন্তু কিশোৰ জনক জেলত দিয়া কাৰ্য কিমান যুক্তি সংগত তাকেই লৈ উত্থাপন হৈছে প্ৰশ্ন৷ 

যদি ইতিহাস চোৱা যায় তৰুণ গগৈ চৰকাৰৰ দিনতে ছচিয়েল মিডিয়াৰ ব্যৱহাৰৰ যুগ অসমত আৰম্ভ হৈছিল৷ বিভিন্ন লোকে তৰুণ গগৈ আৰু তৰুণ গগৈ চৰকাৰক বিভিন্ন ধৰণে গালি গালাজ কৰা দেখা গৈছিল ছচিয়েল মিডিয়াত৷ ইমানে নহয় তৰুণ গগৈক লুঙি, টুপি, দাড়ি লগাই বাংলাদেশী সজোৱা ফটোৰে সমালোচনা কৰা হৈছিল৷ সেই সময়ত চৰকাৰে এনে ধৰণৰ কথাক গুৰুত্ব দিয়া নাছিল বুলি চৰ্চা আৰম্ভ হৈছে৷

উজনিৰ গোলাঘাট জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কমাৰগাঁও মহাবিদ্যালয়ৰ ছাত্ৰজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি ইউ টিউব, ফেচবুকত আপলোড কৰিছিল এটা ভিডিঅ’৷ যাৰ ফলত কিশোৰজনক গ্ৰেপ্তাৰ কৰি দুদিন পূৰ্বে আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু এগৰাকী মন্ত্ৰীক সমালোচনা কৰাৰ নামত বেয়া শব্দ প্ৰয়োগ কৰাৰ বাবই ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু প্ৰশ্ন উত্থাপন হৈছে এনেধৰণৰ ভিডিঅ’ অসমত এয়াই প্ৰথম ছচিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছে নেকি৷ যদি ইতিহাস চোৱা যায় তেন্তে দেখা যায় তৰুণ গগৈ চৰকাৰৰ দিনটো এনে ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত বহু আপলোড কৰা হৈছিল৷ বহু উদাহৰণ আছে৷

 

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)