নতুন দিল্লীঃ কেজৰিৱালৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি অনশন মঞ্চতে অসুস্থ হৈ ঢলি পৰিল দলৰ পৰা বহিস্কৃত আপ নেতা কপিল মিশ্ৰ। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে যোৱা ৪ দিন ধৰি অনশন অব্যাহত ৰাখিছে আপৰ পৰা বহিস্কৃত নেতাজনে। 

অনশনৰ পঞ্চম দিনা দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালৰ একাধিক অভিযোগ উত্থাপন কৰে মিশ্ৰই। কেজৰিৱাল যে একাধিক দুৰ্নীতি কাণ্ডত জড়িত সেই বিষয়ে পৰ্যাপ্ত প্ৰমাণ থকা বুলিও সাংবাদিকৰ সমুখত দাবী কৰে নেতাজনে।

বহিস্কৃত নেতাজনে অনশনকালত অভিযোগ কৰে যে ৰাইজৰ পৰা পোৱা দান-বৰঙণিৰ ধনেৰে কেজৰিৱাল আৰু তেওঁৰ ঘনিষ্ঠ নেতাসকলে নিজৰ পকেটহে গধুৰ কৰি আহিছে। 

কেজৰিৱালে নিৰ্বাচন আয়োগক মিছা তথ্য দাখিল কৰাৰ অভিযোগো উত্থাপন কৰে মিশ্ৰই। তেওঁ একাধিক তথ্য প্ৰদৰ্শন কৰি দাবী কৰে যে নিৰ্বাচন আয়োগক আভুৱা ভাৰি কেজৰিৱালে ১৬ টাকৈ ভুৱা কোম্পানী চলাই আহিছে।

যদি সৎ সাহস আছে তেন্তে দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি কেজৰিৱালক স্ব-ইচ্ছাই জেললৈ যাবলৈ আহ্বান জনায় মিশ্ৰই। তেওঁ দাবী কৰে যে ২০১৩-১৪ বৰ্ষত আপৰ দলীয় পুঁজিৰ পৰিমাণ ৪৫ কোটি টকা হোৱাৰ পিছতো দলীয় ৱেবছাইটত মাত্ৰ ১৯ কোটি টকা দেখুওৱা হৈছিল। আনহাতে নিৰ্বাচন আয়োগক এই পৰিমাণ ৯ কোটি টকা বুলি জনোৱা হৈছিল।

এনে ধৰণৰ প্ৰতিটো খেলিমেলিৰ উপযুক্ত তথ্য-প্ৰমাণ লৈ কেজৰিৱালৰ বিৰুদ্ধে চিবিআইৰ কাষ চাপিব বুলিও অনশনস্থলীত সাংবাদিকৰ আগত সদৰী কৰে মিশ্ৰই। দেশবাসীক কেজৰিৱালে প্ৰতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰে একালৰ সতীৰ্থজনে। তেওঁ কয় যে মিছাৰ পাহাৰ কেজৰিৱালে নিজকে সত্যৰ অৱতাৰ হিচাপে দেখুৱাই দেশবাসীক বুৰ্বক সজাব বিচাৰিছে।