ভাৰতত আধাৰ যুক্ত লেনদেন প্ৰক্ৰিয়া (Aadhaar Enabled Payment System), চমুকৈ এইপিএছ ব্যৱহাৰ কৰি প্ৰবঞ্চনা সংঘটিত কৰি অহাৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। মহানগৰসমূহৰ লগতে মফচলীয় চহৰসমূহতো এনে প্ৰবঞ্চনাৰ চিকাৰ হৈ কষ্টোপাৰ্জিত ধন হেৰুৱাই আহিছে অসংখ্যজনে।

বাংগালুৰুত বিগত কিছুদিনত এইধৰণৰ ১১৬টা নতুন গোচৰ ৰুজু হৈছে। ইয়াৰে অধিকাংশই অন্ধ্ৰপ্ৰদেশৰ কডপ্পা, তেলেংগানাৰ হায়দৰাবাদ, বিহাৰৰ নাবাদা, ৰাজস্থানৰ ভৰতপুৰৰ লগতে হাৰিয়ানা, পশ্চিমবংগ, উত্তৰপ্ৰদেশ আৰু অসমৰ দৰে ৰাজ্যৰ সৰু-বৰ ভিন্ন চহৰৰ সৈতে জড়িত। ইয়াৰ লগতে মহাৰাষ্ট্ৰ, গুজৰাট, ঝাৰখণ্ডটো আধাৰ কাৰ্ডৰ জৰিয়তে ধন সৰকাই অহা দুষ্ট চক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ বাতৰি পোৱা গৈছে।

শেহতীয়াকৈ ভাৰতত পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ডৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে প্ৰবঞ্চক চক্ৰৰ বাবে মানুহক ঠগি ধন হৰলুকি কৰাৰ প্ৰধান অস্ত্ৰ স্বৰূপো হৈ পৰিছে এই আধাৰ কাৰ্ড। এনে পৰিপ্ৰেক্ষিততে আধাৰ কাৰ্ডক লৈ সকলোৱে সাৱধানতা অৱলম্বন কৰাতো প্ৰয়োজনীয় হৈ পৰিছে। 

আধাৰ কাৰ্ডৰ নামত বাংগালুৰুত কি চলিছে?

বাংগালুৰুত সংঘটিত এক ঘটনাত বিহাৰৰ দুজন লোক মহম্মদ পাৰভেজ এজদানি আৰু আবুজাৰ ছামিম আখতাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোক দুজনে অ’টিপিৰ বিচাৰি ফোনকল বা টেক্সট মেছেজৰ জৰিয়তেও কাৰো সৈতে কোনোধৰণৰ সম্পৰ্ক কৰা নাছিল। সেয়া প্ৰবঞ্চনাৰ চিকাৰ হোৱাৰ পিছতো ভুক্তভোগীয়ে তাৰ কোনো উমঘাম পোৱা নাছিল। বেংকৰ পৰা একাউণ্টযোগে ধন উলিওৱাৰ মেছেজ পোৱাৰ পিছতহে ভুক্তভোগীয়ে এই সম্পৰ্কে অৱগত হয়। 

এনে ঘটনা ২০১৮ চনত হায়দৰাবাদত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল। এই ঘটনাত মোবাইলৰ ছিম কাৰ্ডৰ সংযোগ দিয়া এগৰাকী দোকানীয়ে মানুহৰ পৰা ধন সৰকোৱাৰ উদ্দেশ্যে গ্ৰাহকৰ ফিংগাৰপ্ৰিণ্ট আৰু মোবাইল নম্বৰ ডুপ্লিকেট কৰিছিল।

বাংগালুৰুৰ ঘটনাটোত ভুক্তভোগীসকলৰ কোনোৱে সম্পত্তি বিক্ৰীৰ বাবে আৰু আন কোনোৱে আকৌ মাটি-বাৰী আদি পঞ্জীয়নৰ বাবে চৰকাৰী কাৰ্যালয়লৈ গৈছিল। পঞ্জীয়নৰ বাবে লোকসকলে চৰকাৰী পৰ্টেল 'কাবেৰী ২.০’ত নথি-পত্ৰ আপলোড কৰিবলগীয়া হৈছিল। পৰ্টেলটোত নথি-পত্ৰ আপলোড কৰাৰ লগে লগে সেয়া সাৰ্বজনীন বা ৰাজহুৱা হৈ পৰিছিল। 

দুষ্ট চক্ৰই সেই নথি ডাউনলোড কৰি ধন সৰকোৱাৰ বাবে উক্ত লোকসকলৰ আধাৰ নম্বৰ আৰু বায়’মেট্ৰিক তথ্য ব্যৱহাৰ কৰে। এই সমগ্ৰ ঘটনাটোত স্বস্তিৰ কথা এয়ে আছিল যে প্ৰবঞ্চনাৰে দুষ্ট চক্ৰটোৱে এদিনত ২৫ হাজাৰতকৈ অধিক ধন উলিয়াব পৰা নাছিল। কাৰণ এইপিএছ ব্যৱস্থাৰ জৰিয়তে এদিনত ইয়াতকৈ অধিক ধন উলিওৱাৰ সুবিধা দিয়া নহয়।

বাংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দই সংবাদ মাধ্যমৰ আগত কয়, ''এতিয়ালৈ পোহৰলৈ অহা ১১৬টা ঘটনাত প্ৰবঞ্চকে উলিয়াই নিয়া মুঠ ধনৰ পৰিমাণ আমি এতিয়ালৈকে সঠিককৈ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত আছে।’’

এই ঘটনাৰ পিছতে আধাৰ কাৰ্ডৰ সৈতে জড়িত বিষয়াসকলৰ পৰামৰ্শমতে কৰ্ণাটক চৰকাৰৰ পঞ্জীকৰণ বিভাগৰ তৰফৰ পৰা বিশেষ নিৰ্দেশ জাৰি কৰা হৈছে। ''যদি নাগৰিকসকলে আধাৰ কাৰ্ড নথি হিচাপে দিব বিচাৰে তেন্তে কাৰ্ডত থকা সংখ্যাৰ কেৱল শেষৰ চাৰিটা সংখ্যা দিব লাগিব। সংশ্লিষ্ট লোকসকলে আন নথি যেনে গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ, পান কাৰ্ড, ভোটাৰ কাৰ্ড আদিও দিব পাৰে। এতিয়াৰে পৰা পঞ্জীকৃত নথি-পত্ৰৰ কেৱল প্ৰথম পৃষ্ঠাটোহে কাবেৰী ২.০ পৰ্টেলত ৰাজহুৱা কৰা হ’ব।’’-নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰিছে কৰ্ণাটকৰ পঞ্জীকৰণ বিভাগে।

আধাৰ কাৰ্ডৰ সুৰক্ষাক লৈ প্ৰশ্ন

কৰ্ণাটকত পোহৰলৈ অহা এই ঘটনাই এতিয়া সকলোকে শংকিত কৰি তুলিছে। বিশেষকৈ চৰকাৰী ডাটাবেছত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা আছে নে নাই আৰু চৰকাৰী পৰ্টেলসমূহৰ ক্লাউড ছাৰ্ভাৰ এনক্ৰিপ্টেড হয় নে নহয় সেই লৈয়ো ভিন্নজনে প্ৰশ্ন তুলিছে।

বহুতে ধৃত লোকসকলৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ ব্যক্ত কৰিছে। ধৃত লোকসকলক আৰক্ষীয়ে নিজৰ সফলতা জাহিৰ কৰিবলৈ বলিৰ পঠা সজাই আঁৰত থকা বৃহৎ চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ তুলিছে। 

এই সন্দৰ্ভত ছিকিউৰিটি কনছালটেন্সি ছাৰ্ভিচেছৰ চাইবাৰ সুৰক্ষা বিষয়া শশীধৰে চিএনে এইদৰে কৈছে, ''এই ঘটনাৰ আচলতে চিবিআই তদন্ত হোৱা উচিত। কিয়নো এই ঘটনা সমগ্ৰ দেশৰ সুৰক্ষাৰ বাবেই ভাবুকিস্বৰূপ।’’ 

ব্যক্তিগত সংস্থাসমূহেও বিচাৰে আধাৰ কাৰ্ড!

কেৱল যে চৰকাৰী কাম-কাজতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় তেনে নহয়। বহু ব্যক্তিগত সংস্থায়ো নিজৰ গ্ৰাহকসকলৰ পৰা নথি-পত্ৰ হিচাপে আধাৰ কাৰ্ড বিচাৰে। ফলত ব্যক্তিগত সংস্থাসমূহে সংগ্ৰহ কৰা এনে নথি-পত্ৰৰ জৰিয়তেও বৃহৎ অঘটন সংঘটিত হোৱাৰ আশংকা দিনে দিনে বৃদ্ধি পাই আহিছে।

মুম্বাইস্থিত ডাইৰেক্ট ছেলিং কনছালটেন্সি 'ষ্ট্ৰেটেজি ইণ্ডিয়া’ৰ সৈতে জড়িত প্ৰাঞ্জল আৰু ডেনিয়েল নামৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ দুগৰাকীয়ে বিবিচি আৰু চিএনএনকে ধৰি কেবাটাও সংবাদ মাধ্যমক জনোৱা মতে ভাৰতত ৬০০তকৈয়ো অধিক কোম্পানীয়ে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে ডাইৰেক্ট ছেলিং মডেল ব্যৱহাৰ কৰি আহিছে।

এনে ক্ষেত্ৰত উক্ত কোম্পানীসমূহে তথ্য প্ৰযুক্তি আইন ২০০০, ডিজিটেল ব্যক্তিগত ডাটা সংৰক্ষণ আইন ২০২৩, উপভোক্তা সংৰক্ষণ (প্ৰত্যক্ষ বিক্ৰী) নিয়ম ২০২১ আৰু উপভোক্তা সংৰক্ষণ (ই-কমাৰ্চ) নিয়ম ২০২০ৰ নিয়ম পালন কৰাতো বাধ্যতামূলক। উল্লিখিত আইন অনুযায়ী কোম্পানীসমূহে সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ ডাটাসমূহ ভাৰতস্থিত ছাৰ্ভাৰত সংৰক্ষণ কৰিব লাগে।

কিন্তু একাধিক ডাইৰেক্ট ছেলিং কোম্পানীয়ে এতিয়াও নিজৰ প্ৰত্যক্ষ বিক্ৰেতা আৰু গ্ৰাহকসকলৰ ডাটা ভাৰতৰ বাহিৰত থকা ছাৰ্ভাৰত সংগ্ৰহ কৰি আহিছে। এই ডাটাসমূহ গ্ৰাহকৰ পঞ্জীয়ন আৰু অৰ্ডাৰৰ সময়ত ৱেবছাইটযোগে লোৱা হয়।

এই সন্দৰ্ভত ডেনিয়েলে কয়, ''বহু দুই নম্বৰী কোম্পানীয়ে মাল্টিলেভেল মাৰ্কেটিং স্কিমকে ভাৰতত ডাইৰেক্ট ছেলিং কোম্পানী হিচাপে দেখুৱাই অহা হৈছে। এনে কোম্পানীসমূহে বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ ক্ৰিপ্টোকাৰেন্সিৰ ব্যৱহাৰ কৰি সংবেদনশীল ডাটা একত্ৰিত কৰে আৰু সেয়া বিক্ৰী কৰি দিয়ে। আমাৰ দেশত প্ৰতিদিনে ২০ৰো অধিক এনেধৰণৰ অভিযান বৃহৎ পৰিসৰত চলি আহিছে।’’

তেওঁ আৰু কয়, ''আমাৰ টীমে প্ৰবঞ্চনা কৰা এনে এমএলমএম কোম্পানীসমূহক চিনাক্ত কৰি তেনে কোম্পানীৰ কাম কৰাৰ ধৰণ জানিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। তেনে কোম্পানী ধৰা পৰিলেি আমি উক্ত কোম্পানীক স্কেম এলাৰ্ট সূচীত অন্তৰ্ভুক্ত কৰো। আমি দেশবাসীক দুই নম্বৰী এমএলএম কোম্পানীৰ পৰা সতৰ্ক কৰি দিবলৈ এই কাম কৰি আহিছো। আমাৰ ৱেবছাইটত এতিয়ালৈকে ৪০০০ৰো অধিক এনেধৰণৰ এমএলএম প্ৰবঞ্চনাৰ তালিকা আপলোড হৈ আছে।’’

ডেনিয়েল আৰু প্ৰাঞ্জলে আৰু কয় যে গ্ৰাহকসকলে এমএলএমত কেৱাইচি জমা দিয়াৰ সময়ত আধাৰ কাৰ্ড ব্যৱহাৰ কৰাতো মুঠেই সুবিধাজনক নহয়। সুৰক্ষাজনিত কাৰণত চাইবাৰ বিশেষজ্ঞ দুগৰাকীয়ে দেশবাসীক ব্যক্তিগত কোম্পানীসমূহৰ ৱেবছাইটত পৰাপক্ষত আধাৰ কাৰ্ড আপলোড নকৰিবলৈকো আহ্বান জনায়।

আধাৰ কাৰ্ড লক আৰু আনলক

দিন যোৱাৰ লগে লগে আধাৰ কাৰ্ডৰ ব্যৱহাৰ অধিক হৈ আহিছে। ব্যৱহাৰ অধিক হোৱাৰ লগে লগে দুষ্ট চক্ৰয়ো ইয়াৰ অপব্যৱহাৰ কৰিবলৈ উঠি-পৰি লাগিছে। সেয়ে সুৰক্ষিতভাৱে আধাৰ কাৰ্ডৰ ব্যৱহাৰ কিদৰে কৰিব পাৰি আৰু কেনেকৈ দুষ্ট চক্ৰৰ পৰা হাত সাৰি থাকিব পাৰি সেয়া জনাটোও অধিক প্ৰয়োজনীয় হৈ পৰিছে।

মুম্বাইস্থিত অপেন লায়েবিলিটি এলায়েন্সৰ মুৰব্বী দীনেশ বৰেজাই বিবিচিৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, ''প্ৰমাণ পত্ৰৰ জৰিয়তে নিজৰ পৰিচয় দিয়াৰ ক্ষেত্ৰত আধাৰ কাৰ্ডেই এতিয়া প্ৰথম পছন্দ সদৃশ হৈ পৰিছে। ফলত সুৰক্ষাজনিত দিশটো অধিক চিন্তিত হৈ পৰিছে। অৱশ্যে আধাৰ কাৰ্ডৰ সৈতে এনে কিছু সুৰক্ষা প্ৰণালী আছে যি বিষয়ে বহুতেই জ্ঞাত নহয়। এনে এক উপায় হৈছে আধাৰ কাৰ্ড এবাৰ ব্যৱহাৰৰ পিছত সেয়া লক কৰি দিয়াতো। লক কৰাৰ পিছত আকৌ যেতিয়াই আপোনাক প্ৰয়োজন হ’ব তেতিয়া আকৌ আনলক কৰি ল’ব পাৰিব। এয়া আপোনাৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ লেন-দেনৰ সীমা নিৰ্ধাৰণ কৰি দিয়াৰ সৈতে একেি বুলিব পাৰি। গতিকে নিয়ন্ত্ৰণ আপোনাৰ হাততেই আছে।’’ 

বৰেজাই আৰু কয়, ''জনসাধাৰণৰ মাজত আধাৰ কাৰ্ডৰ ব্যৱহাৰক লৈ সজাগতা সৃষ্টিৰ বাবে আজিলৈকে চৰকাৰে কিয় এটকাও খৰছ নাই কৰা সেয়া মই বুজি পোৱা নাই। আধাৰ কাৰ্ডত যে লক আৰু আনলকৰ সুবিধা আছে সেয়া চৰকাৰে মানুহক জনোৱা উচিত। আধাৰ কাৰ্ডৰ যি মূল ৱেবছাইট সেয়া ইমান বিশাল যে সৰ্বসাধাৰণে ক’ত, কেনেকৈ সেই সুবিধা পাব পাৰি সেয়া সহজতে বিচাৰি উলিওৱাতো সম্ভৱ নহয়।’’

''প্ৰবঞ্চনা যেনেকৈয়ে নহওক কিয় ইয়াৰ আৰম্ভণিৰ এটা বিন্দু থাকে। সেয়া হ’ল আপুনি জানি-বুজি বা নজনাকৈ কোনো লিংক আদিত ক্লিক কৰিছে। ইয়াৰ লগে লগে আপোনাৰ ওপৰত সংঘটিত হয় দুষ্ট চক্ৰৰ চাইবাৰ আক্ৰমণ। যিদৰে আপোনাৰ ঘৰত চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ পূৰ্বে ঘৰটোৰ বিষয়ে আগতীয়াকৈ নিৰীক্ষণ কৰি লয় ঠিক তেনেকৈ চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰতো আক্ৰমণকাৰীয়ে আগতীয়াকৈ নিৰীক্ষণ কৰে। সেয়ে নিৰীক্ষণৰ সুযোগ আমি দিব নালাগিব।’’-বৰেজাই সৰ্বসাধাৰণক সকীয়াই দি এই মন্তব্য কৰে।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

কি কৰিব, কি নকৰিব?

চাইবাৰ বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু আৰক্ষীয়ে আধাৰ কাৰ্ডৰ ব্যৱহাৰক লৈ বিভিন্ন সময়ত বিভিন্ন সকীয়নি প্ৰদান কৰি আহিছে। তাৰ ভিত্তিত আধাৰ কাৰ্ডক লৈ কিদৰে সতৰ্ক হৈ থাকিব পাৰি তাৰে কেইটামান উপায় আগবঢ়োৱা হ’ল।

• নথি-পত্ৰত আধাৰ কাৰ্ডৰ নম্বৰ দিয়াতো বাধ্যতামূলক নহয়। বাস্তৱিকতে আইন অনুযায়ী আধাৰ কাৰ্ডৰ ব্যৱহাৰ কেৱল দুই-এক পৰিস্থিতিতহে কৰা উচিত।

• বেংক একাউণ্ট খোলা, মোবাইল সংযোগ লোৱা, স্কুলত এডমিশ্যন লোৱা, ব্যক্তিগত কোম্পানীত পঞ্জীয়ন আদিৰ ক্ষেত্ৰত পৰাপক্ষত ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আদিৰ দৰে আন পৰিচয় পত্ৰ দিব লাগে।

• যদিহে কোনো নথি ৰাজহুৱা কৰা হৈছে তেতিয়া সম্পূৰ্ণ আধাৰ নম্বৰ উল্লেখ নকৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ কেৱল শেষৰ চাৰিটা সংখ্যাৰহে উল্লেখ কৰিব।

• আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ চাৰিটা সংখ্যা লিখি 1947 নম্বৰলৈ এছএমএছ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপুনি অস্থায়ী ব্যৱহাৰৰ বাবে এটা ভাৰ্চুৱেল আইডি  নম্বৰ লাভ কৰিব।

• এবাৰ আধাৰ নম্বৰ ব্যৱহাৰৰ পিছত আধাৰ কাৰ্ড লক কৰিব পাৰি। আধাৰ কাৰ্ড লক আৰু আনলক কৰাৰ অপশ্যন ইউআইডিএআইৰ ৱেবছাইটত উপলব্ধ।

• চৰকাৰী সংস্থা আদিক ফিংগাৰ প্ৰিণ্ট পোনপটীয়াকৈ ব্যৱহাৰৰ অনুমতি নিদিব। নথি-পত্ৰত আঙুলিৰ চাপ অস্পষ্টকৈ দিয়া উচিত। যদি নথি-পত্ৰৰ প্ৰতিলিপি লোৱা হৈছে আৰু আঙুলিৰ চাপ লোৱা হৈছে তেতিয়া প্ৰতিলিপিত আঙুলিৰ চাপটো কাটি দিয়া উচিত যাতে আনে সেয়া নকল কৰি ৰব’টিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে।

• একেখন প্ৰ-পত্ৰত কেতিয়াও আধাৰ নম্বৰ, ফিংগাৰপ্ৰিণ্ট আৰু নামৰ ব্যৱহাৰ নকৰিব।

• আপোনাৰ বেংক একাউণ্ট, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙত লেনদেনৰ সীমা নিৰ্দিষ্ট কৰি ৰাখক। যেতিয়া আপুনি সেয়া নিজে ব্যৱহাৰ কৰে আৰু প্ৰয়োজন হয় তেতিয়াহে সেয়া বন্ধ কৰিব।

• যদিহে আপুনি চাইবাৰ আক্ৰমণকাৰীৰ কবলত পৰিছে তেন্তে লগে লগে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1930ত ফোন কৰক। তেতিয়া আৰক্ষীয়ে যিটো একাউণ্ট নম্বৰলৈ ধন ট্ৰেন্সফাৰ হৈছে সেই নম্বৰটো ট্ৰেক কৰিব আৰু ধন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব পাৰিব। অৱশ্যে পইছা ঘূৰাই পোৱাতো পৰ্বতত কাছকণী পোৱা সদৃশ।

৮১.৫ কোটি ভাৰতীয়ৰ আধাৰৰ তথ্য হৰলুকী

দিনদিয়েক পূৰ্বে প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৮১.৫ কোটি ভাৰতীয়ৰ আধাৰ কাৰ্ডৰ তথ্য চুৰি হৈছে। সেই সবিশেষ ডাটা 'ডাৰ্ক ইণ্টাৰনেট’ত এৰি দিয়া হৈছে বুলিও উক্ত প্ৰতিবেদনত প্ৰকাশ পাইছিল।

অৱশ্যে এই সম্পৰ্কে ইউআইডিএআই-এ কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বিবিচিত প্ৰকাশিত এক প্ৰতিবেদনতো কোৱা হৈছে যে বিবিচিৰ তৰফৰ পৰা ইউআইডিএআইৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও অধিকাংশ শীৰ্ষ বিষয়াই মতামত দিবলৈ অস্বীকাৰ কৰিছিল।