নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ পঞ্চবিংশতিতম অধিবেশনখনি অহা ২৪ ফেব্ৰুৱাৰীত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব৷

শংকৰজ্যোতি শাখা সাহিত্য সভা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ যৌথ উদ্যোগত আয়োজিত অধিবেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ অৰ্থে ইতিমধ্যে ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, প্ৰাক্তন পৌৰপতি প্ৰহ্লাদ ৰায় টোদীক পৃষ্ঠপোষক, শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ দাসক সভাপতি আৰু কাতিবৰ চেঙাক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে৷

প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পুৱা ৮-৪৫ বজাত নগাঁও জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি ৰতিমোহন নাথে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে স্মৃতি তৰ্পন কৰিব নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি ভৱেশ মেধী আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সভাপতি গোপেশ্বৰ বৰাই ৷

পুৱা ১০-৩০ বজাত প্ৰতিনিধি সভা আৰু বিয়লি ১-৩০ বজাৰ পৰা মুকলি অধিবেশন অনুষ্ঠিত হ’ব৷ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে শুভ উদ্বোধন কৰিবলগীয়া মুকলি অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি ড° হেমন্ত কুমাৰ বৰুৱা, পদ্মশ্ৰী সূৰ্য হাজৰিকা, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷

উক্ত অধিবেশনতে বিশিষ্ট লেখক, গৱেষক ড° সাৰদানন্দ দেৱগোস্বামীক তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক ড° সূৰ্য কুমাৰ ভূঞা সাহিত্য বঁটা, সু-লেখিকা ড° থুনু কলিতাক নগাঁও জিলা সাহিত্য সভা বঁটা প্ৰদানৰ উপৰি নগাঁও জিলা সাহিত্য সভাৰ প্ৰেৰণা, সাধনা, শ্ৰেষ্ঠ সংগঠক উদ্গনিমূলক বঁটা আদি প্ৰদান কৰা হ’ব বুলি নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰ নাথ সূতে জানিবলৈ দিছে৷

গতিকে অধিবেশনখনিৰ সকলো কাৰ্যসূচীতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ শাখা সাহিত্য সভাৰ প্ৰতিনিধিসকলৰ লগতে সাহিত্যপ্ৰেমী ৰাইজক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলৰ হৈ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, আদৰণি সমিতিৰ সম্পাদক কাতিবৰ চেঙা আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সম্পাদক প্ৰভাত চন্দ্ৰ দেউৰীয়ে অনুৰোধ জনাইছে৷