নলবাৰীঃ নলবাৰীৰ যুৱ নেতা ৰঞ্জিত বৰ্মনলৈ আগবঢ়োৱা হৈছে সদৌ অসম সাহিত্য সন্মিলনে ঘোষণা কৰা ঐক্যতান বঁটাৰ অন্তৰ্গত শ্ৰেষ্ঠ যুৱ সংগঠক বঁটা।

স্কুলীয়া দিনৰে পৰা ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত বৰ্মন এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদকৰ দায়িত্বত আছিল।

সদৌ অসম নবীন লেখক-লেখিকা আৰু শিল্পী সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰো প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্মনে বৰ্তমান নলবাৰী নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আৰু উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰঞ্জিত বৰ্মনে। নলবাৰী জিলাৰ এমেছাৰ বক্সিং এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰঞ্জিত বৰ্মনে গীতিকাৰ হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ কেবাটাও গীতত ইতিমধ্য়ে কেবাগৰাকীও প্ৰখ্যাত কণ্ঠশিল্পীয়ে কণ্ঠ নিগৰাইছে।