newsnextone.com | কোকৰাঝাৰঃ কৰ্বী (CoRBIE) নামৰ সেচ্ছাসেৱী সংস্থাৰ কোকৰাঝাৰ শাখাৰ উদ্যোগত যোৱা ৫ আগষ্টত ছালাকাটিস্থিত বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত সৰ্প দংশনৰ সময় গ্ৰহণ কৰিবলগীয়া সজাগতা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে। 

সজাগতা সভাত বিষাক্ত আৰু অবিষাক্ত সাপৰ চিনাক্তকৰণ, প্ৰকৃতি আৰু মানৱ সমাজত সাপৰ ভূমিকা, সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসা, চিকিৎসা বিজ্ঞানত সাপৰ ভূমিকা, সাপ সংৰক্ষণ আৰু ইয়াৰ আইনী স্থিতি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।

অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি  ইণ্ডিয়ান ইনষ্টিটিউট অব চাইন্স (indian institute of science)ৰ বিজ্ঞানী ডা০ দিগন্ত দাসে ছালাকাটিস্থিত এনটচিপিৰ বিষয়া-কৰ্মচাৰীক সাপৰ প্ৰকৃতি আৰু মানৱ সমাজত সাপৰ ভূমিকা, সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসা, চিকিৎসা বিজ্ঞানত সাপৰ ভূমিকা, বিষাক্ত-অবিষাক্ত সাপৰ চিনাক্তকৰণ আদি সন্দৰ্ভত বাখ্যা আগবঢ়ায়। 

তদুপৰি বিজ্ঞানী ডা০ দিগন্ত দাসে সাপ সম্পৰ্কে থকা বিভিন্ন প্ৰশ্ন, কৌতুহল সন্দৰ্ভতো বাখ্যা আগবঢ়ায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্বীৰ প্ৰতিষ্ঠাপক নবজিত বৰ্মনে সাপৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। সাপ সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণাৰ বাবেই সাপ সংৰক্ষণ এক প্ৰত্যাহ্বানমুলক কাৰ্যত পৰিণত হৈছে বুলি উল্লেখ কৰি ৰাজ্যত এখন সৰ্প উদ্যানৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে।

 সৰ্প উদ্যানে পৰ্যটনৰ ভেটিও শক্তিশালী কৰিব বুলি মন্তব্য কৰি চৰকাৰে বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনাইছে নৱজিৎ বৰ্মনে । উক্ত সজাগতা সভাত কৰ্বীৰ কোকৰাঝাৰ জিলা শাখাৰ সভাপতি নিপন দেৱনাথকে ধৰি আন কেবাগৰাকী প্ৰকৃতিপ্ৰেমী উপস্থিত থাকে। সজাগতা সভাত এনটিপিচিৰ বিষয়া-কৰ্মচাৰীসকলে কৰ্বীৰ প্রকৃতি সংৰক্ষণৰ প্ৰচেষ্টা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অনাগত সময়ছোৱাত কৰ্বীৰ প্ৰকৃতি সংৰক্ষণৰ আন্দোলনত এনটপিচিয়ে সহযোগ আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰে ।