মঙলবাৰে উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদানৰ দাবীত দাখিল কৰা আবেদন সন্দৰ্ভত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে আবেদনৰ ৰায়দান কৰি কয় যে এই আইনখনে সমকামী দম্পতীৰ বিবাহৰ অধিকাৰক স্বীকৃতি নিদিয়ে আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰাতো আদালতৰ নহয়, সংসদৰহে কাম। দেশৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এই গোচৰৰ ৰায়দান কৰি কয় যে আদালতে আইন প্ৰণয়ন কৰিব নোৱাৰে, আইন কাৰ্যকৰীহে কৰিব পাৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কেন্দ্ৰৰ মতামতৰ সৈতে একমত প্ৰকাশ কৰি এই কথাও কয় যে আইনৰ সালসলনি কৰিলে অন্যান্য আইনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে সমকামী বিবাহক লৈ প্ৰদান কৰে এই ৰায়দান।

ৰায়দানৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই কথাও স্পষ্ট কৰি দিয়ে যে আদালতে সংসদ বা ৰাজ্যৰ বিধায়িনী দলক বিবাহৰ নতুন আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰিব নোৱাৰে। তেওঁ লগতে কয় যে কেৱল সমকামী বিবাহক স্বীকৃতি নিদিয়াৰ বাবেই আদালতে বিশেষ বিবাহ আইনখনক অসাংবিধানিক বুলি ঘোষণাও কৰিব নোৱাৰে।

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে আদালতে বিশেষ বিবাহ আইনখনৰ পুনৰ খচৰা প্ৰস্তুত কৰিব নোৱাৰে আৰু অন্যান্য আইনী বিধান সলনি কৰিব নোৱাৰে। তেওঁ কয় যে ‘ন্যায়িক আইন’ বুলি কোনো আইন থাকিব নোৱাৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে যদি উচ্চতম ন্যায়ালয়ে বিশেষ বিবাহ আইন বাতিল কৰে তেন্তে ই দেশখনক পুনৰ স্বাধীনতাৰ পূৰ্বৰ যুগলৈ লৈ যাব। একে সময়তে যদি আদালতে আনটো পথ গ্ৰহণ কৰে আৰু এই আইনত কোনো বিশেষ শব্দ যোগ কৰে, তেন্তে সেয়া হ’ব বিধায়িনী দলৰ ভূমিকা পালন কৰাৰ দৰে।

কি ক’লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে?

দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বিবাহৰ অধিকাৰ সংশোধন কৰাৰ অধিকাৰ বিধায়িনী দলৰ আছে, কিন্তু এলজিবিটিকিউ+ লোকৰ সংগী বাছি লৈ একেলগে থকাৰ অধিকাৰ আছে আৰু চৰকাৰে তেওঁলোকক দিয়া অধিকাৰক স্বীকৃতি দিব লাগিব, যাতে এই দম্পতীহালে কোনো হেঁচা নোহোৱাকৈ একেলগে থাকিব পাৰে আৰু জীয়াই থাকিব পাৰে।

তেওঁ কয় যে একেলগে থকাৰ অধিকাৰৰ ভিতৰত নিজৰ সংগী বাছনি কৰাৰ অধিকাৰ আৰু সেই সম্পৰ্কক স্বীকৃতি পোৱাৰ অধিকাৰো অন্তৰ্ভুক্ত। চিজেআইয়ে কয় যে, “এনে দম্পতীক স্বীকৃতি নিদিয়াটো সমকামী দম্পতীৰ বিৰুদ্ধে বৈষম্য কৰাৰ সমান হ’ব।”

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ এই মন্তব্যৰ পিছতে ছলিচিটৰ জেনেৰেলে কয় যে কেন্দ্ৰীয় চৰকাৰে এখন কমিটি গঠন কৰিব, যিয়ে সমকামী দম্পতীক কি অধিকাৰ দিব পৰা যায় সেই বিষয়ে অধ্যয়ন কৰিব।

চি জে আইয়ে কয়, "জীৱন সংগী বাছনি কৰাটো নিজৰ জীৱনৰ দিশ বাছনি কৰাৰ এক অবিচ্ছেদ্য অংগ। কিছুমান মানুহৰ বাবে ই তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। এই অধিকাৰ দেশৰ প্ৰতিজন নাগৰিকে লাভ কৰা প্ৰয়োজন।"

ইয়াৰ মাজতে আদালতে লগতে কয় যে যদি দুজন সমকামীয়ে ইজনে সিজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰে আৰু তেওঁলোকে নিজকে ট্ৰেন্স-মেন আৰু ট্ৰেন্স-ফিমেল বুলি পৰিচয় দিয়ে, তেন্তে তেওঁলোকৰ বিবাহ 'বিশেষ বিবাহ আইন’ৰ অধীনত পঞ্জীয়ন কৰিব পৰা যাব। চিজেআইয়ে লগতে কয় যে পুৰুষ আৰু মহিলা বুলি পৰিচয় দিয়া সকলো এলজিবিটিকিউ দম্পতীয়েও বিবাহপাশত আবদ্ধ হ’ব পাৰে।

সন্তান তুলি লোৱাৰ সন্দৰ্ভত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, “কেৱল সাধাৰণ দম্পতীয়েহে শিশুটিক সুস্থিৰ জীৱন প্ৰদান কৰিব পাৰে বুলি দেখুৱাব বা প্ৰমাণ কৰিব পৰাকৈ কোনো সামগ্ৰী ৰেকৰ্ডত নাই।”

এলজিবিটিকিউএআই দম্পতীৰ পক্ষত থিয় দি চিজিআইয়ে কয় যে এই সম্প্ৰদায়ৰ লোকসকলক থানালৈ ফোন কৰি তেওঁলোকৰ যৌন পৰিচয়ৰ বিষয়ে সোধা-পোছা কৰি হাৰাশাস্তি কৰা উচিত নহয়। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আৰক্ষীয়ে সমকামী সকলক ঘৰলৈ উভতি যাবলৈ হেঁচা প্ৰয়োগ কৰিব নালাগে। লগতে, কোনো সমকামী দম্পতীৰ বিৰুদ্ধে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত এফআইআৰ পঞ্জীয়ন কৰাৰ আগতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰিব লাগে বুলিও মন্তব্য কৰে মুখ্য ন্যায়াধীশে।

চিজেআইয়ে কয় যে সমকামী দম্পতীকে ধৰি অবিবাহিত দম্পতীয়েও সন্তান তুলি ল’ব পাৰে। ৰেচন কাৰ্ড, পেঞ্চন আৰু উত্তৰাধিকাৰকে ধৰি সমকামী দম্পতীৰ বিভিন্ন প্ৰয়োজনীয় বিষয়সমূহ বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেবিনেট সচিবৰ নেতৃত্বত এখন কমিটী গঠনৰ কাম আগবঢ়াই নিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

'সমকামী সম্পৰ্ক নতুন ব্যৱস্থা নহয়'

ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয় যে সমকামী সম্পৰ্কক প্ৰাচীন কালৰে পৰা স্বীকৃতি দিয়া হৈছে। এই সম্পৰ্কবোৰ কেৱল যৌন কাৰ্য্যকলাপৰ বাবেই নাছিল বৰঞ্চ আৱেগ পূৰণৰ বাবেও আছিল। ন্যায়াধীশ কৌলে নিজৰ মন্তব্যৰ সময়ত কেতবোৰ প্ৰাচীন পৰম্পৰাৰ কথাও উল্লেখ কৰে।

ন্যায়াধীশ কৌলে কয় যে তেওঁ চিজেআইৰ এই নিৰ্দেশত সন্মতি প্ৰকাশ কৰিছে। ন্যায়াধীশ কৌলে লগতে কয় যে বিশেষ বিবাহ আইনত যিকোনো যোগ বা বিয়োগৰ পৰিণতি ব্যাপক হ’ব পাৰে। তেওঁ কয় যে সমকামী দম্পতী আৰু সাধাৰণ দম্পতীক এটা মুদ্ৰাৰ দুফাল হিচাপে চাব লাগে। ন্যায়াধীশ কৌলে আৰু কয় যে ইতিহাসত কৰা অন্যায় আৰু বৈষম্যৰ উন্নতিৰ বাবে এয়া এক সুযোগ আৰু চৰকাৰে এনে বিবাহ আৰু সম্পৰ্কক অধিকাৰ দিব লাগে।

ন্যায়াধীশ ৰবীন্দ্ৰ ভাটৰ যুক্তি

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় আৰু ন্যায়াধীশ কৌলৰ মন্তব্যৰ বিপৰীতে গৈ সমকামী দম্পতীক সন্তান তুলি লোৱাৰ অধিকাৰ দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে। ন্যায়াধীশ পি এছ নৰসিংহয়ো তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰে। ন্যায়াধীশ ভাটে অৱশ্যে কয় যে ৰাজ্যসমূহে নিশ্চিত কৰিব লাগে যে সমকামী সম্প্ৰদায়ৰ লোকসকলক যাতে হাৰাশাস্তি কৰা নহয়।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিব লাগে যিয়ে সমকামী দম্পতীক কি অধিকাৰ আৰু সুবিধা দিব পাৰি সেই বিষয়ে চোৱাচিতা কৰিব। লগতে তেওঁ কয় যে সমকামী সম্পৰ্কত বাস কৰা এলজিবিটিকিউসকলৰ বিবাহৰ অধিকাৰ আছে।

ন্যায়াধীশ পি এছ নৰসিংহ আৰু হিমা কোহলিৰ স্থিতি

ন্যায়াধীশ পি এছ নৰসিংহই ন্যায়াধীশ ৰবীন্দ্ৰ ভাটৰ সৈতে একমত প্ৰকাশ কৰে। অৱশ্যে সমকামী দম্পতীক বাদ দিয়া চৰকাৰী আঁচনি যেনে পেঞ্চন, পি এফ, গ্ৰেচুইটি, বীমা আদিত এনে দম্পতীক অন্তৰ্ভুক্তিৰ বিষয়টো পুনৰীক্ষণ কৰিব লাগে বুলিও তেওঁ কয়। 

তেওঁ কয় যে বিবাহৰ অধিকাৰ সাংবিধানিক অধিকাৰ হোৱাৰ লগতে ৰীতি-নীতি অনুসৰি চলি আছে। ন্যায়াধীশ হিমা কোহলিয়েও ন্যায়াধীশ ৰবীন্দ্ৰ ভাটৰ স্থিতিত সন্মতি প্ৰকাশ কৰে।

ৰায়দানত সংখ্যালঘুত পৰিণত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

মঙলবাৰে উচ্চতম ন্যায়ালয়ে যেতিয়া সমলিংগ দম্পতীক বিবাহৰ অধিকাৰ সন্দৰ্ভত কৰা ৰায়দানৰ সময়ত সংখ্যালঘুত পৰিণত হোৱা দেখা যায় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক। সমকামী বিবাহৰ ৰায়দানৰ সময়ত পাঁচজনীয়া বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় আৰু ন্যায়াধীশ কৌলে সমকামী দম্পতীয়ে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে বিচাৰপীঠৰ আন তিনিগৰাকী ন্যায়াধীশ ক্ৰমে ৰবীন্দ্ৰ ভাট, পিএছ নৰসিংহ আৰু হিমা কোহলিয়ে ইয়াৰ বিৰোধিতা কৰে।  

উল্লেখ্য যে, সংবিধান বিচাৰপীঠত কমেও পাঁচজন জ্যেষ্ঠ ন্যায়াধীশ থাকে, যাৰ সংখ্যা ১৩জনলৈকে হ’ব পাৰে। কিন্তু নিয়মটো হ’ল এই সংখ্যা সদায় অযুগ্ম হয়, যাতে যিকোনো বিষয়ত মতানৈক্য হ’লে সংখ্যাগৰিষ্ঠতাৰে সিদ্ধান্ত ল’ব পৰা যায়। আনহাতে সংবিধান বিচাৰপীঠৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ সংখ্যালঘু হোৱাৰ ঘটনা এক শতাংশতকৈও কম গোচৰৰ ক্ষেত্ৰতহে পৰিলক্ষিত হৈছে।

সমকামী বিবাহৰ অধিকাৰৰ দাবীত উচ্চতম ন্যায়ালয়ত দাখিল কৰা মুঠ ২১খন আবেদনৰ শুনানিত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে কয় যে সমলিংগ আৰু এলজিবিটি+ দম্পতীৰ বাবে বিবাহ মৌলিক অধিকাৰ নহয়। যদিও মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে কয় যে সমলিংগ দম্পতীৰ নাগৰিক অংশীদাৰিত্বৰ অধিকাৰ আছে আৰু সন্তানো তুলি ল’ব পাৰিব লাগে, তথাপিও আন তিনিগৰাকী ন্যায়াধীশে এই কথাত অসন্মতি প্ৰকাশ কৰে।

উল্লেখ্য যে, ভাৰতৰ মুখ্য ন্যায়াধীশক মাষ্টাৰ অৱ ৰষ্টাৰ বুলিও অভিহিত কৰা হয়। ইয়াৰ অৰ্থ হ'ল কোনজন ন্যায়াধীশে কোনটো বিশেষ গোচৰৰ শুনানি ল'ব সেয়া নিৰ্ধাৰণ কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকে মুখ্য ন্যায়াধীশগৰাকীৰ। শেহতীয়াকৈ প্ৰকাশিত ‘ক’ৰ্ট অন ট্ৰায়েল’ নামৰ গ্ৰন্থখনত উল্লেখ থকা অনুসৰি, ন্যায়াধীশসকলৰ ন্যায়িক চিন্তাধাৰাই গোচৰৰ বিচাৰত প্ৰভাৱ পেলাব পাৰে। 

অন্যহাতে গৱেষণাৰ পৰা দেখা গৈছে যে বিশেষকৈ সংবিধানৰ বিচাৰপীঠত অতি সীমিত সংখ্যক গোচৰত মুখ্য ন্যায়াধীশৰ মত সংখ্যালঘুত পৰিণত হৈ আহিছে। ২০১৯ চনলৈকে ১৬০৩টা গোচৰৰ ভিতৰত মাত্ৰ ১১টা সংবিধান বিচাৰপীঠৰ গোচৰত অৰ্থাৎ প্ৰায় ০.৭ শতাংশ গোচৰত মুখ্য ন্যায়াধীশৰ মত সংখ্যালঘুত পৰিণত হৈছিল।

স্বতন্ত্ৰ গৱেষক নিক ৰবিনছনে কৰা গৱেষণা অনুসৰি, ১৯৫০ চনৰ পৰা ২০০৯ চনলৈকে কৰা এক অধ্যয়নত ১৫৩২টা সংবিধান বিচাৰপীঠৰ গোচৰৰ ভিতৰত মাত্ৰ ১০টা গোচৰত মুখ্য ন্যায়াধীশৰ মত সংখ্যালঘু হৈছিল, আনহাতে ২০০৯ চনলৈকে সংবিধান বিচাৰপীঠত সামগ্ৰিকভাৱে মতানৈক্যৰ হাৰ আছিল ১৫ শতাংশ।

শেহতীয়াকৈ প্ৰকাশিত ‘কোৰ্টছ অন ট্ৰায়েল’ নামৰ গ্ৰন্থখনৰ মতে ২০১০ চনৰ পৰা ২০১৫ চনলৈকে ৩৯টা গোচৰত মুখ্য ন্যায়াধীশগৰাকী কেতিয়াও মতানৈক্য বা সংখ্যালঘুত নাছিল। ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতীয় অধিবক্তা শ্ৰুতঞ্জয় ভৰদ্বাজৰ গৱেষণা অনুসৰি ৩২টা গোচৰত মুখ্য ন্যায়াধীশগৰাকী কেতিয়াও মতানৈক্য বা সংখ্যালঘুত নাছিল। যোৱা বছৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণৰ সাংবিধানিকতাৰ সিদ্ধান্তত মতানৈক্য প্ৰকাশ কৰিছিল আৰু তেওঁৰ মত সংখ্যালঘুত পৰিণত হৈছিল।

সমকামী বিবাহক লৈ বিশেষজ্ঞসকলে কি কয়?

সমকামী বিবাহৰ সিদ্ধান্তক লৈ বিশেষজ্ঞসকলৰ মতামত ভিন্ন হোৱা পৰিলক্ষিত হৈছে। সংবাদ সংস্থা বিবিচিৰ সৈতে হোৱা কথা-বতৰাত স্বতন্ত্ৰ গৱেষক নিক ৰবিনছনে কয়, “মুখ্য ন্যায়াধীশৰ মতানৈক্যই হয়তো ইংগিত দিব পাৰে যে আদালতৰ অধিকাংশ ন্যায়াধীশে তেওঁৰ স্থিতিৰ সৈতে একমত নহয়, যিটো ন্যায়াধীশ চন্দ্ৰচূড়ৰ বাবে নতুন কথা নহয়। কিয়নো মুখ্য ন্যায়াধীশ হোৱাৰ আগতেও তেওঁৰ আনৰ সৈতে মতানৈক্য আছিল আৰু আধাৰ কাৰ্ডৰ সাংবিধানিকতাৰ দৰে বহু বিষয়ত তেওঁৰ মত অন্য ন্যায়াধীশতকৈ পৃথক আছিল।"

ন্যায়িক মতানৈক্যৰ ওপৰত লিখা আইনী শিক্ষাবিদ কৃতিকা অশোকে কয়, "আমি যেতিয়া মুখ্য ন্যায়াধীশৰ মতানৈক্য দেখিবলৈ পাওঁ, তেতিয়া ইয়াৰ অৰ্থ কি হ'ব সেয়া স্পষ্ট নহয়। ইয়াৰ অৰ্থ হ'ব পাৰে যে চিজেআইয়ে বিচাৰপীঠত একমত গঢ়ি তুলিবলৈ চেষ্টা কৰা নাছিল বা বিচাৰপীঠ বাছি লোৱাৰ সময়ত তেওঁৰ মূল্যায়নত ভুল হৈছিল।"

ভাৰতীয় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কৃষ্ণস্বামীৰ মতে সমলিংগ বিবাহৰ সিদ্ধান্তক লৈ হোৱা মতানৈক্যই উচ্চতম ন্যায়ালয়ত “মতাদৰ্শগত বিভাজন”ৰ ইংগিত কোনোপধ্যেই প্ৰদান নকৰে। তেওঁ কয়, “চিজেআইৰ বিচাৰপীঠ বাছনিৰ ক্ষমতা থকাটো ভাল কথা, কিন্তু তেওঁ এনে এখন বেঞ্চ গঠন নকৰে য’ত তেওঁৰ স্বয়ংক্ৰিয় সংখ্যাগৰিষ্ঠতা থাকে। যাৰ অৰ্থ হ’ব পাৰে যে বিচাৰকসকল তেওঁলোকৰ ধাৰণা আৰু ন্যায়ৰ প্ৰতি মুখ্য ন্যায়াধীশৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত নহয়। ভাৰতীয় ন্যায়পালিকাৰ বাবে এয়া এক শুভ লক্ষণ।”

ৰবিনছনে কয় যে ভাৰতত “উচ্চতম ন্যায়ালয়ত বিৰোধী মতামত সময়ৰ লগে লগে একমত হৈ পৰা”ৰ “দীঘলীয়া পৰম্পৰা” আছে। অৱশ্যে ইয়াৰ বাবে বহু বছৰ বা আনকি দশকৰো প্ৰয়োজন হ’ব পাৰে। ৰবিনছনে কয়, “চন্দ্ৰচূড়ৰ দৰে মতানৈক্যই প্ৰায়ে ভৱিষ্যতৰ উচ্চতম ন্যায়ালয়ৰ বাবে বিকল্প পথৰ দৃষ্টিভংগী প্ৰদান কৰাত সহায় কৰে।”

উদাহৰণস্বৰূপে, ১৯৬৩ চনত ন্যায়াধীশ চুব্বা ৰাওৱে কৈছিল যে সংবিধানৰ অধীনত গোপনীয়তাৰ অধিকাৰ ব্যক্তিগত স্বাধীনতাৰ এক অপৰিহাৰ্য উপাদান হ’ব। সেই সময়ত মতৰ ক্ষেত্ৰত সংখ্যালঘু আছিল ন্যায়াধীশ চুব্বা ৰাও। কিন্তু ৫০ বছৰতকৈও অধিক সময়ৰ পাছত ২০১৭ চনত উচ্চতম ন্যায়ালয়ে গোপনীয়তাৰ মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠে চুব্বা ৰাওৰ মতামতত সন্মতি প্ৰকাশ কৰিছিল।

আবেদনকৰ্তাই কি ক’লে?

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সমলৈংগিক বিবাহৰ আইনী অধিকাৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মুখ্য আবেদনকাৰী সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং সাময়িকভাৱে নিৰাশ হৈ পৰিলেও আশা এৰি দিয়া নাই। সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁলোকে কয় যে ৰায়দান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ অলপ পিছতেই তেওঁলোকৰ আশা এতিয়াই পূৰণ নহ’ব বুলি বুজিবলৈ সমৰ্থ হৈছিল।

'আমি গম পাইছিলো যে এইবাৰ আমাৰ আশা পূৰ্ণ নহ’ব। কিন্তু আমাক আগতকৈ এতিয়া যথেষ্ট অধিকাৰ দিয়া হৈছে। তাক লৈ আমি সুখী। আচলতে যুদ্ধ এখন ইমান সহজতে জয়ী হোৱাতো সম্ভৱো নহয়। উচ্চতম ন্যায়ালয়ে বহু প্ৰগতিশীল ৰায়দান কৰি আহিছে। গতিকে এইটোক লৈয়ো আমি আশা কৰিছিলো। যি নহওক আমি আশাবাদী। এদিন নহয় এদিন আমাৰ সপোন বাস্তৱ হৈ পৰিব। আজি আদালতে আমাক নিৰাশ কৰিলেও সংসদে আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি নতুন আশা জগাই তুলিছে। গতিকে আমি আশা এৰি দিয়া নাই।’-এইদৰে কয় আবেদনকাৰী সুপ্ৰিয় চক্ৰৱৰ্তীয়ে।

আনহাতে অভয়ে কয়, 'আমি ২০১৮ৰ পৰা বহুদূৰ আগুৱাই আহিছো। নিৰাশ হৈছো যদিও আশা আছে আমাৰ। আমি আকৌ আহিম। ইমান এখন বৃহৎ দেশত আমি দুজন ব্যক্তি ইমানখিনিলৈকে আহিব পাৰিছো যেতিয়া লাহে লাহে সকলো আগবাঢ়িব। আজি পৰিৱৰ্তন নাহিল। কিন্তু অনাগত দিনত নিশ্চিতভাৱে আহিবই, তাত কোনো সন্দেহ নাই।’