ডিফুঃ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ প্ৰথমখন প্ৰচাৰ সভা আজি দুপৰীয়া বকলিয়াঘাটত সম্পন্ন কৰি ডিফুলৈ অহাৰ কথা৷

প্ৰতিকুল বতৰকো নেওচি ৫ সহস্ৰাধিক লোকে মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে৷

১৮ নং লুম্বাজং পৰিষদীয় সমষ্টি আৰু ১৯ নং ধন শিৰি সমষ্টিৰ প্ৰাৰ্থী ৰতন টেৰণ আৰু প্ৰদীপ ডিফুচাৰ হৈ প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সোণোৱালে৷

১৭ জুনত অনুষ্ঠিত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনলৈ মাত্ৰ ৫ দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷