ডিজিটেল ডেস্কঃ ব্যতিক্ৰমী এটি ফেচবুক পেজ। পেজটোৰ নাম "Mr India"। ডিমা হাছাও জিলাৰ ‘ডেনিয়েল লাংথাছা নামৰ যুৱকজনে এই পেজটোৰেই আৰম্ভ কৰিছে সাংগীতিক বিপ্লৱ।

বিপ্লৱী শিল্পী সত্বা কঢ়িয়াই ফুৰা ডেনিয়েল নামৰ এই যুৱকজনে উক্ত পেজত পোষ্ট কৰিছে কেইবাটাও গীত৷ সন্ত্ৰাসবাদ, দুমুখীয়া ৰাজনীতিৰ পৰা আৰম্ভ কৰি একেবাৰে বিমুদ্ৰাকৰণলৈকে বিভিন্ন দিশ সামৰি প্ৰতিবাদী গীত গাই আহিছে ডেনিয়েলে।

পেছাৰ পৰিৱৰ্তে সংগীতক কেৱল নিচা হিচাপে লোৱা ডেনিয়েলৰ গীতৰ ভাষা অগ্নি বৰষা। সুৰেৰে গীতক বান্ধি ৰাখিব নোৱাৰে বুলি বিশ্বাস কৰা হাফলঙৰ এই জন প্ৰতিবাদী শিল্পীয়ে সূত্ৰ আৰু তত্বক অতিক্ৰমি গাই যোৱা প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয়-মন ভবাই তুলিবলৈ বাধ্য।

প্ৰতিবাদৰ নামত বিভিন্ন দল-সংগঠনে বন্ধ, পথ অৱৰোধ, সমদল, ধৰ্ণা আদিৰ জৰিয়তে সৰ্বসাধাৰণক হাৰাশাস্তি কৰি অহাৰ সময়তে ডেনিয়েল লাংথাছাৰ এই বিকল্প পন্থাই সকলোকে মোহিত কৰিছে৷ সম্পূৰ্ণ নিজস্ব শৈলীৰে দুচকুত প্ৰতীকি বিতচকু পৰিধান কৰি গোৱা এই গীতবোৰৰ অন্তৰালত নিহিত হৈ আছে সৰ্ব-সাধাৰণৰ ক্ষোভ।

ডিমা হাছাওৰ সেউজীয়াৰ মাজে মাজে সৃষ্টিৰ সমল বিচাৰি ফুৰা প্ৰতিবাদী সত্বা ডেনিয়েল। গীটাৰখন লৈ ঘৰে-বাহিৰে মিশ্ৰিত ভাষাৰে গীত গাই ফুৰা ডেনিয়েলে নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱক লৈ গোৱা  এটি ব্যাংগাত্মক গীতে শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ ৰাজ্যবাসীৰ। 

'নমামি ব্ৰহ্মপুত্ৰ ট্ৰুথ ভাৰ্ছন' নামেৰে ১ এপ্ৰিলৰ দুপৰীয়াৰ ভাগত মিষ্টাৰ ইণ্ডিয়া পেজযোগে মুক্তি দিয়া গীতটোৰ ভিউৱাৰ্ছৰ সংখ্যাই ইতিমধ্যে ২৫ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিছে। শ্বেয়াৰ কৰিছে ৭০০ জনতকৈও অধিক লোকে। 

নমামিৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰক মাননীয় বুলি সম্বোধন কৰি গীতটোৰ জৰিয়তে ডেনিয়েলে ফুটাই তুলিছে জাক-জমকতাৰে আয়োজন কৰা মহোৎসৱৰ আঁৰত বঞ্চিত হৈ ৰোৱাসকলৰ কথা। মহোৎসৱৰ নামত কেবা কোটি ধনৰ শৰাধ কৰাতকৈ অঞ্চলটোৰ উন্নয়নৰ হকে কাম কৰাতো যে অধিক প্ৰয়োজনীয় আছিল সেয়াও গীতৰ ভাষাৰে স্পষ্টকৈ কৈছে হাফলঙৰ ডেনিয়েলে।

'তেৰে ফ্লাডো মে জীৱন হমনে গৱায়ে/তেৰে বুন্দো ছে মাজুলী আধা ডুবে/শদিয়ো ছে কুছ ভি ছেন্জ নহী হুৱা/ ইছ বাৰ কীতনা মৰেগা/মেৰা ইণ্ডিয়া শদিয়ো ছে কেহতা/গৱৰ্ণমেণ্ট নে কিয়া স্কীম নহী ছোছা/ ইয়হা প্ৰব্লেম হেই ফাণ্ডিং কা/তো য়ে লো ৫০ লাখ কা গানা...'- এনেদৰে গানৰ ভাষাৰে ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক প্ৰকৃত সত্য ফুটাই তুলিছে প্ৰতিবাদী শিল্পীজনে। দিল্লীক ভালৰি লগাবলৈ গৈ ব্ৰহ্মপুত্ৰক সাতভনীৰ কথা পাহৰি নাযাবলৈকো গীতটিৰ জৰিয়তে অনুৰোধ জনাইছে ডেনিয়েলে।

কেৱল সিমানেই নহয়। মিষ্টাৰ ইণ্ডিয়া পেজটোৰে আৰু একাধিক সমস্যাক তুলি ধৰিবলৈ প্ৰয়াস চলাই আহিছে ডেনিয়েলে। এটা পোষ্টত দেখা গৈছে কেইখনমান বেনাৰ সংলগ্ন ফটো। বেনাৰকেইখনত লিখা থকা প্ৰতিটো বাক্যই যেন উত্তৰবিহীন একোটা প্ৰশ্ন।

বেনাৰকেইখনৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছে সেৰেঙা জনবসতিপূৰ্ণ জিলাখনৰ অশান্তজৰ্জৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ। এদিন ভাৰত ৰাষ্ট্ৰ বিৰোধী এদল সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল ডেনিয়েলৰ পিতৃক। সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত পিতৃক হেৰুৱায়ো ডেনিয়েলে চৰকাৰৰ পৰা কোনো সহায় নিবিচাৰিলে। কেৱল ডেনিয়েলৰ পিতৃয়েই নহয় পাহাৰীয়া জিলাখনৰ তেনে শতাধিক লোকে অকালতে ৰাষ্ট্ৰ বিৰোধী সন্ত্ৰাসবাদীৰ গুলীত জীৱন হেৰুৱাইছিল।

সময় বাগৰিল। এদিন সেই সন্ত্ৰাসবাদীয়ে আত্ম সমৰ্পণ কৰিলে। লগে লগে ৰাষ্ট্ৰই সেইসকলক কোটি কোটি টকা দিলে। সেই টকাৰে গাড়ী-ঘৰ কিনিলে। ব্যৱসায় কৰিলে। আৰু সময়ত সেই হত্যাকাৰীসকলে যোগ দিলে বৰ্তমানৰ শাসকীয় দলত। "এসময়ৰ হত্যাকাৰীসকল এতিয়া মই বাস কৰা জিলাখনৰ শাসক।"-এই সন্দৰ্ভত পৰিৱৰ্তনৰ কথা কোৱা এবিভিপি আৰু বিজেপিৰ পৰা উত্তৰ বিচাৰিছে ডেনিয়েলে। উক্ত পোষ্টটোৰ বাবে জীৱনলৈ ভাবুকি আহিব পাৰে বুলিও উল্লেখ কৰিছে পাহাৰীয়া জিলাখনৰ ব্যতিক্ৰমী শিল্পীজনে।