ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়লয়ক আবেদন জনাই যদিও মঙলবাৰে চৰকাৰৰ এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে৷ আনহাতে চৰকাৰ তথা সকলো পক্ষৰ জল্পনা-কল্পনাৰ অৱসান ঘটাই পূৰ্বনিৰ্ধাৰিত সময়তে এনআৰচিৰ দ্বিতায় খচৰা প্ৰকাশৰ দিন ধাৰ্য কৰে উচ্চতম ন্যায়ালয়ে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে মঙলবাৰে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাওঁ কৰে৷

এনআৰচিৰ কাম এইগৰাকী মুখ্য সমন্বয়কে কৰিব নোৱাৰিলে নতুন সমন্বয়ক নিয়ুক্তি দি হলেও এনআৰচিৰ কাম কৰিব বুলি কয়৷ পুনৰবাৰ এনআৰচি প্ৰকাশক লৈ সময় বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেচা খালে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে সময় বৃদ্ধিৰ সন্দৰ্ভত স্পষ্ট কৰি পূৰ্বে নিৰ্ধাৰিত সময়তে খচৰা প্ৰকাশ পাব লাগিব বুলি স্পষ্ট কৰে দেশৰ শীৰ্ষ আদালতে।

আইনৰ কাম অসম্ভৱক সম্ভৱ কৰি তোলে বুলি মত প্ৰকাশ কৰি আদালতে এন আৰ চি প্ৰস্তুত কাৰ্যটোক ধেমালি বুলি ভাবি থকা হৈছে। কিন্তু সেয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। এই খন আদালত হয় আৰু এই সন্দৰ্ভত গতি দি আহিছে। কোনো কাৰণত এনআৰচিৰ কাম ৰৈ নাথাকে বুলি কয়। শীৰ্ষ আদালতে কয়, পঞ্চায়ত নিৰ্বাচনত এনআৰচিৰ মুখ্য সমন্বয়ক আৰু আন আন কৰ্মচাৰীক নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব৷

অন্যথাই আন সমন্বয়ক নিযুক্তি দিয়া হ’ব৷ যিকোনো পৰিস্থিতিত এনআৰচিৰ কাম ৰৈ নাথাকে আৰু কোনো কাৰণত অতিৰিক্ত সময় নিদিয়াৰ কথা স্পষ্ট কৰে৷ আদালতে আৰু কয়, স্থানীয় নিৰ্বাচনৰ বাবে আপোনালোকে বাহিৰৰ পৰা মানুহ আনক৷ কিন্তু এনআৰচিৰ কাম ৰৈ নাথাকে৷ এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত দিয়া তথ্য অনুসৰি ডিচেম্বৰ আৰু জানুৱাৰীত ৩৮ লাখ আৱেদনকাৰীৰ নথি পৰীক্ষণ কৰা হৈছে৷ ৩১ মে’লৈকে এক কোটি আৱেদনকাৰীৰ পৰীক্ষণ হৈ যাব৷

সৰ্বমুঠ ২.৯৯ কোটি মানুহৰ পৰীক্ষণ হৈ যাব৷ ৩০ জুনত এনআৰচিৰ ফাইনেল কপি সাজু হৈ যাব৷ আদালতে শুনানিৰ কালত এনআৰচি সন্দৰ্ভত সম্পূৰ্ণ নজৰ দিয়া হ’ব আৰু ২৭ মাৰ্চত পুনৰ শুনানি অনুষ্ঠিত হ’ব বুলি কয়৷ কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নী জেনেৰেলে কে কে বেণুগোপাল আৰু অসম চৰকাৰৰ তৰফৰ পৰা তুষাৰ মেহতাই সময় বৃদ্ধিৰ বাবে দিয়া কোনো কথাই আদালতে মানি নললে৷

কেন্দ্ৰ ৰাজ্য চৰৰাকৰ যুক্তি মতে এনআৰচিৰ প্ৰস্তুত কৰাত পলম হ’ব পাৰে৷ স্থানীয় পঞ্চায়ত নিৰ্বাচন ইয়াৰ এক কাৰণ হ’ব পাৰে৷ যাৰ বাবে এনআৰচিৰ বাবে ৩১ জুলাইলৈকে সময় দিব লাগে৷ মহাধিবক্তাই অসমত এনআৰচিৰ ভাল কাম হৈ থকা বুলি কয়৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ  নৰিমনৰ বেঞ্চে কয়, আমি সকলো বুজি পাও৷ কিন্তু আমি কও আমি অৱগত নহয়৷ এই খন কোৰ্ট হয়, যাক ই গতি দি আছে৷