newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ’ব কৰ্ণাটকত৷ তাৰ পুৰ্বে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় বিধান সভাৰ অধ্যক্ষ নিযুক্তিক লৈ শুনানি৷ শুনানি অনুষ্ঠিত কৰি দেশৰ শীৰ্ষ আদালতে ঐতিহাসিক ৰায় প্ৰদান কৰে৷

শুনানিত কংগ্ৰেছৰ অধিবক্তা কপিল চিব্বালে দাবী কৰি কয় যে বিশ্বব্যাপী সাধাৰণতে প্ৰবীণ বিধায়কক প্ৰোটেম অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়৷ কিন্তু কৰ্ণাটকৰ ৰাজ্যপালে এগৰাকী নতুন বিধায়কক অধ্যক্ষ হিচাপে নিয়োগ কৰি ভাল কাম কৰা নাই৷ কিন্তু আদালতে এই যুক্তি খাৰিজ কৰি নতুন বিধায়কক অধ্যক্ষ নিযুক্তি কৰাৰ উদাহৰণ থকা বুলি কয় আদালতে৷ আদালতে কয় যে আদালতে প্ৰটেম অধ্যক্ষ নিয়োগ কৰিব নোৱাৰে৷ এগৰাকী ৰাজ্যপালক আদালতে নিৰ্দেশ দিব নোৱাৰে বুলি কয়৷ এয়া বেআইনী হ’ব৷

আনহাতে আদালতত উপস্থিত থকা ৰাজ্যপালৰ দিশৰ অধিবক্তা তুষাৰ মেহতাই আস্থা ভোটৰ স্বচ্ছতা বৰ্তাই ৰাখিবলৈ লাইভ ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব বুলি কয় আদালতক৷ আদালতে প্ৰতিটো নিউজ চেনেলক আস্থা ভোটৰ লাইভ দেখুৱাৰ বাবে সুবিধা দিয়াৰ নিৰ্দেশ দিয়ে৷ ১১টাৰ পৰা বিধান সভাৰ অধিবেশন আৰম্ভ হ’য় আৰু নিউজ চেনেলে লাইভ দেখুৱাব পাৰিব৷