BBC.CNN
BBC.CNN

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্ত ৰাষ্ট্ৰত প্ৰাক্তন ছাত্ৰই ভয়াবহ আক্ৰমণ সংঘটিত কৰা ঘটনাত মৃত্যুৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি হয়৷ বুধবাৰে প্ৰাক্তন ছাত্ৰৰ নিৰ্বিচাৰ গুলীচলনাৰ ঘটনা সংঘটিত হৈছিল৷ ইতিমধ্যে ১৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰে স্থানীয় প্ৰশাসনে৷

আহত হয় প্ৰায় ২০গৰাকী লোক৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত এতিয়ালৈ যিমান গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সকলোতকৈ ভয়াবহ আক্ৰমণৰ ঘটনা বুলি চৰ্চা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ ডগলাছ হাই স্কুলৰ পৰা নিক’লাচ ক্ৰুজ নামৰ ছাত্ৰগৰাকীক বিদ্যালয়ৰ নিয়ম ভংগৰ কৰাৰ অপৰাধত বিদ্যালয়ৰ পৰা উলিয়াই দিছিল৷

তাৰ পিছতেই ১৯ বছৰীয়া নিক’লাচে গেচ মাস্ক, স্ম’ক গ্ৰেনেড হাতত ৰাইফল লৈ স্কুলত উপস্থিত হয়৷ স্কুলত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে৷ তৎমুহূৰ্ততে হুৱা-দুৱা লাগে বিদ্যালয়খনত৷ কিছু সময় পিছতেই বিদ্যালয়ৰ সংকেত চিহ্ন বাজি উঠে৷ প্ৰশাসনে অভিযান চলাই স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকক বাহিৰলৈ উলিয়াই যদিও এতিয়ালৈ ১৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাই৷ ডগলাছ হাই স্কুল ফ্লৰিডাৰ নামী-দামী স্কুল৷ এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতেই অভিভাৱকসকল চিন্তাত পৰাৰ লগতে স্কুলৰ সন্মুখত উপস্থিত হয়৷

বিদ্যালয় খনৰ অধ্যক্ষ ৰবাৰ্ট ৰুন্সিয়ে এয়া এক বিপজ্জনক পৰিস্থিত বুলি কয়৷ এই দিনটো আমাৰ বাবে আতংকৰ দিন বুলি কয়৷ যুৱকজনৰ হাতত একাধিক অস্ত্ৰ আছিল৷ ছাত্ৰ-ছাত্ৰীয়ে খোদ ফায়াৰ এলাৰ্ম বজাই৷ যাতে ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ পৰা ওলাই দৌৰা-দৌৰি কৰে আৰু হত্যা কৰাত সুবিধা হয়৷ আনহাতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘটনাক নিন্দা কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে