অসন্তুষ্ট পৰিক্ষাৰ্থীক লৈ কি ব্যৱস্থা শিক্ষাবিভাগৰ
কেতিয়া অনুস্থিত হব বিশেষ পৰীক্ষা

গুৱাহাটীঃসদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে  বিশেষ পৰীক্ষাৰ আয়োজন কৰিব ছেবা SEBA)ই।  ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। আজি এই কথা প্ৰকাশ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে।

বিশেষ পৰীক্ষাত বহিবলৈ পৰিক্ষাৰ্থীয়ে ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ আবেদন কৰিব পাৰিব।

আবেদন কৰিব লাগিব sebaonline.org নামৰ ৱেৱছাইটটোত।

বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব।

ছখন প্ৰশ্নকাকতৰ থিয়ৰি অংশৰহে পৰীক্ষাত আনুস্থিত হ'ব৷

ছেবাই প্ৰদান কৰা তথ্যৰ পৰা অভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক (প্ৰেক্টিকেল) পৰীক্ষাৰ নম্বৰ গ্ৰহণ কৰা হ'ব।

বিশেষ পৰীক্ষাত নতুন মাৰ্কশ্বিট প্ৰদান কৰা হ'ব।

অৱশ্যে এই পৰ্যন্ত বিশেষ পৰীক্ষাৰ সূচী ঘোষণা কৰা নাই ছেবাই।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ নিবাৰণৰ বাবে প্ৰতিখন জিলাতে অতিৰিক্ত উপায়ুক্তৰ অধ্যক্ষতাত একোখনকৈ অভিযোগ নিবাৰণ কমিটি গঠন কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে অভিযোগ প্ৰদানৰ সুবিধা লাভ কৰিব।

কিমান পৰিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হব সেয়া সময়ে কব৷বিশেষকৈ বৰ্তমান চলিছে মহাবিদ্যালয়সমূহত নামভৰ্তিৰ মহা আয়োজন৷পৰিক্ষাৰ্থীয়ে নামভৰ্তি কৰি নতুন পাঠ্যপুথি অধ্যয়ন কৰিব নে পূৰ্বৰ পাঠ্যপুথি অধ্যয়ন কৰি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হব?এয়াওঁ এক প্ৰত্যাহ্বান হব৷