উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

৯৯.১০ শতাংশৰে শীৰ্ষত বিশ্বনাথ জিলা

৮৩.৪৯ শতাংশৰে সৰ্বনিম্ন স্থানত হোজাই জিলা

গুৱাহাটী : ঘোষণা কৰা হ'ল  চেবাৰ দ্বাৰা  পৰিচালিত নপতা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল। দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল ফলাফল। কোভিড-১৯ ৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰি যথেষ্ট সমালোচনাৰ সন্মূুখীন হোৱাৰ পিচত বিদ্যালয় বোৰে দিয়া নম্বৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে এইবাৰৰ ফলাফল।ঘোষিত ফলাফল অনুসৰি ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।

ঘোষণা কৰা ফলাফল অনুসৰি বিশ্বনাথ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ ৯৯.৪০ শতাংশ। আনহাতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হোজাই জিলাত। হোজাই জিলাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৯ শতাংশ। সেইদৰে উত্তীৰ্ণৰ হাৰৰ তালিকাত দ্বিতীয় স্থানত আছে বাক্সা জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৮.৯১ শতাংশ।

উল্লেখ্য যে, এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,২৬,৫৫৩ জন পৰীক্ষাৰ্থী। আনহাতে  হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছিল ১২,২৭৫ জন পৰীক্ষাৰ্থী।

ফলাফল অনুসৰি, মুঠ উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ। ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ।

এইবাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪,২৬,৫৫৩গৰাকী। ইয়াৰ ভিতৰত মূল্যায়নত ৮৮,৫২১গৰাকীক প্ৰথম বিভাগ, ১,৬০,২৯৮গৰাকীক দ্বিতীয় বিভাগ আৰু ১,৪৮,৩১৩গৰাকী তৃতীয় বিভাগ প্ৰদান কৰা হয়।

এইবাৰ মেট্ৰিকৰ মুঠ ছাত্ৰৰ সংখ্যা আছিল ১,৯৭,৫৬৫গৰাকী। ইয়াৰ ভিতৰত ৪১,৬৫৯জনে প্ৰথম, ৭৪,৪১০জনে দ্বিতীয় আৰু ৬৮,৩৪২জনে লাভ কৰে তৃতীয় বিভাগ। আনহাতে, মুঠ ছাত্ৰীৰ সংখ্যা আছিল ২,২৮,৯৮৮ গৰাকী। ইয়াৰ ভিতৰত ৪৬,৮৬২গৰাকীয়ে প্ৰথম, ৮৫,৮৮৮গৰাকীয়ে দ্বিতীয় আৰু ৭৯,৯৭১গৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ।

আনহাতে, হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। মুঠ ১২,২৭৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৫৯গৰাকীয়ে প্ৰথম বিভাগ, ৫,৫৮৬গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০৯৩গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ।

উল্লেখযোগ্য যে ফলাফল ঘোষণা হোৱাৰ লগে লগেই বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীয়ে ফলাফলক লৈ অসন্তুষ্ট হৈ প্ৰতিবাদ কৰা দেখা যায়।ধনৰ লেন-দেনৰ দ্বাৰাও একাংশ পৰিক্ষাৰ্থীক ভাল ফলাফল দিয়াৰ অভিযোগও উত্থাপিত হয়।ইতিমধ্যে ফলাফল ঘোষণাৰ পুৰ্বেই এনে ঘটনাত বহু কেইজন চৰকাৰী কৰ্মচাৰী আৰু প্ৰধান শিক্ষক গ্ৰেপ্তাৰ হব লগাও হৈছিল।অবশ্যে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অবতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব বুলিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনায়।