তেজপুৰঃ পশ্চিম বংগৰ দুৰ্গাপুৰস্থিত চিধু কানু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতা ২০১৭ লৈ নিৰ্বাচিত হোৱা অসমৰ ৯ জনীয়া দলটোৰ মাজত তেজপুৰৰ দুজন যুৱক সীমান্ত বৰা (ফিজিক শৰীৰচৰ্চাগাৰ) মোৱামাৰী আৰু পিংকু চক্ৰবৰ্তী (শোণিতপুৰ শৰীৰচৰ্চাগাৰ) তেজপুৰ নিৰ্বাচিত হোৱাক লৈ আনন্দিত হৈছে তেজপুৰবাসী৷

লগতে দুয়োজন খেলুৱৈক বলিষ্ঠ প্ৰতিদন্দিতা আগবঢ়াই সাংস্কৃতিক চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ শুভকামনা  জ্ঞাপন কৰিছে। শোণিতপুৰ জিলা বডি বিল্ডিং এচচিয়েচনেও দুয়োজনকে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে ফিজিক্স শৰীৰচৰ্চাগাৰৰ প্ৰশিক্ষক শৰৎ শইকীয়াই তেওঁৰ সম্পূৰ্ণ বক্তিগত খৰছৰে অঞ্চলটোৰ ডেকাসকলক প্ৰায় ৭ বছৰ ধৰি প্ৰশিক্ষণ দি আহিছে।

তেওঁৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত সীমান্ত বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ নিৰ্বাচিত হোৱাক লৈ উৎফুল্লিত হৈ পৰিছে আৰু প্ৰতিযোগিতাত জয় লাভ কৰি সমগ্র অসমৰ লগতে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰশিক্ষক হিচাবে তেখেতৰো ইমান দিনে আগবঢ়ায় অহা সেৱাৰ সাৰ্থকতা লাভ কৰিব বুলি মত ব্যক্ত কৰিছে।

উল্লেখ্য যে, ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা শক্তি উত্তোলন খেলখন অহা  ৯ তাৰিখে সমাপ্তি ঘটিব।