ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ভয়ানক চেলফিখন লৈ অলপতে জেলৰ ভাত খোৱা ৰাছিয়ান মডেল ভিক্টৰিয়া অডিনকভাৰ কথা নিশ্চয় মনত আছে। দেশে-বিদেশে চেলফিৰ নামত এনেদৰে ভালেমান লোক মৃত্যুমুখত পৰাৰ বাতৰি প্ৰায়ে শুনিবলৈ পোৱা যায়। 

এনেই এক চেলফি-মৃত্যুৰ ঘটনা ঘটিছে পুণেত। চেলফি কেমেৰাৰ ফ্ৰেমত নাহিব বুলিয়ে লৰা-ঢপৰা কৰি নাৱৰ ভাৰসাম্য হেৰুৱাই মৃত্যুক সাবতি লয় ৪ জন চিকিৎসকে৷ উক্ত শোকাৱহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুণে জিলাত৷ 

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ১০ জন চিকিৎসকে এখন নাৱত চেলফি উঠিব হেতা ওপৰা কৰে৷ ইয়াৰ ফলতে ভাৰাসাম্য হেৰুৱাই পানীত ডুবি ৪ জন চিকিৎসকৰ মৃত্যু ঘটে৷ বাকী ৬ জন চিকিৎসকে সাতুৰি প্ৰাণ ৰক্ষা কৰে৷ উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ছেলফিৰ ফলতে বহু লোক মৃত্যু মুখত পৰে৷