২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ মোদী মেজিকৰ সংকেত! আজি ঘোষণা হোৱা ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত তিনিখন ৰাজ্যতে পুনৰ বিজেপিৰ জয়ে ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বতাহ কাৰ দিশে বলাৰ সম্ভাৱনা আছে, সেয়াই যেন স্পষ্ট কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতেও চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ২০২৪ৰ বাবে মনোবল অধিক বৃদ্ধি কৰিব বিজেপিৰ। আনহাতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে  বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ভিতৰতে সৃষ্টি হৈছে বাক-বিবাদৰ।

দেওবাৰে ঘোষণা হ’ল মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাৰ দৰে হিন্দীভাষী ৰাজ্যৰ নিৰ্বাচনী ফলাফল। যিহেতু মিজোৰামৰ নিৰ্বাচনী ফলাফল এদিন পিছুৱাই দিয়া হৈছে। অহা ৪ নৱেম্বৰ অৰ্থাত্ সোমবাৰে ঘোষণা কৰা হ’ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল। মধ্যপ্ৰদেশৰ ২৩০খন, ৰাজস্থানৰ ১৯৯খন আৰু ছত্তীশগড়ৰ ৯০খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হৈছিল প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা। অন্যহাতে তেলেংগানাৰ ১১৯খন আসনত বি আৰ এছ আৰু কংগ্ৰেছৰ মাজত আছিল পোনপটীয়া প্ৰতিদ্বন্দ্বিতা।

নিৰ্বাচনৰৰ ভোটগণনাৰ পূৰ্বে বিভিন্ন সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা এগজিট পল আৰু নিৰ্বাচনৰ ফলাফলৰ মাজত দেখা গ’ল আকাশ পাতাল পাৰ্থক্য। অৱশ্যে তেলেংগানাতো বিজয় সাব্যস্ত কৰি কংগ্ৰেছে বিজেপিৰ বাবে ৰুদ্ধ কৰি পেলাবলৈ সক্ষম হ’ল দক্ষিণ ভাৰতৰ দুৱাৰ। ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশত আৰু ছত্তীশগড়ত একাংশ এগজিট পলে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিলেও ফলাফলত তাতো দেখিবলৈ পোৱা গ’ল মোদী মেজিক। একেদৰে ৰাজস্থানতো অশোক গেহলটৰ চৰকাৰ ওফৰাই এইবাৰ ক্ষমতা দখল কৰিলে বিজেপিয়ে।

কিয় এই নিৰ্বাচন ছেমি ফাইনেল?

এই পাঁচখন ৰাজ্যৰ ফলাফলক ছেমি ফাইনেল বুলিও অভিহিত কৰা হৈছে। ইয়াৰ কাৰণ হৈছে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন। উল্লেখ্য যে, আজি ফলাফল ঘোষিত হোৱা চাৰিওখন ৰাজ্যই লোকসভা নিৰ্বাচনতো গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ভূমিকা।  মধ্যপ্ৰদেশত লোকসভা আসনৰ সংখ্যা হৈছে ২৯খন। সেইদৰে ৰাজস্থানত ২৫খন, ছত্তীশগড়ত ১১খন, তেলেংগানাত ১৭খন আছে লোকসভাৰ আসন। অন্যহাতে সোমবাৰে ফলাফল ঘোষণা হ’বলগীয়া মিজোৰামত লোকসভা আসনৰ সংখ্যা হৈছে মাত্ৰ এখন। যদি এই আসনসমূহ যোগ কৰা হয় তেন্তে ৫ ৰাজ্যৰ মুঠ আসনৰ সংখ্যা হৈছে ৮২খন।

এই ৰাজ্যসমূহত যি দলেই চৰকাৰ গঠন নকৰক কিয়, লোকসভাৰ নিৰ্বাচনী আসনতো তেওঁলোকৰ জয়লাভৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি পোৱাটো স্বাভাৱিক। কিন্তু এই ৰাজ্যসমূহৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আৰ্হিলৈ যদি চোৱা হয়, তেন্তে ৰাজ্য কেইখনৰ নিৰ্বাচনী ইছ্যু নিৰ্বাচন অনুযায়ী সদায় সলনি হৈ আহিছে। ২০০৩ চনৰ পৰা ইটোৰ পিছত সিটোকৈ লোকসভা আৰু সৰ্বাধিক পাঁচটা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।

মধ্যপ্ৰদেশৰ অৱস্থা কি আছিল?

১৯৯৮ চনত কংগ্ৰেছে ৰাজ্যখনত জয়লাভ কৰাৰ বিপৰীতে পিছৰ বছৰত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে অধিকাংশ আসন লাভ কৰিছিল। ২০০৩-০৪ চনত মধ্যপ্ৰদেশৰ বিধানসভা আৰু লোকসভা দুয়োটা নিৰ্বাচনতে বিজেপিয়ে জয়লাভ কৰিছিল। ২০০৮ চনত বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ লগতে ২০০৯ চনৰ লোকসভা নিৰ্বাচনতো ১৬খন আসন লাভ কৰে। ২০১৩ চনত বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰে আৰু ২০১৪ চনতো বিজেপিয়ে লোকসভাৰ আসনত আৰু অধিক ব্যৱধানত জয়লাভ কৰে। তেতিয়া বিজেপিয়ে ২৯খন আসনৰ ভিতৰত ২৭খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ২খন আসনহে লাভ কৰিছিল।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত কঠোৰ যুঁজ হৈছিল। যদিও কমল নাথে চৰকাৰ গঠনত সফল হৈছিল, তথাপিও লোকসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰিছিল মাত্ৰ এখন আসনত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ ভোট লাভৰ পাৰ্থক্য আছিল প্ৰায় ২৫ শতাংশ।

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১১৪খন আসন আৰু বিজেপিয়ে ১০৯খন আসন লাভ কৰিছিল। কংগ্ৰেছে সেই সময়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও সেই চৰকাৰৰ কাৰ্যকাল আছিল মাত্ৰ ২০ মাহ। তাৰ পিছতে কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই কেইবাগৰাকীও বিধায়কসহ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱাৰ পিছতে পতন ঘটে কমল নাথ চৰকাৰৰ।  

মধ্যপ্ৰদেশত চৰকাৰ অক্ষুণ্ণ ৰাখি পুনৰ এবাৰ বৃহত্ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। সমান্তৰালভাৱে লোকসভা নিৰ্বাচনক লৈও এতিয়া বিজেপিৰ নেতা-কৰ্মীৰ মাজত বৃ্দ্ধি পাইছে প্ৰচুৰ আত্মবিশ্বাস। আৰু মাত্ৰ কেইমাহমান পিছতে অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। বিধানসভা নিৰ্বাচনত প্ৰচণ্ড একক সংখ্য়াগৰিষ্ঠতা লাভ কৰাৰ পিছত লোকসভা নিৰ্বাচনতো বিজেপি অপ্ৰতিৰোধ্য হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলেও।

উল্লেখ্য যে, মধ্যপ্ৰদেশত এইবাৰ কংগ্ৰেছক শক্তিশালী ৰূপতেই কল্পনা কৰা হৈছিল। ৰাজ্যখনত শিৱৰাজ সিং চৌহানৰ চৰকাৰৰ বিৰুদ্ধে এক চৰকাৰ বিৰোধী ঢৌ উঠাৰ আশা কৰা হৈছিল। একেদৰে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, কৃষকৰ আয় হ্ৰাস আদি বিষয়ক নিৰ্বাচনী ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কংগ্ৰেছে নিৰ্বাচনী লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু ফলাফলত এই সকলো ধাৰণাক নস্যাৎ কৰি পুনৰ ৰাষ্ট্ৰীয় ইছ্যু আৰু প্ৰধানমন্ত্ৰী মোদীৰ মেজিকেৰে নিৰ্বাচনী দেওনা পাৰ হ’বলৈ সক্ষম হয় বিজেপিয়ে।

ৰাজস্থানত পৃথক আছিল নিৰ্বাচনী ফলাফল

১৯৯৮ চনত কংগ্ৰেছে ৰাজস্থান বিধানসভা নিৰ্বাচনত এক বৃহৎ জয় সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ লৈছিল অশোক গেহলটে। কিন্তু এবছৰ নৌহওঁতেই অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ শাসকীয় কংগ্ৰেছক চেৰ পেলাই অধিকাংশ আসন লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে। ২০০৩ চনৰ পৰা ২০১৪ চনলৈ অৱশ্যে এই ফলাফল সলনি হৈছিল। বিধানসভা নিৰ্বাচনত জয়ী হোৱা দলটোৱেই লোকসভা নিৰ্বাচনত আৰু অধিক ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু ২০১৮ চনত এই আৰ্হি সলনি হয় কাৰণ সেই বছৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰিছিল যদিও ২০১৯ চনত বিজেপিয়ে ২৫খন আসনৰ ভিতৰত ২৪খন আসন লাভ কৰাৰ বিপৰীতে আৰএলপিয়ে এখন আসন লাভ কৰিছিল। ৰাজস্থানৰ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নিশ্চিতভাৱে জয়লাভ কৰিছিল যদিও দুয়োটা দলৰ ভোটৰ ব্যৱধান আছিল মাত্ৰ ০.৫ শতাংশ। ২০১৮ চনত কংগ্ৰেছে ২০০খন আসনৰ ভিতৰত ১০০খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৩খন আসন লাভ কৰিছিল।

এইবাৰ বিধানসভা নিৰ্বাচনত আৰম্ভণিৰে পৰাই কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে এক ঢৌ দেখা পোৱা গৈছিল ৰাজস্থানত। অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছিল দুৰ্নীতি- ভ্ৰষ্টাচাৰৰ অভিযোগ, ৰাজ্যখনৰ নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ইয়াৰ মাজতো নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাহুল গান্ধীৰ ৰাজস্থান ভ্ৰমণ আৰু মহিলা, যুৱতীসকলৰ বাবে আৰ্থিক সাহায্যকে ধৰি বিভিন্ন প্ৰলোভনীয় আঁচনিৰ ঘোষণাই পুনৰ ৰাজস্থানত নিৰ্বাচনী জোৱাৰ কংগ্ৰেছমুখী কৰি তোলাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল যদিও এগজিট পলেও বিজেপিয়েই জয়লাভ কৰিব বুলি ইংগিত দিছিল। 

অন্যহাতে ৰাজস্থান কংগ্ৰেছত বিগত সময়ত সূত্ৰপাত ঘটা দলীয় সংঘাতো ৰাজ্যখনত দলটোৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি দাবী কৰিব খোজে ৰাজনৈতিক বিশ্লেষকসকলে। দুই জ্যেষ্ঠ কংগ্ৰেছী শচীন পাইলট আৰু অশোক গেহলটৰ মাজৰ সংঘাতে শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছিল দেশৰ ৰাজনীতিত। আনকি কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে চৰকাৰ পতন হোৱাৰো জল্পনা কল্পনা আৰম্ভ হৈছিল। নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছত দুয়োগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই দুয়োৰে মাজৰ সংঘাত অন্ত পৰা বুলি জনতাক পতিয়ন নিয়াব বিচাৰিলেও সিয়েই নিৰ্বাচনত দলটোৰ পৰাজয়ৰ এটা কাৰণ হৈ পৰে।

চত্তীশগড় আৰু তেলেংগানাৰ অৱস্থা

২০০০ চনত ছত্তীশগড় গঠন হৈছিল। ২০০৩ চনৰ পৰাই ৰাজ্যখনত বিধানসভা আৰু লোকসভাত একচেতীয়া অধিপত্য বিস্তাৰ কৰি আহিছিল বিজেপিয়ে। ৰাজ্য গঠনৰ পিছৰে পৰা কংগ্ৰেছে ইয়াত ১১খন আসনৰ ভিতৰত মাত্ৰ এখন বা দুখন আসনহে লাভ কৰিছিল। কিন্তু বিগত নিৰ্বাচনত কংগ্ৰেছে বিজেপিক চেৰ পেলাই ৯০খন আসনৰ ভিতৰত ৬৮খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ পাৰ্থক্য আছিল ১০ শতাংশতকৈও কম। কিন্তু ২০১৩ চনৰ পৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ ভোটৰ অংশ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। ২০১৩ চনত বিজেপিৰ ভোটৰ অংশ ৪১ শতাংশ হোৱাৰ বিপৰীতে ২০১৮ চনত ৩২ শতাংশলৈ নামি আহিছিল। ইয়াৰ বিপৰীতে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়লাভৰ পিছত এইবাৰো ৰাজ্যখনত কংগ্ৰেছেই ক্ষমতা লাভ কৰিব বুলি অনুমান কৰা হৈছিল।

কিন্তু ছত্তীশগড়ক লৈ কৰা সেই অনুমানো এতিয়া ফলাফলত ভুল প্ৰমাণিত হৈছে। ভূপেশ বাঘেল চৰকাৰক ওফৰাই এইবাৰ ৰাজ্যখনত ক্ষমতাৰ বাঘজৰী হাতলৈ আনিবলৈ সক্ষম হৈছে বিজেপিয়ে। স্বাভাৱিকতে ৰাজ্যখনত বিজেপিৰ এই সাফল্যৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীকে দিব বিচাৰিছে বিজেপিৰ নেতা-কৰ্মীসকলে। ছত্তীশগড়ত চৰকাৰ বিৰোধী ঢৌ বিগত সময়ত সিমান প্ৰকট হৈ ধৰা নিদিলেও অন্য ইছ্যু- যেনে নিবনুৱা সমস্যা, মহিলাৰ সুৰক্ষা আদি বিষয়ে এইবাৰ নিৰ্বাচনত প্ৰাধান্য লাভ কৰা দেখা যায়। ধৰ্মীয় মেৰুকৰণো নথকা নহয়। খ্ৰীষ্টান আৰু হিন্দু ধৰ্মক লৈ মেৰুকৰণ কৰা হৈছিল। 

ইফালে ২০১৩ চনত গঠন হোৱাৰ পিছৰে পৰা তেলেংগানাত দুটা বিধানসভা আৰু দুটা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। বিগত বিধানসভা নিৰ্বাচনত বি আৰ এছে (পূৰ্বৰ টি আৰ এছ) ব্যাপক জয় সাব্যস্ত কৰিছিল। কিন্তু ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত দেখা পোৱা গৈছিল মিশ্ৰিত ফলাফল। এইবাৰ ৰাজ্যখনত মূল যুঁজখন হৈছিল বিআৰএছ আৰু কংগ্ৰেছৰ মাজতে। চৰকাৰ বিৰোধী ঢৌ আৰু শেহতীয়াকৈ আন এখন দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটকত কংগ্ৰেছৰ সফলতাই তেলেংগানাতো প্ৰশস্ত কৰিছিল কংগ্ৰেছৰ জয়ৰ বাট। 

উল্লেখ্য যে, তেলেংগানাত কংগ্ৰেছৰ এই সাফল্যৰ পিছতে এতিয়া দক্ষিণ ভাৰতৰ পৰা সমুলঞ্চে নিৰ্মূল হ’ল বিজেপি। তেলেংগানাত বিজেপিয়ে জয়লাভ কৰিবলৈ চেষ্টা কৰাৰ অন্যতম কাৰণ আছিল লোকসভা নিৰ্বাচনত যাতে দক্ষিণ ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কিন্তু ৰাজ্যখনত কংগ্ৰেছৰ জয়লাভে ৰুদ্ধ কৰে দলটোৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ বাট।

নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰতিশ্ৰুতি

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াৰ প্ৰচাৰ জোৰদাৰভাৱে চলোৱা হৈছিল য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈকে সকলোৱে আগভাগ লৈছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় ইছ্যু সমূহক নিৰ্বাচনী ইছ্যু হিচাপে উত্থাপন কৰাৰ লগতে প্ৰশংসা কৰিছিল তেওঁৰ চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ। একেদৰে কংগ্ৰেছেও জাতি গণনাকে ধৰি বিভিন্ন নিৰ্বাচনী ইছ্যুৰে বিজেপিৰ বিৰুদ্ধে থিয় দিছিল। মহিলাৰ সুৰক্ষা, বিনামূলীয়া বিদ্যুত, ৫০০ টকাত চিলিণ্ডাৰ আদিৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰত আগভাগ লৈছিল কংগ্ৰেছ নেতাসকলে। একেদৰে প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ মুখত শুনা গৈছিল মোদী- আদানীৰো নাম। কংগ্ৰেছ নেতা ৰাহুল গান্ধী পাঁচোখন ৰাজ্যতে ইয়াৰ তাৰকা প্ৰচাৰক হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশৰ পৰা ছত্তীশগড় আৰু ৰাজস্থানলৈ নিৰ্বাচনী সভাতো প্ৰিয়ংকা গান্ধী ভাদ্ৰাক দেখা গৈছিল।

এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো অতি উচ্চস্বৰে উত্থাপন কৰিছিল। যোৱা ২৩ ছেপ্টেম্বৰত জয়পুৰত দলীয় কৰ্মীসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক জাতি লোকপিয়লৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। একে সময়তে ৬ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ সিদ্ধান্ত লৈ বিনামূলীয়া শস্য আঁচনিখন আগন্তুক পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

প্ৰকৃত ‘পনৌতি’ কোন?

নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘পনৌতি’ বুলি অভিহিত কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ নাম নোলোৱাকৈয়ে এইদৰে অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁৰ কথাৰ অৰ্থ আছিল- বিশ্বকাপৰ ফাইনেল খেলৰ সময়ত ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ বাবেই পৰাজিত হ’বলগীয়া হয় ভাৰত। কিন্তু এতিয়া ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত ৩ ৰাজ্যতে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপিয়ে প্ৰত্যাক্ৰমণ কৰি প্ৰশ্ন কৰিছে- প্ৰকৃত পনৌতি কোন? 

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ সাফল্যৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীক দি কয়, “প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ ওপৰত সাধাৰণ জনতাৰ বিশ্বাস আছে। নিৰ্বাচনৰ ফলাফলত সেয়াই প্ৰমাণ হৈছে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক পনৌতি বুলি কৈছিল। প্ৰধানমন্ত্ৰীক এনদৰে অপমান কৰাৰ ফল আজি কংগ্ৰেছে ভোগ কৰিবলগীয়া হ’ল। কংগ্ৰেছৰ বাবে পনৌতি কোন সেয়া এতিয়া সকলোৱে বুজি পাইছে।“

ইফালে নিৰ্বাচন ফলাফল প্ৰকাশ পোৱাৰ পিছতে দিল্লীত বিৰোধী ঐক্যজোঁট ইণ্ডিয়াৰ জৰুৰী বৈঠকৰ আহ্বান কৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিৰোধীৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। আনফালে তিনি ৰাজ্যত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এয়া বিজেপিৰ সাফল্য নহয়, এয়া কংগ্ৰেছৰ বিফলতাৰ পৰিনামহে। 

ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনী ফলাফলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন ৰাজ্যৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত লিখিছে, ''আমি জনতা জনাৰ্দনৰ সন্মুখত নতমস্তক। মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ নিৰ্বাচনৰ ফলাফলে এই কথা স্পষ্ট কৰি দিছে যে ভাৰতীয় সকলৰ আস্থা কেৱল আৰু কেৱল সুশাসন আৰু বিকাশৰ ৰাজনীতিৰ ওপৰত আছে। তেওঁলোকৰ ভৰষা বিজেপিৰ ওপৰত আছে।’’

তেওঁ লিখিছে, "এই সকলো ৰাজ্যৰ পৰিয়ালৰ সদস্য, বিশেষকৈ মাতৃ, ভগ্নী, কন্যা আৰু আমাৰ যুৱ ভোটাৰক বিজেপিৰ ওপৰত তেওঁলোকৰ মৰম, বিশ্বাস আৰু আশীৰ্বাদৰ বৰষুণ দিয়াৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছো। মই তেওঁলোকক আশ্বাস দিছো যে আপোনালোকৰ কল্যাণৰ বাবে আমি অধিক কাম কৰিম।" লগতে তেওঁ দলীয় কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লিখিছে, "আপোনালোক সকলোৱে এক অভূতপূৰ্ব আদৰ্শ দাঙি ধৰিছে। ৰাইজৰ মাজত বিজেপিৰ উন্নয়ন আৰু কল্যাণমূলক নীতিক আপোনালোকে যিদৰে আগবঢ়াই নিছে, তাক শব্দৰে বুজাব নোৱাৰি। আমি উন্নত ভাৰতৰ লক্ষ্য লৈ আগবাঢ়িছো। আমি ৰৈ থাকিব নালাগে, ভাগৰুৱাও হ'ব নালাগে। আমি ভাৰতক বিজয়ী কৰিব লাগিব। আজি আমি একেলগে এই দিশত এক শক্তিশালী পদক্ষেপ লৈছো।"

‘আমি শক্তিশালী হৈ উভতি আহিম’

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ বিনম্ৰভাৱে জনতাৰ এই আদেশ গ্ৰহণ কৰিছে আৰু লগতে লিখিছে যে তেওঁৰ মতাদৰ্শৰ যুঁজ অব্যাহত থাকিব। তেওঁ লিখিছে, "আমি মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ আদেশ বিনম্ৰভাৱে মানি লৈছোঁ, কিন্তু মতাদৰ্শৰ যুঁজ অব্যাহত থাকিব। তেলেংগানাৰ জনসাধাৰণলৈ মোৰ অশেষ ধন্যবাদ - জনসমৰ্থক তেলেংগানা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আমি নিশ্চিতভাৱে পূৰণ কৰিম। ধন্যবাদ। সকলো কৰ্মকৰ্তালৈ তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে বহুত বহুত ধন্যবাদ।”

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে তেলেংগানাৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি ছ’চিয়েল মিডিয়াত ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ ফলাফল সন্দৰ্ভত লিখিছে, “এই নিৰ্বাচনৰ ফলাফল আমাৰ আশা অনুসৰি হোৱা নাই, কিন্তু আমি কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে শক্তিশালী হৈ উভতি আহিম।” তেওঁ লগতে লিখিছে,"এই পৰাজয়ত হতাশ নোহোৱাকৈ আমি ইণ্ডিয়া মিত্ৰজোঁটৰ লগত মিলি দুগুণ উৎসাহেৰে লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব।"