ডিজিটেল ডেস্কঃ আমেৰিকাৰ ভাৰ্জিনিয়াত সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ দেশখনৰ সময় অনুসৰি পুৱা ৭ বজাত বেছবল অনুশীলন কৰা পথাৰত সংঘটিত হয় গুলীচালনা৷

এজন সাংসদক লক্ষ্য কৰি প্ৰায় ২০ জাই গুলিচালনা কৰে দুৰ্বৃত্তই৷ এই ঘটনাত সাংসদজনকে ধৰি ৫ জন লোক আহত হয়৷ গুলীচালনা কৰা দুবৃত্তক আটক কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷

উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷ জৰুৰীকালীন যান-বাহন চলাচলৰ বাবে ৰাস্তা মুকলি ৰখাৰ বাবে আলেক্সেণ্ড্ৰিয়া আৰক্ষীয়ে টুইটাৰযোগে আহ্বান জনাইছে জনসাধাৰণক। উল্লেখযোগ্য যে বিগত দিনত পশ্চিমীয়া দেশসমুহত বৃদ্ধি পাইছে হিংসাত্মক ঘটনা৷