বানৰ বিভীষিকাত ত্ৰস্ত উত্তৰ-পূবৰ ৰাজ্য ছিকিম। ৰাজ্যখনত মঙলবাৰে নিশা হঠৎ অহা বানে চাৰিখনকৈ জিলাত নমাই আনে দুৰ্যোগ। এই ভয়াৱহ বান পৰিস্থিতিত ৭ গৰাকী সেনা জোৱানসহ ২২ জন লোকৰ মৃত্যু ঘটাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে ১০৩ জন লোক। সন্ধানহীন সকলৰ মাজত ১৫ গৰাকী সেনা জোৱানো আছে। 

ৰাতিটোৰ ভিতৰতে ছিকিমৰ কেইবাটাও অঞ্চলত তিস্তা নদীৰ বাঢ়নী পানীয়ে বিভীষিকাৰ সৃষ্টি কৰাত ২০ হাজাৰৰো অধিক লোক এই বানৰ কবলত পৰে। বহু ঘৰ-দুৱাৰ বানে উটুৱাই নিয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পথ আৰু দলং পানীৰ কোবাল সোঁতত উটি যোৱাৰ ফলত ৰাজ্যখনৰ বহু অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিঘ্নিত হৈ পৰিছে। 

বান বিভীষিকাৰ পিছত সেনা, অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী-প্ৰশাসনে দুৰ্গতসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অন্যহাতে বিশেষজ্ঞসকলে এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ বিশ্লেষণৰ বাবে বৰ্তমান প্ৰচেষ্টা অব্যাহত ৰাখিছে। 

নিশাই বানৰ সংহাৰ, সকলো ছাৰখাৰ!

ছিকিমৰ উত্তৰ দিশত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৭,০০০ ফুট উচ্চতাত অৱস্থিত দক্ষিণ লোনাক হ্ৰদৰ ওপৰত মঙলবাৰে নিশা 'গ্লেচিয়েল লেক আউটবাৰ্ষ্ট’ৰ পিছতে হ্ৰদটো উফন্দি উঠে। যাৰ ফলত হ্ৰদটোৰ পাৰ ভাঙি প্ৰায় ৬৫ শতাংশ পানী মুকলি হৈ তিস্তা নদীত পৰাত মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে নৈৰ কোবাল সোঁতে সমুদ্ৰপৃষ্ঠৰ পৰা ৫ হাজাৰ ফুট উচ্চতাত অৱস্থিত ছিকিমৰ সৰ্ববৃহৎ ১২০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ অংশ তিস্তা তৃতীয় বান্ধ চাংথাং বান্ধ আংশিকভাৱে ভাঙি পেলায় আৰু মংগন, গেংটক, পাকয়ং আৰু ডিকচু জিলাৰ বিস্তীৰ্ণ অঞ্চললৈ বিভীষিকা নমাই আনে। 

চৰকাৰী তথ্য অনুসৰি এই বানত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০৩ জন লোক নিৰুদ্দেশ হৈছে। এই বানৰ সময়তে চিংটামৰ সমীপৰ বৰদাঙত কৰ্তব্যৰত ২৩ গৰাকী সেনা জোৱানো সন্ধানহীন হৈ পৰে। পৰৱৰ্তী সময়ত চলোৱা অভিযানত এগৰাকী জোৱানক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে ৭ জন জোৱানৰ মৃতদেহ জলপাইগুৰি আৰু কোচবিহাৰ জিলা আৰু ছিকিমৰ সীমান্তৱৰ্তী পশ্চিম বংগৰ উত্তৰ প্ৰান্তৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি অঞ্চলৰ তিস্তা নদী অৱবাহিকা আৰু ইয়াৰ উপনৈসমূহৰ পৰা উদ্ধাৰ কৰা হয়।  ইফালে বাংলাদেশৰ তিস্তা নদীত ওপঙি থকা অৱস্থাতো এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হয়। ৰাজ্যখনৰ প্ৰায় ২০ হাজাৰৰো অধিক লোক এই বানৰ কবলত পৰাৰ লগতে বহু লোকে নিজৰ ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

ছিকিমৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে পিটিআইক জনোৱা মতে, বিভিন্ন অঞ্চলক ছিকিমৰ সৈতে সংযোগ কৰা নামচি, গেংটক, পাকয়ং আৰু মংগন জিলাত অৱস্থিত কেইবাখনো দলং বানে উটুৱাই নিয়ে। বানৰ ফলত মংগন জিলাত ৮ খন দলং, নামচি আৰু গেংটকত দুখনকৈ দলংসহ মুঠ ১৪ খন দলং উটি যায়।

ইয়াৰ সমান্তৰালকৈ ছিকিমত পানীৰ পাইপলাইন, নলা-নৰ্দমাৰ লাইনকে ধৰি ২৭৭টা ঘৰ বানৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। বানৰ কোবাল সোঁতত ২৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত তিস্তা তৃতীয় জলবিদ্যুৎ প্ৰকল্পটোৰ লগতে প্ৰকল্পটোৰ জেনেৰেটিং ষ্টেচনৰ সৈতে সংযোগ কৰা দলংখনো ক্ষতিগ্ৰস্ত হয়। ইয়াৰ উপৰিও জেনেৰেটিং ষ্টেচনটোও পানীত বুৰ যায়। ছিকিমক পশ্চিম বংগ আৰু ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰো কেইবাটাও স্থানত ক্ষতিসাধন হয়। বানপানীৰ ফলত ফাইবাৰ কেবল লাইন ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ছিকিমৰ বহু ঠাইত মোবাইল নেটৱৰ্ক আৰু ব্ৰডবেণ্ড সংযোগ বিঘ্নিত হৈ পৰে।

ইফালে ছিকিম ভ্ৰমণলৈ অহা ৩ হাজাৰৰো অধিক পৰ্যটককো বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে। বহু পৰ্যটকে বৰ্তমান দুৰ্গম অঞ্চলত খাদ্য বা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ বিপৰীতে বহু পৰ্যটকক স্থানীয় লোক আৰু সেনাই উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে।


সেনাৰ উদ্ধাৰ অভিযান, ফটোঃ বিবিচি


ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বিশ হাজাৰৰো অধিক। ইয়াৰে বৰ্তমানলৈ ২০১১ জন লোকক উদ্ধাৰ কৰাৰ লগতে বাকী দুৰ্গতক উদ্ধাৰৰ বাবে অহৰহ অভিযান অব্যাহত ৰখা হৈছে। বানৰ ফলত ক্ষতিগ্ৰস্ত চাৰিখন জিলাতে ৰাজ্য চৰকাৰে সাহায্য শিবিৰ স্থাপন কৰিছে। একে সময়তে গেংটকত স্থাপন কৰা সাহায্য শিবিৰত বৰ্তমান ১০২৫ জন লোকে আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চিংটাম অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বানৰ ফলত আৱদ্ধ হৈ থকা ২৪১১ জন লোকক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। ইফালে ক্ষতিগ্ৰস্ত জিলা ৪খনত স্থাপন কৰা ২৬টা সাহায্য শিবিৰত বৰ্তমান ৭৬৪৪ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে বুলিও চৰকাৰী বিভাগটোৱে জানিবলৈ দিয়ে।

এই বিভীষিকাময় বানৰ কাৰণ কি?

বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, হিমবাহ হ্ৰদ হ’ল হিমবাহ গলি গঠন হোৱা পানীৰ সমষ্টি। হিমবাহৰ হ্ৰদবোৰ সাধাৰণতে বৰফ বা পলসসৃষ্ট প্ৰাকৃতিক মথাউৰিৰ দ্বাৰা আৱদ্ধ হৈ থাকে। কিন্তু এই মথাউৰিসমূহ অস্থিৰ হোৱাৰ বাবে বিভিন্ন কাৰণত, যেনে ভূমিকম্প, প্ৰচণ্ড বৰষুণ বা হিমস্খলনৰ ফলত পাৰসমূহ ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এই পাৰসমূহ কোনো কাৰণত ভাঙি গ’লে হ্ৰদৰ পানী দ্ৰুতগতিত বাহিৰলৈ ওলাই ক্ষন্তেকীয়া বানৰ সৃষ্টি কৰে। এই পৰিঘটনাক গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড (GLOF) বুলি কোৱা হয়।

বিশেষজ্ঞৰ মতে, হাজাৰ হাজাৰ হিমবাহৰ হ্ৰদ থকা হিমালয় অঞ্চলত জিএলঅ’এফ অস্বাভাৱিক নহয়। ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্ট (ICIMOD)ৰ এক অধ্যয়ন অনুসৰি কেৱল ছিকিমতে ৪৭টা সম্ভাৱ্য বিপজ্জনক হিমবাহৰ হ্ৰদ আছে। জিএলঅ’এফে তলৰ অঞ্চলত বাস কৰা লোকসকলৰ জীৱন আৰু জীৱিকাৰ লগতে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰতিও গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

হায়দৰাবাদস্থিত নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিত দেখা পোৱা অনুসৰি মঙলবাৰে নিশা ডাৱৰ বিস্ফোৰণ কৰি বানৰ সংহাৰ নমাই অনা হিমবাহ হ্ৰদটোৰ ১৭ ছেপ্টেম্বৰত তোলা ছবিৰ তুলনাত শেহতীয়াকৈ হ্ৰদটোৰ আকাৰ ১০০ হেক্টৰ হ্ৰাস পাইছিল। কেন্দ্ৰীয় জল আয়োগৰ এজন শীৰ্ষ বিষয়াই পিটিআইক জনোৱা মতে, প্ৰায় ১৬৮ হেক্টৰ এলেকাত বিস্তৃত এই বিশাল পাহাৰীয়া হ্ৰদটোক ইতিমধ্যে বিপদজনক পৰিস্থিতিৰ অন্তৰ্ভূক্ত কৰা হৈছিল। বৰ্তমান এই হ্ৰদটোৰ আয়তন ৬০ হেক্টৰলৈ হ্ৰাস পাইছে। 


♦ মুক্ত আৰু স্বতন্ত্ৰ হৈ থাকিবলৈ আমাক সহায় কৰক

 

কেন্দ্ৰীয় জল আয়োগ চমুকৈ চিডব্লিউচিয়ে ৪ অক্টোবৰৰ পুৱাৰ প্ৰতিবেদনত হ্ৰদৰ পাৰ ভাঙি যোৱা ঠাইত ডাৱৰ বিস্ফোৰণ হোৱা বুলি উল্লেখ কৰিছিল। কিন্তু নদী বান্ধক কৈ দীৰ্ঘদিন ধৰি কাম কৰি অহা পৰিৱেশকৰ্মী তথা জল বিশেষজ্ঞ হিমাংশু ঠাকুৰে কয় যে এই বানৰ সৈতে ডাৱৰ বিস্ফোৰণৰ কোনো মুখ্য ভূমিকা নাই। কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, 'যি ঠাইত এই ঘটনা সংঘটিত হৈছে সেয়া ৫ হাজাৰ মিটাৰতকৈয়ো অধিক উচ্চতাত অৱস্থিত। তেনে উচ্চতাত ডাৱৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা তেনেই কম। কেন্দ্ৰীয় জল আয়োগৰ কেবাগৰাকী শীৰ্ষ বিষয়ায়ো পিছত মন্তব্য কৰিছে যে এই দুৰ্যোগ ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা নাই।’

জল বিশেষজ্ঞ ঠাকুৰে কয় যে এই বান দক্ষিণ লোনাক হ্ৰদৰ পাৰ ভাঙি যোৱাৰ বাবেই হৈছে। তেঁও কয়, 'হ্ৰদটোৰ পাৰ অত্যন্ত ভংগুৰ আৰু অসুৰক্ষিত হৈ পৰিছিল। এই হ্ৰদটোক বিপজ্জনক হ্ৰদৰ তালিকাতো অন্তৰ্ভুক্ত কৰা হৈছিল। এই হ্ৰদটোৰ পৰা যে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাৰ আংশকা বহু আগতেই কৰা হৈছিল। কিয়নো এই হিমবাহ হ্ৰদটো যোৱা তিনি দশক ধৰি অস্থিৰ হৈ পৰিছিল।’

কেনেকৈ গঠন হয় হিমবাহ হ্ৰদ?

হিমবাহ হৈছে বৰফৰ অতি বৃহৎ টুকুৰা যাক আইচবাৰ্গ বুলিও কোৱা হয়। প্ৰায়ে দেখাত নদীৰ দৰে যদিও হিমবাদ হ্ৰদৰ সোঁত অতি ধীৰ হয়। বিশেষজ্ঞসকলে কয় যে একোটা হিমবাহ হ্ৰদ গঠন হ’বলৈ কেইবা বছৰ বা দশকৰ প্ৰয়োজন হয়।

এনে ঠাইত এই হিমবাহ হ্ৰদ গঠন হয় য’ত বৰফ পৰে যদিও গলি নাযায়। এই বৰফ ক্ৰমান্বয়ে কঠিন হৈ পৰে। ওজনৰ বাবে পাহাৰৰ পৰা পিছলিবলৈ আৰম্ভ কৰে। কিছুমান হিমবাহ ফুটবল খেলপথাৰৰ দৰে সৰু হয় যদিও কিছুমান অতি ডাঙৰ হয় আৰু ডজন ডজন কিলোমিটাৰৰ পৰা শ শ কিলোমিটাৰলৈকে দীঘল হয়।

আমেৰিকাৰ নেচনেল স্ন’ এণ্ড আইচ ডাটা চেণ্টাৰৰ তথ্য অনুসৰি বৰ্তমান বিশ্বৰ মুঠ ভূমিৰ ১০ শতাংশত হিমবাহ আছে।কোৱা হয় যে এই হিমবাহবোৰ কেইবা শতিকা পুৰণি, যি সময়ত পৃথিৱীৰ ৩২ শতাংশ ভূমি আৰু ৩০ শতাংশ সাগৰ বৰফেৰে আবৃত আছিল।

এই হিমবাহবোৰ গলি যোৱাৰ বাবেই পাহাৰীয়া অঞ্চলত হ্ৰদৰ জন্ম হয়। হিমবাহৰ গলনৰ হাৰ বৃদ্ধিৰ বাবে এই হ্ৰদসমূহৰ প্ৰসাৰণৰ হাৰো দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ডাৱৰ বিস্ফোৰণ বা ভূমিকম্পৰ ক্ষেত্ৰত পাহাৰীয়া অঞ্চলত গঠিত এই হ্ৰদসমূহত মজুত থকা পানীৰ দ্ৰুত পৰিৱৰ্তন ঘটে। যাৰ ফলত প্ৰবল প্ৰবাহেৰে উচ্চতাৰ পৰা বৈ আহি বিভীষিকা চলায় এই হিমবাহ হ্ৰদে।

আনকি ছিকিমৰ বানপানীৰ ক্ষেত্ৰতো একাংশ বিশেষজ্ঞই হ্ৰদটোৰ বৃহৎ আকাৰ আৰু মঙলবাৰে নেপালত হোৱা ভূমিকম্প এই বান বিভীষিকাৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰিছে। সংবাদ সংস্থা পিটিআইৰ মতে, বান বিভীষিকাৰ পিছত সেই স্থানত উপস্থিত হোৱা একাংশ বিশেষজ্ঞই এই দিশেৰেও বানৰ কাৰণ জানিবলৈ গৱেষণা অব্যাহত ৰাখিছে।

নদীবান্ধেই আকৌ নমাই আনিলে নেকি বিভীষিকা?

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰায় ২৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকাৰ্য আৰম্ভ কৰা তৃতীয় তিস্তা জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধ ভাঙি ছিকিমৰ ৪ খনকৈ জিলাত বিভীষিকাৰ সৃষ্টি কৰাৰ পিছতে পুনৰ এবাৰ নদীবান্ধৰ পৰা হ’ব পৰা বিপদক লৈ চৰ্চা আৰম্ভ হৈছে। কিছুদিন পূৰ্বে লিবিয়াত নদীবান্ধ ভাঙি নামি অহা প্ৰলয়ত ৫ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এইবাৰ ভাৰতৰে হিমালয়ৰ দাঁতিত অৱস্থিত এখন ৰাজ্যত এনেদৰে নদীবান্ধ ভাঙি বৈ যোৱা পানীৰ সোঁতে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে। চৰকাৰী তথ্য অনুসৰি এই বানত ইতিমধ্যে ২১ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে সেনা জোৱানকে ধৰি শতাধিক লোক সন্ধানহীন হৈ আছে।

উল্লেখ্য যে, ২০০৪ চনত কেন্দ্ৰ চৰকাৰৰ শক্তি মন্ত্ৰণালয়ে দেশৰ ১৬২টা হাইড্ৰেল প্ৰকল্পৰ প্ৰাৰম্ভিক সম্ভাৱনীয়তাক লৈ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। ইয়াৰে ১০টা ছিকিমত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল। এই পৰিকল্পনা অনুসৰিয়েই ১২০০ মেগাৱাট শক্তি উৎপাদনৰ উদ্দেশ্যৰে প্ৰায় ২৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তিস্তা নদীৰ ওপৰত তিস্তা তৃতীয় জলবিদ্যুৎ প্ৰকল্পটো।

২০১২ চনত এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত নিৰ্মাণকাৰ্য পিছুৱাই অৱশেষত ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা হয়। জলবিদ্যুৎ প্ৰকল্পটোৰ ঘোষণা কৰাৰ পিছৰে পৰা ছিকিমৰ স্থানীয় নিৱাসী, প্ৰকৃতিপ্ৰেমী, বিভিন্ন সংগঠন আদিয়ে এই প্ৰকল্পৰ বিৰোধিতা কৰি প্ৰতিবাদ, ধৰ্মঘট, সমদল আদি বাহিৰ কৰে। পৰিৱেশবিদসকলে এই প্ৰকল্পৰ ফলত বানপানীৰ সম্ভাৱনা অধিক বৃদ্ধি পোৱাৰ আশংকা সম্পৰ্কেও পূৰ্বেই সকিয়াই দিছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, ৰাষ্ট্ৰীয় জলবিদ্যুৎ উন্নয়ন নিগমৰ মতে ছিকিম আৰু পশ্চিম বংগৰ তিস্তা নদীত ৪৭টা জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বিভিন্ন পৰ্যায়ত চলি আছে। ইয়াৰে ৯টা প্ৰকল্পলৈ ধন আৱণ্টন দিয়া হৈছে, ১৫টা প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে আন ২৮টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় শেষ হোৱাৰ উপক্ৰম হৈছে।

বিশ্ব জল পৰিষদৰ জাৰ্নেলত ছিকিমৰ হাইড্ৰেল প্ৰকল্পৰ ওপৰত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি বুধবাৰৰ বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় উত্তৰ ছিকিমৰ আধাতকৈ অধিক হাইড্ৰেল প্ৰকল্প। বিশেষজ্ঞসকলে এই কথাও আঙুলিয়াই দিয়ে যে উত্তৰ ছিকিমত প্ৰৱল বৰষুণৰ পৰিঘটনাৰ ফলত ভূমিস্খলনৰ সম্ভাৱনা অধিক হোৱাৰ বাবে হাইড্ৰেল প্ৰকল্পৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনাও অধিক হৈ পৰে। পুণেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজিৰ বিভিন্ন অধ্যয়নতো এই একেই কথা প্ৰকাশ পাইছে।
 
উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা পশ্চিম বংগ ভূমিস্খলন বিশেষজ্ঞ সমিতিৰ সদস্য জেতা সংকৃত্যয়নে কয় যে ঐতিহাসিক তথ্য অনুসৰি তিস্তা নদীয়ে প্ৰতি ৫০ বছৰৰ মূৰে মূৰে নিজৰ ক্ৰোধ দেখুৱাই আহিছে আৰু ১৯৬৮ চনৰ বিপৰ্যয়ৰ পিছত বুধবাৰৰ এই পৰিঘটনাটোৱেই হৈছে আটাইতকৈ ডাঙৰ পৰিঘটনা।

তেওঁ লগতে কয়, “নদীৰ কাষত নদীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰা বান্ধ নিৰ্মাণৰ বাবে বৰষুণৰ প্ৰভাৱ লাঘৱ হৈছে। তিস্তা শক্তি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাটো তাৰেই উদাহৰণ।’’ এই নদীবান্ধেই বুধবাৰে সৃষ্টি হোৱা বান ধ্বংসলীলাৰ কাৰণ বুলিও মন্তব্য কৰে সংকৃত্যয়নে। ছিকিমৰ এই দুৰ্যোগৰ পৰা ছিকিম আৰু কেন্দ্ৰীয় চৰকাৰে শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰি অধ্যাপকগৰাকীয়ে কয় যে এনেধৰণৰ বিশাল পৰিসৰৰ জলবিদ্যুৎ প্ৰকল্পই ভৱিষ্যতেও ছিকিম আৰু পশ্চিম বংগৰ কিছু অংশত বিপৰ্যয় নমাই আনিব।

“আমি জানিছিলো যে এনে এটা দিন আহি আছে, আৰু অৱশেষত এই কথা সঁচা বুলি প্ৰমাণিত হ’ল। আমি এই বিষয়ে বহুদিন সকীয়াই দি আছিলো যদিও কোনেও শুনা নাছিল। এতিয়া এই বিপৰ্যয় নমাৰ পিছত অন্ততঃ চৰকাৰে শিক্ষা লোৱা উচিত। নদীক বাধা দি ৰাখিব বিচাৰিলে বিভীষিকা নিশ্চিত। অন্য বান্ধৰ ক্ষেত্ৰতো এনেকুৱা হব পাৰে।’’ অধ্যাপক তথা ভূমিস্খলন বিশেষজ্ঞ জেটা সংস্কৃত্যয়নে কয়।

ছিকিমৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে বান্ধ সমূহৰ কাৰ্যকাৰিতা সম্পৰ্কে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে হ্ৰদটোৰ পৰা বাগৰি অহা পানীয়েহে মানুহৰ জীৱন আৰু সম্পত্তি দুয়োটাতে প্ৰভাৱ পেলাইছে। তেওঁ লগতে কয়, ‘আমি সকলো বান্ধৰ সুৰক্ষাৰ পৰ্যালোচনা কৰিম।’

তিস্তা নদীয়ে নমাই অনা দুৰ্যোগ

ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্ট নামৰ এটা সংস্থাৰ সৈতে জড়িত জলবায়ু পৰিৱৰ্তনৰ জ্যেষ্ঠ বিশেষজ্ঞ অৰুণ বি শ্ৰেষ্ঠাই পিটিআইক কয় যে এতিয়ালৈকে এই দুৰ্ঘটনা সম্পৰ্কীয় তথ্য টুকুৰা টুকুৰকৈহে পোহৰলৈ আহিছে। তেওঁ কয় যে 'বংগোপ সাগৰত নিম্ন চাপৰ অঞ্চল গঠনৰ বাবে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত এই প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হোৱা যেন অনুভৱ হয়।' তেওঁ এয়াও কয় যে বিগত ২৪ ঘণ্টাত ছিকিমত ১০০ মিলিমিটাৰতকৈও অধিক বৰষুণ হৈছে।

একেটা প্ৰতিষ্ঠানৰ সৈতে জড়িত ক্ৰাইঅ’স্ফিয়াৰ বিশেষজ্ঞ মিৰিয়াম জেকচনে পিটিআইক কয় যে ‘প্ৰবল বৰষুণৰ বাবে ছিকিমত এনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰষুণৰ ফলত হিমবাহৰ হ্ৰদটো ফাটি তাৰ পৰা ওলোৱা পানীয়ে মথাউৰিটোৰ ক্ষতিসাধন কৰে। আমি দেখিবলৈ পাইছো যে এনে বৃহৎ ঘটনাৰ কম্পাঙ্ক বাঢ়িছে। কাৰণ জলবায়ু উষ্ণ হৈ আহিছে। আৰু ই আমাক এনে এটা যুগলৈ লৈ গৈছে যাৰ বিষয়ে আমি একো নাজানো।’

ৰাষ্ট্ৰীয় ৰিম’ট চেন্সিং চেণ্টাৰৰ তথ্য অনুসৰি ছিকিমত থকা মুঠ হিমবাহৰ হ্ৰদৰ সংখ্যা হৈছে ৭৩৩টা, ইয়াৰে ২৮৮টা হ্ৰদ ৫০০০ মিটাৰ উচ্চতাত অৱস্থিত। দক্ষিণ এছিয়া নেটৱৰ্ক অৱ ডেমছ, ৰিভাৰ্ছ এণ্ড পিপলৰ তথ্য অনুসৰি লোনাক হৈছে ছিকিমৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত হিমবাহৰ মৰেইন হ্ৰদ। ছিকিমৰ হিমালয় অঞ্চলৰ দ্ৰুতগতিত বৃদ্ধি পোৱা হ্ৰদসমূহৰ ভিতৰত এইটো অন্যতম।

তিস্তাৰ বান্ধৰ দুৰ্যোগ দেখি শংকিত অসমবাসী!

ছিকিমত সংঘটিত এই দুৰ্যোগৰ পিছতে নদীবান্ধৰ ভয়াৱহতাক লৈ অসমত পুনৰ চৰ্চা হোৱা দেখা গৈছে। অধিকাংশ লোকে ছ’চিয়েল মিডিয়াত ছিকিমৰ দুৰ্যোগ প্ৰভাৱিত অঞ্চলৰ ফটো শ্বেয়াৰ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধে সমগ্ৰ উত্তৰ অসমত এদিন ইয়াতকৈয়ো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে আশংকা ব্যক্ত কৰিছে। ছ’চিয়েল মিডিয়াত বিভিন্ন বিষয়ক লৈ সৰৱ হৈ অহা কেবাগৰাকী লোকে ছিকিমৰ প্ৰসংগ টানি আনি নদীবান্ধৰ সপক্ষে লেখা-মেলা কৰি অহা অসমৰ ব্যক্তিসকলক জবাবদিহিও কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্যে যে নদীবান্ধৰ প্ৰসংগক লৈ অসমত সময়ে সময়ে এনেধৰণৰ বিতৰ্ক চলি আহিছে। একাংশ লোকে বৃহৎ নদীবান্ধৰ সমৰ্থন কৰাৰ বিপৰীতে বহুতেই ইয়াৰ ফলত হ’ব পৰা ক্ষয়-ক্ষতিৰ দিশটোলৈ চাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মাত মাতি আহিছে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে বিৰোধীত থকা অৱস্থাত বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছিল। কিন্তু শাসনভাৰ পোৱাৰ পিছতেই বিদ্যুৎ শক্তিৰ প্ৰয়োজনীয়তাৰ কথা কৈ আধৰুৱা হৈ ৰোৱা নদীবান্ধ নিৰ্মাণৰ কাম ক্ষিপ্ৰ গতিত কৰিবলৈ আৰম্ভ কৰে। 

একেদৰে যিসমূহ দল-সংগঠনে নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল তেনে দল-সংগঠনসমূহেও সম্প্ৰতি প্ৰতিবাদৰ সুৰ কমাই আনিছে। ফলত প্ৰকল্পটোৰ কাম যুদ্ধকালীন গতিৰে আৰম্ভ হৈছে আৰু ২০২৩-২৪ বৰ্ষৰ শেষৰফালে কাম সম্পূৰ্ণ হ’লেই উৎপাদনো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।