newsnextone.com | শিৱসাগৰঃ যোৱা কেইবাটাও দিন ধৰি  নগা পাহাৰত নেৰেনেপেৰা বৰষুণ দি থকাৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে দিখৌ নৈ। ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাই ডুবাই পেলোৱাৰ খবৰ পোৱা গৈছে। বিভিন্ন ঠাইত বাট-পথ ডুবাই পেলোৱাৰ ফলত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়। বিভিন্ন ঠাইৰ পৰা একাংশ পৰিয়ালক অন্য ঠাইলৈ স্থানান্তৰিত কৰাৰ লগতে শিবিৰ স্থাপনৰ বাবেও সাজু হৈছে প্ৰশাসন। মঙলবাৰে ক্ৰমান্বয়ে পানী বাঢ়ি অহা পৰিলক্ষিত হৈছে।

জিলা খনত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থাকিবৰ বাবে বিভিন্ন চৰকাৰী বিভাগক জিলা উপায়ুক্তই নিদেৰ্শ জাৰি কৰিছে।

চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ বাবে সষ্টম হোৱা পৰিলক্ষিত হৈছে। অতি স্পৰ্শকাতৰ হৈ পৰিব পৰা অঞ্চলত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সেনাবাহিনীৰ জোৱানসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। জিলা উপায়ুক্তই নিজেই বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবৰ বাবে জিলা প্ৰশাসন সাজু বুলি কয়। 

আনহাতে যিকোনো দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ 1077 আৰু 03772-223397 নম্নবৰ ২৪ ঘণ্টাই ৰাইজৰ বাবে মুকলি কৰে। বানপানীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাইজক যোগাযোগৰ বাবে অৱগত কৰে।

শিৱসাগৰ নগৰৰ সমীপৰ চেৰেকাপাৰ, হাঁহচৰা, নাজিৰা, শিমলুগুৰিকে ধৰি বিভিন্ন অঞ্চলত মথাউৰিৰ ওপৰেৰে দিখৌৰ পানী বৈ থকা পৰিলক্ষিত হৈছে। শিৱসাগৰ নগৰৰ দাতিকাষৰীয়া চলেগাঁও, আমগুৰিঘাট, পকাঘাট, অৰ্জুনগুৰি, মৰনৈকিনাৰ আদি অঞ্চলত দিখৌৰ বাঢ়নী পানী মথাউৰিৰ ওপৰেৰে বৈ যোৱাৰ ফলত অঞ্চলসমূহৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷