নিউয়ৰ্কঃ ছ’চিয়েল মিডিয়া। কি ফেচবুক, কি টুইটাৰ। এই ক্ষেত্ৰখনত খোজ দিলে এনে লাগে যেন পৃথিৱীখন এখন তেনেই সৰু গাঁও। আৰু এইবোৰৰ সৈতে জড়িতসকল একো একোজন বিশ্ব নাগৰিক। মুঠৰ ওপৰত বিষয়টোক লৈ কিবা এটা ক’বলৈ গ’লেই মনলৈ আহে 'গ্ল’বেল ভিলেজ’ৰ কথা।

বাস্তৱত পিছে দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি। এনে পৰিপ্ৰেক্ষিততে বহুতে কোৱা-কুই আৰম্ভ কৰিছে যে বিশ্ব নাগৰিক নহয়, ইয়াৰ সৈতে জড়িতসকলৰ অধিকাংশই হেনো একো একোটা অতৃপ্ত আত্মাহে!

বহুতৰে এনে অনুমানকে এতিয়া সঁচা প্ৰমাণিত কৰিছে পিটাছবাৰ্গ বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই। পিটাছবাৰ্গ বিশ্ববিদ্যালৰ সমীক্ষাটোত কোৱা হৈছে যে যিসকল লোক ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয়, সেইসকলৰ মাজত একাকীত্ব সকলোতকৈ অধিক। লগতে তেওঁলোকৰ মাজত অৱসাদৰ ভাবো অধিক হোৱা দেখা যায়।

পিটাছবাৰ্গ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ এটি দলে ১৯ৰ পৰা ৩২ বছৰ বয়স পৰ্যন্ত ১ হাজাৰ ৭৮৭ গৰাকী লোকৰ ওপৰত চলোৱা সমীক্ষাৰ অন্তত এই কথা সদৰী কৰিছে। সমীক্ষাটোত ১০টাকৈ ছ’চিয়েল মিডিয়াক সামৰি লোৱা হৈছিল। এই কেইটা হৈছে ফেচবুক, ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম, পিণ্টাৰেষ্ট, গুগল প্লাছ, স্নেপচাট, ৰেডিট, টাম্বলাৰ আৰু লিংকেডন।

সমীক্ষাৰ ফলাফল প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে বিশেষজ্ঞৰ দলটো। কিয়নো এই ১০টা ছ’চিয়েল মিডিয়াত যিসকল লোকে দিনটোৰ অধিকাংশ সময় ব্যয় কৰে, সেই সকলৰ মাজৰ অধিকাংশৰে একাকীত্ব প্ৰবল।

সমীক্ষাৰ ফলাফলত দেখা গৈছে যে, যিসকলে প্ৰতি সপ্তাহে ৫৮ বাৰতকৈ অধিক সময় ছ’চিয়েল মিডিয়া ভিজিট কৰে তেওঁলোকৰ একাকীত্ব সপ্তাহত ৯ বাৰ বা তাতকৈয়ো কম সময় অনলাইন থকাসকলতকৈ ৩ গুণ অধিক।