গোৱালপাৰঃ গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী যুৱকে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' চেম্পিয়নছিপত গোৱালপাৰা চহৰৰ যুৱকজনে জিলিকি উঠে৷

সৰুৰে পৰা টাইকোৱানড' তথা সমৰ কলাৰ প্ৰতি আগ্ৰহী যুৱক ধীৰু নাথে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷

উৰিষ্যাৰ কটকৰ জেএন ইনডৰ ষ্টেডিয়ামত ২৪ আৰু ২৫ জানুৱাৰীত অনুষ্ঠিত হোৱা ফাষ্ট নেছনেল অপেন পুমচে টাইকোৱানড’ত গোৱালপাৰাৰ ধীৰু নাথে ৰূপৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ধীৰু নাথৰ এই সাফল্যত জিলা খনৰ ক্ৰীড়া প্ৰেমীয়ে আদৰণী জনায়৷