১১ ডিচেম্বৰ, ২০১৯৷ অসম আন্দোলনৰ পাছতে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটো এক ক’লা অধ্যায় হিচাপে অংকিত হৈ আছে৷ এই দিনটোতে সদনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। নাগৰিকত্ব আইন সংশোধনৰ খবৰ পোৱাৰ পাছতে ২০১৭ চনৰ পৰাই অসমত আৰম্ভ হৈছিল প্ৰতিবাদ৷ ২০১৮ চনৰ পৰা এই প্ৰতিবাদ জোৰদাৰ হৈছিল৷ ২০১৯ চনৰ মে’ মাহৰ পৰা প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়৷ কিন্তু ৭ ডিচেম্বৰৰ পৰা সমগ্ৰ অসম জ্বলিবলৈ আৰম্ভ কৰিছিল৷ মানুহ ৰাজপথতে আছিল৷ কোনো কাৰণতে এই ক’লা আইন মানি ল’ব খোজা নাছিল৷ কিন্তু অসমৰ মানুহৰ জনমতক আওকান কৰি নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে।

ভাৰতবৰ্ষৰ আন প্ৰান্তৰ মানুহৰ দৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ এই প্ৰতিবাদক ৰিজাব নোৱাৰি৷ অসম আৰু উত্তৰ পূৰ্বাঞ্চল হৈছে সীমান্তৱৰ্তী এলেকা৷ উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে বাংলাদেশৰ পৰা প্ৰব্ৰজিত লোক শংকাৰ কাৰণ হৈ পৰিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁথনি সলনি কৰি পেলাইছে৷ থলুৱা মানুহৰ অস্তিত্ব বিপন্ন হোৱাৰ সময়তে পুনৰ উত্তৰ-পূৰ্বাঞ্চলত শৰণাৰ্থীক সংস্থাপন কৰাৰ আওতাত ৰখাত খিলঞ্জীয়া জাতি-জনগোষ্ঠী শংকিত হৈ উঠে৷ যাৰ বাবে যিকোনো পৰিৱেশৰ সন্মুখীন হ’বলৈ সাজু আছিল অসমীয়া জাতি৷ অসমীয়া মানুহৰ আৰ্তনাদ, মৰণকাতৰ চিঞৰ দিল্লীয়ে শুনিব বুলি ভাবিছিল৷ কিন্তু দিল্লীয়ে চকু-কাণ বন্ধ কৰি ৰাখি বিধেয়কখনক আইনত পৰিণত কৰাত ক্ষোভত ফাটি পৰে অসমীয়া ৰাইজ৷ 

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন অনুযায়ী আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলে ভাৰতীয় নাগৰিকত্ব অৰ্জনৰ সুবিধা লাভ কৰিব৷ নাগৰিকত্ব আইন, ১৯৫৫ সংশোধন কৰাত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টানক ২০১৪ৰ ডিচেম্বৰ পৰ্যন্ত নাগৰিকত্ব প্ৰদান কৰা হ’ব। এই আইন প্ৰথমবাৰৰ বাবে ভাৰতীয় আইনৰ অধীনত নাগৰিকত্বৰ চৰ্ত হিচাপে ধৰ্মক স্পষ্টভাৱে ব্যৱহাৰ কৰা হৈছিল৷ যাৰ বাবে বিশ্বব্যাপী সমালোচনাৰো সন্মুখীন হৈছিল ভাৰত। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখনক ‘মৌলিকভাৱে বৈষম্যমূলক’ বুলি অভিহিত কৰি কয়, ‘‘ভাৰতৰ ‘নিৰ্যাতিত লোকক সুৰক্ষা দিয়াৰ লক্ষ্যক স্বাগতম, ইয়াক এক বৈষম্যহীন ‘শক্তিশালী ৰাষ্ট্ৰীয় আশ্ৰয় প্ৰণালী’ৰ জৰিয়তে সম্পূৰ্ণ কৰা উচিত।’’ 

আইনখন গৃহীত হোৱাৰ লগে লগে সমগ্ৰ অসমত ‘কা’ আমাক নালাগে, ‘কা’ বাতিল কৰক ধ্বনি উঠে। ছাত্ৰ সমাজৰ লগতে বুদ্ধিজীৱী, কবি, সাহিত্যিক, শিল্পী সকলো ৰাজপথলৈ ওলাই আহে। ৮ ডিচেম্বৰত গুৱাহাটীত এই আন্দোলনক মাত্ৰা দিয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ ৮ ডিচেম্বৰত গুৱাহাটীৰ ৰাজপথত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লাঠিৰে কোবাই বৰ্বৰভাৱে অত্যাচাৰ কৰা হয়৷ কেইবাগৰাকী ছাত্ৰী অচেতন হৈ পৰে৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি সাধাৰণ লোক ৰাজপথলৈ ওলাই আহিবলৈ ধৰে৷ ৯ ডিচেম্বৰৰ পুৱাৰে পৰা গুৱাহাটীত হাজাৰ হাজাৰ লোক ওলাই আহে৷ গুৱাহাটীৰ লগতে অসমৰ আন আন প্ৰান্ততো আন্দোলন তীব্ৰতৰ হয়৷ 

'কা' বিৰোধী আন্দোলনৰ ৪ বছৰ

কা’ বিৰোধী আন্দোলন সমাপ্ত হোৱাৰ চাৰি বছৰ পূৰ্ণ হ’ল৷ প্ৰথমে এই আন্দোলন আছু, জাতীয়াতাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চেকা-চোৰোগাকৈ কৰি আহিছিল৷ যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি গুৱাহাটীলৈ আহি শুনানিৰ দ্বাৰা অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰিছিল সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যথেষ্ট শক্তিশালী ভূমিকা লৈছিল। কিন্তু পাছলৈ এই আন্দোলন জাতীয় সংগঠনৰ হাতৰ পৰা ওলাই গৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু অসমৰ বহু মহাবিদ্যালয়ৰ ছাত্ৰসমাজে এই আন্দোলনৰ নেতৃত্ব লয়। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰই আন্দোলনত জপিয়াই পৰে। দিনে-ৰাতিয়ে প্ৰতিবাদ কৰি যাবলৈ আৰম্ভ কৰে। এই আন্দোলনৰ নেতৃত্ব ছাত্ৰ সমাজে লোৱাৰ পাছতে ডিচেম্বৰ মাহত সমগ্ৰ অসমত ভয়াৱহ প্ৰভাৱ পৰে। সাধাৰণ লোকেও এই আন্দোলনত জপিয়াই পৰে। 

গুৱাহাটীৰ লগতে আন আন প্ৰান্তত আৰক্ষীয়ে আন্দোলন দমন কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰিও বিফল হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ বাৰ্তাযোগে আন্দোলন বাতিল কৰিবলৈ আহ্বান জনায়৷ কিন্তু সেই আহ্বানক ৰাইজে ভ্ৰুক্ষেপ কৰা নাছিল৷  ১০ ডিচেম্বৰত এই আন্দোলনে গণ বিদ্ৰোহৰ ৰূপ লয়৷ আবাল, বৃদ্ধ, বনিতাই পুৱাৰে পৰা ৰাজ্যৰ সকলো ৰাজপথ বন্ধ কৰি দিয়ে৷ তাৰ লগে লগে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে৷ ১০ ডিচেম্বৰৰ পুৱাৰ ভাগত আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে ৰাজপথৰ পৰা আন্দোলনকাৰীক ছাত্ৰভংগ দিবলৈ ভৰপূৰ প্ৰয়াস কৰিছিল৷ কিন্তু আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ প্ৰয়াস বিফল হোৱাৰ লগতে আন্দোলনকাৰী উগ্ৰ হৈ পৰে৷ ঠায়ে ঠায়ে গাড়ী-মটৰটো অগ্নি সংযোগ কৰে৷ আন্দোলনে ধাৰণ কৰে জংগী ৰূপ। আন্দোলনৰ ভয়াৱহতালৈ চাই জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ অসম ভ্ৰমণ বাতিল কৰিবলগীয়াত পৰে চৰকাৰ।

১১ ডিচেম্বৰত অসমৰ সকলো অঞ্চলৰ দোকান-পোহাৰ বন্ধ হৈ পৰিল৷ গাড়ী-মটৰো বন্ধ হ’ল৷ ৰাজপথত কেৱল জুই আৰু জুই৷ টায়াৰ জ্বলাই নাগৰিকে প্ৰতিবাদ কৰি গ’ল৷ ১১ ডিচেম্বৰত গুৱাহাটীত আছুৰ নেতৃত্বত আন্দোলনক নতুন মাত্ৰা দিবলৈ প্ৰয়াস কৰা দেখা যায়৷ আছুৰ সৈতে লগ লাগে অসমৰ শিল্পীসকল৷ ৰাজপথলৈ ওলাই আহে জুবিন গাৰ্গো৷ ১১ ডিচেম্বৰত ৰাজ্য চৰকাৰে ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ খবৰ প্ৰকাশ পালে৷ সেই সময়তে জুবিন গাৰ্গে কৰিছিল এটা ফেচবুক পোষ্ট৷ '১২ ডিচেম্বৰত ১১ বজাত লতাশিললৈ আহক৷ অলপ পাছত ইণ্টাৰনেট বন্ধ হৈ যাব৷’ জুবিন গাৰ্গৰ এই আহ্বানৰ প্ৰতি ব্যাপক সহাৰি জনাই পোষ্টটো নিমিষতে ভাইৰেল হৈ পৰে। 

১১ ডিচেম্বৰত দিছপুৰ যাত্ৰা কৰি সচিবালয় ঘেৰাও কৰাৰ প্ৰয়াস কৰা হয়৷ সেই সময়তে শংকৰদেৱ কলাক্ষেত্ৰত একাংশ প্ৰতিবাদকাৰীয়ে উগ্ৰ ৰূপ ধাৰণ কৰে। ফলত শংকৰদেৱ কলাক্ষেত্ৰৰ গেটৰ ক্ষতিসাধন কৰা হয়৷ হাজাৰ হাজাৰ লোকে দিছপুৰ অভিমুখে যাত্ৰা কৰে৷ ইয়াৰ পিছতে কাৰফিউ জাৰি কৰি ইণ্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় গুৱাহাটীত। গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যত কাৰফিউ ঘোষণা কৰি অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়া হয়৷ 

১২ ডিচেম্বৰত জুবিন গাৰ্গ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, লুৰীণজ্যোতি গগৈ আৰু বিজেপিৰ নেতা তথা অভিনেতা যতীন বৰাও লতাশিলত উপস্থিত হয়৷ লতাশিলত হাজাৰ হাজাৰ লোক সমবেত হয়৷ নিৰাপত্তাৰক্ষীৰ বাধা ওফৰাই হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে লতাশিল খেলপথাৰ। লতাশিলত গীত-মাতেৰে প্ৰতিবাদ কৰি সিংহ গৰ্জন দিয়ে জনতাই৷ লতাশিলত এই আন্দোলনক ৰাজপথৰ পৰা খেলপথাৰলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আছুৱে৷ লতাশিলত জনতাৰ উগ্ৰমূৰ্তি দেখি চৰকাৰ কম্পমান হৈ পৰিল৷ উক্ত দিনাই লতাশিল খেলপথাৰৰ পৰা উভতি অহা জনতাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা হয়৷ উগ্ৰমূৰ্তি ধাৰণ কৰে নিৰাপত্তাৰক্ষীয়ে৷ গুৱাহাটীৰ হাতীগাঁৱৰ লগতে অসমৰ কেইবা ঠাইত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস শ্বহীদ হয়৷ ১২ ডিচেম্বৰৰ নিশা আতংকিত আন্দোলনকাৰী ঘৰৰ ভিতৰত সোমাই৷ আৰক্ষীয়ে আন্দোলনৰ নেতৃত্ব দিয়া লোকক বিচাৰিবলৈ আৰম্ভ কৰে৷  

উজনিত আন্দোলনক নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটত গ্ৰেপ্তাৰ কৰা হয়৷ ১৩ ডিচেম্বৰত কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰসহ আন ছয় নেতাক গ্ৰেপ্তাৰ কৰা হয়৷ ১১-১২ ডিচেম্বৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাৰক্ষীৰে আন্দোলনকাৰীৰ সংঘৰ্ষ লাগে৷ এই সংঘৰ্ষত বহু লোক আহত হয়৷ ১১-১২ ডিচেম্বৰত গুৱাহাটীত ব্যাপক হাৰত ৰাজহুৱা সম্পত্তিৰ ক্ষতি হয়৷ গণেশগুৰি-খানাপাৰা ৰোড আৰু গণেশগুৰি-উলুবাৰী ৰোডত আন্দোলনকাৰীয়ে ব্যাপক উৎপাত চলাই৷ পথৰ দাঁতিৰ বেৰিকেড ভাঙি পেলোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ গাড়ীতো অগ্নিসংযোগ কৰে৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গাড়ীতো আক্ৰমণ কৰিবলৈ উদ্যত হয় একাংশ লোক৷ 

অসম আৰক্ষীয়ে ২০১৯ চনৰ ১৬ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ ৰাজ্যত ১৭৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১,৪৬০ জন প্ৰতিবাদকাৰীক আটক কৰিছিল। তদানীন্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ২৫ জন প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ৫০ জন আৰক্ষী আহত হোৱা বুলি উল্লেখ কৰিছিল৷ 

১২ ডিচেম্বৰৰ পাছত লাহে লাহে আছুৱে গণ আন্দোলনক ঠেকি আনে৷ ৰাজপথৰ পৰিৱৰ্তে খেলপথাৰত মানুহৰ সমাৱেশ হ’বলৈ ধৰে৷ আছুৰ নেতৃত্বত শিল্পীসকলে হিংসাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে আন্দোলন কৰি যাবলৈ পণ লয়৷ মঞ্চৰ আন্দোলনৰ সম্পূৰ্ণ দায়িত্ব লয় আছু আৰু জুবিন গাৰ্গৰ নেতৃত্বৰ শিল্পীসকলে৷ ৰাজপথৰ আন্দোলন গৈ খেলপথাৰ পালে৷ প্ৰায় ১৫ দিন খেলপাথৰত আন্দোলন চলাৰ পাছতে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত আন্দোলন স্তিমিত হৈ পৰে৷ 

ছাত্ৰ-ছাত্ৰীয়ে গণ আন্দোলনৰ ৰূপ দিয়া এই আন্দোলন ছেদেলি-ভেদেলি হৈ পৰে৷ মষিমূৰ হৈ পৰে জাতীয় আৱেগ৷ কেৱল মহানগৰীতেই সীমাবদ্ধ হৈ ৰয় আন্দোলন। পাছৰ পৰ্যায়ত গাঁৱৰ মানুহক আস্থাত লোৱা দেখা নগ’ল৷ ৮ ডিচেম্বৰৰ ১২ ডিচেম্বৰলৈ জনগণে নিজেই নেতৃত্ব দিছিল আন্দোলনক। কিন্তু ১১ আৰু ১২ ডিচেম্বৰৰ হিংসাত্মক কাৰ্যকলাপে আন্দোলনৰ ৰূপৰেখা সলনি কৰি পেলায়।

আন্দোলন হৈ পৰিছিল ঐতিহাসিক গণ বিদ্ৰোহ৷ ছাত্ৰ সমাজৰ নেতৃত্বৰ আন্দোলন জাতীয় সংগঠনৰ নেতৃত্বলৈ গ’ল৷ কেইবা ঘণ্টা হিংসাত্মক ৰূপ ল’লে৷ আন্দোলনৰ শান্তিপূৰ্ণ ৰূপ ভংগ হোৱাত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিলে৷ সেই সময়ত সুবিধা ল’লে চৰকাৰে৷ বন্দুকৰ গুলী ফুটাই আন্দোলনক মষিমূৰ কৰিলে৷ অসমৰ জনগণে স্বতঃস্ফূৰ্ত আৰু স্বতন্ত্ৰ নেতৃত্ব দিছিল গণ বিদ্ৰোহক৷ বিভিন্ন অঞ্চলত একেই দৰে সমাজে নেতৃত্ব দিছিল৷ তাৰ পৰৱৰ্তী আন্দোলন সংগঠনসমূহৰ হাতলৈ গুচি যোৱাত বিশৃংখল হৈ পৰে৷ ফলত আন্দোলন হৈ পৰে আৰু দুৰ্বল৷

আন্দোলন ব্যৰ্থ কৰাত সফল চৰকাৰ!

ৰাজ্য চৰকাৰে গণ আন্দোলনক স্তিমিত কৰাত সফল হ’ল। জাতীয় সংগঠনৰ মাজত বিভেদ বৃদ্ধি পালে৷ আছু, যুৱ-ছাত্ৰ পৰিষদে সুকীয়া সুকীয়াকৈ আন্দোলন আৰম্ভ কৰিলে৷ বামপন্থীসকলে পৃথকভাৱে আন্দোলনে কৰিলে। পৃথক পৃথকে আন্দোলন কৰাৰ ফলত সমগ্ৰ গণ আন্দোলন অসহায় আন্দোলনত পৰিণত হ’ল৷

এই আন্দোলনৰ ফলশ্ৰুতিত গঠন হ’ল দুটাকৈ ৰাজনৈতিক দল৷ লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু কাৰাগাৰৰ পৰাই অখিল গগৈৰ নেতৃত্বত গঠন হয় ৰাইজৰ দল৷ দুয়োটা দলে বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে যদিও ফলাফল শূন্য হ’ল৷  ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেৱল কাৰাগাৰৰ ভিতৰত থকাৰ ফলত আৱেগৰ বাবেহে জয়ী হৈ হ’ল৷ বাকী দুয়োটা দলৰ সকলো প্ৰাৰ্থীয়ে পৰাজিত হৈছে৷ যি অসমৰ ৰাইজে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন কৰিছিল সেই অসমৰ ৰাইজেই বিজেপিক দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সুবিধা দিলে৷  

ক’ভিডৰ বাবে অসমৰ গণ আন্দোলন স্থগিত ৰখা হ’ল৷ কিন্তু একেই পৰিৱেশত পঞ্জাৱ, হাৰিয়ানাৰ কৃষকে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি তিনি কৃষক বিৰোধী আইন বাতিল কৰিবলৈ সক্ষম হয়৷ যাৰ বাবে আজি অসমৰ জাতীয় সংগঠনৰ নেতৃত্বক নতুন প্ৰজন্মই বাৰে বাৰে প্ৰশ্ন কৰি গৈছে৷ কৰবাত অসমৰ জাতীয় সংগঠনে ‘কম্প্ৰমাইজ’ কৰিলে নেকি? বিজেপি চৰকাৰৰ ওচৰত কম্প্ৰমাইজ কৰা বুলি বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আহিছে৷ জাতীয় সংগঠনৰ আহ্বানত ঘৰৰ পৰা ওলাই গৈ ছেম ষ্টেফৰ্ডৰ দৰে ছাত্ৰই প্ৰাণ হেৰুৱাইছে৷ পৰৱৰ্তী সময়ত কোনোবা ছেমৰ মাতৃয়ে আন্দোলনলৈ নিজ সন্তানক প্ৰেৰণ কৰিবনে? পঞ্চ শ্বহীদে প্ৰাণ হেৰুওৱাৰ পাছতো জাতীয় সংগঠনৰ নেতৃত্বৰ যুদ্ধংদেহী ৰূপ লোৱাৰ পৰিৱৰ্তে নমনীয় স্থিতি লৈছিল বুলিও সমালোচিত হোৱা দেখা গৈছে।

আন্দোলনৰ পথ এৰি আছু, যুৱ-ছাত্ৰ পৰিষদ, বিৰোধী দল কংগ্ৰেছসহ বিভিন্ন দল-সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে আৰ্জি দিয়ে৷ এই আইন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আতৰাই ৰাখিবলৈ আৰ্জি দিছে দল-সংগঠনে৷ উচ্চতম ন্যায়ালয়ত এই বিষয়ত শুনানি অব্যাহত আছে৷  

ইয়াৰ দ্বাৰা এটা কথাই প্ৰমাণিত হয় যে দিল্লীয়ে পূৰ্বৰ দৰে অসমৰ জাতীয় দল-সংগঠনক গুৰুত্ব প্ৰদান নকৰা হ’ল৷ অসম তথা অসমীয়াক প্ৰতিনিধিত্ব কৰা জাতীয় দল-সংগঠন দিল্লীয়ে গুৰুত্ব নিদিয়াৰ পাছতো বিজেপি চৰকাৰৰ বিৰুদ্ধে জাতীয় সংগঠনে নমনীয় স্থিতি লৈ আহিছে৷ সেয়েহে ১১ আৰু ১২ ডিচেম্বৰত সমগ্ৰ অসমৰ মানুহ ৰাজপথলৈ ওলাই অহাৰ পাছতো আইন সদনত গৃহীত কৰিছিল চৰকাৰে৷ 

এই আন্দোলন আছিল অসমৰ নাগৰিকৰ গণ আন্দোলন৷ জাতীয় স্বাভিমান থকা লোকৰ আন্দোলন৷ হালুৱা, ৰণুৱা, বনুৱা, ব্যৱসায়ী, চাকৰিয়াল, ছাত্ৰ, বনিতা, বৃদ্ধা সকলোৱে অংশ লৈছিল এই আন্দোলনত৷ কিন্তু পাছৰ পৰ্যায়ত গণ আন্দোলনক হাইজেক কৰা হ’ল৷ আন্দোলন ৫ বজাৰ পাছত নকৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ একাংশ নেতাই যেন আন্দোলনক ভুল পথেৰে নিবলৈ প্ৰয়াস কৰিছিল৷ অসমীয়া মানুহৰ আৱেগক কুঠাৰাঘাট কৰি জাতীয় অভিমানক যেন ভৰিৰে মোহাৰিবলৈ তলে তলে চেষ্টা চলাই গৈছিল একাংশই।

পঞ্চ শ্বহীদক স্মৰণ

আজি পঞ্চ শ্বহীদক অসমবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৰণ কৰে৷ মঙলবাৰৰ দিনটোত গুৱাহাটীৰ কমাৰ্চ কলেজস্থিত কলেজ শিক্ষক কৰ্মচাৰী সন্থাৰ কাৰ্যালয়ত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ দ্বাৰা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ ১৫টা বিৰোধী দলৰ নেতৃবৃন্দ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 'কা’ বিৰোধী সমন্বয় সমিতিৰ আহ্বায়ক দেৱেন তামুলীয়ে আঁতধৰা সভাখনত চিপিএমৰ বৰ্ষীয়ান নেতা হেমেন দাস, কংগ্ৰেছ দলৰ প্ৰতিনিধি প্ৰবীণ বড়ো, বেদব্ৰত বৰা, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, চিপিআই নেতা কনক গগৈ, লোকনাথ গোস্বামী, আপ অসমৰ সভাপতি ডা০ ভৱেন চৌধুৰীকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ বিৰোধী দলৰ নেতা উপস্থিত থাকে৷ এই সভাত 'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন গঢ়ি তোলাৰ প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলে। 'কা’ আইন অসমত প্ৰযোজ্য হ’লে অসমৰ সকলো জাতি-জনগোষ্ঠী বিশেষকৈ খিলঞ্জীয়া লোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব বুলি সকলোৱে মত পোষণ কৰে। সীতানাথ লহকৰে ওজাপালি পৰিৱেশনেৰে 'কা’ৰ বিৰুদ্ধে ৰাইজক সজাগ কৰে। 

আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ আৰু হাতীগাঁওবাসী ৰাইজৰ সহযোগত হাতীগাঁও হাইস্কুল প্ৰাংগণত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত আছুৰ শীৰ্ষ নেতৃত্বৰ লগতে ছেম ষ্টেফৰ্ডৰ অভিভাৱকে উপস্থিত থাকি ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘কা’ আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অসম জাতীয় পৰিষদৰ উদ্যোগতো শ্বহীদ দিৱস পালন কৰা হয়৷ তিনিচুকীয়াৰ পানীতোলা বৰচাপৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলটোৱে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লুৰণীজ্যোতি গগৈ উপস্থিত থাকি আত্মবলিদান দিৱস হিচাপে ৫ শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ অসমৰ গণ-অভ্যুত্থান ‘কা’ আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদৰ পবিত্ৰ স্মৃতিত ১২ ডিচেম্বৰ দিনটোক অজাপে আত্মবলিদান দিৱস ৰূপে পালন কৰি আহিছে বুলিও কয় লুৰীণজ্যোতি গগৈয়ে৷

‘কা’ আন্দোলনৰ ফলশ্ৰুতিত জন্মপোৱা আন এটা দল ৰাইজৰ দলে শিৱসাগৰত শ্বহীদ দিৱস পালন কৰে৷ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি যাচে অখিল গগৈয়ে৷ শ্বহীদ দিৱসত ‘কা’ অসমত কাৰ্যকৰী কৰিবলৈ নিদিয়াৰ সংকল্প লৈ সকলোকে শপত বাক্য পাঠ কৰাই অখিল গগৈয়ে৷ ছেম ষ্টেফৰ্ডৰ হাতীগাঁৱৰ ঘৰতো স্থানীয় লোকে শ্বহীদ দিৱস পালন কৰে৷ পুৱা ছেম ষ্টেফৰ্ডৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰাৰ লগতে অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা। এদিন পূৰ্বে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনে চমুকৈ নেছোৱেও উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজধানীত ক'লা দিৱস পালন কৰে৷ চিএএৰ বিৰুদ্ধে ক'লা পতাকা, প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজনৈতিক লাভৰ বাবে নাগৰিকত্ব সংশোধনী আইন নকৰিবলৈ কেন্দ্ৰক সতৰ্ক কৰি দিয়ে নেছোৱে।

এনেকৈ বছৰ আহিব, বছৰ বাগৰিব। আজি ৪ বছৰ সম্পূৰ্ণ কৰা 'কা' আন্দোলনে অহা বছৰ ৫ বছৰ অতিক্ৰম কৰিব। কথা হল অসম আৰু অসমীয়াৰ ভৱিষ্যত কি হ'ব? এই আন্দোলনে অসম আৰু অসমীয়াক কি দিলে আৰু কি কাঢ়িলে সেই প্ৰশ্নৰ উত্তৰো এই মুহূৰ্তত প্ৰাসংগিক হৈ পৰে। একপ্ৰকাৰ ব্যৰ্থ হৈ পৰা এই 'কা' আন্দোলনেই অসমীয়া জাতিৰ শেষৰটো আন্দোলন হৈ পৰিব নেকি? ইয়াৰ পিছত অসমীয়া জাতিয়ে প্ৰতিবাদ কৰাৰ মনোবল হেৰুৱাই পেলাব নেকি? চৰকাৰে অধিকাংশ অসমীয়াক হিতাধিকাৰীত পৰিণত কৰি তোলাৰ পিছত অসমীয়া জাতিটোৱে চৰকাৰে যি  কৰে সেয়াই শুদ্ধ বুলি মানি লৈ নীৰৱে সকলো সহি যাবলৈ আৰম্ভ কৰিব নেকি? এনে বহু প্ৰশ্নৰ উত্তৰবোৰ অসমৰ সচেতন ৰাইজে সময় থাকোতেই ভাবি উলিয়াব লাগিব। অন্যথা সকলোবোৰ ইতিহাসৰ গৰ্ভত হেৰাই যে যাব সেয়া নিশ্চিত।


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.