গুৱাহাটীঃ দিল্লীৰ এম চি ডি নিৰ্বাচনত শোচনীয় পৰাজয় আৰু পঞ্জাৱৰ বিধান সভা নিৰ্বাচনত আশানুৰূপ ফল লাভত ব্যৰ্থ হোৱাৰ পিছতে অসন্তুষ্ট আম আদমী পাৰ্টি চমুকৈ আপত আৰম্ভ হৈছে খহনীয়া। শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতাই দলত্যাগ কৰাৰ পিছত আঞ্চলিক নেতাসকলেও ক্ৰমাৎ দলৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা দেখা গৈছে।

অসমতো দলৰ ভেটি সবল নৌহওতেই আতৰি যাবলৈ আৰম্ভ কৰিছে এজন এজনকৈ নেতাই। এই অনুযায়ী দেওবাৰে দলৰ ৰাজ্যিক সমন্বয়ক পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে জিন্তী গগৈয়ে। তেওঁ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখা জিন্তী গগৈয়ে প্ৰায় জন্মলগ্নৰে পৰা দলটোৰ সৈতে জড়িত আছিল। কিন্তু আজি হঠাৎ জিন্তী গগৈয়ে দল ত্যাগ কৰাত অসমত দলটোৰ ভৱিষ্যত সন্দৰ্ভত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

ইফালে পদত্যাগ সন্দৰ্ভত সুদীৰ্ঘ দিন ধৰি দলটোৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নেত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিয়ে তেওঁক এনে সিদ্ধান্ত ল'বলৈ বাধ্য কৰি তুলিছে। সবিশেষ কাৰণসহ পদত্যাগ পত্ৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা বুলিও সদৰী কৰিছে নেত্ৰীগৰাকীয়ে।

''মই জিন্তী গগৈয়ে আম আদমী পাৰ্টী অসমৰ সমন্বয়ক পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিলো। পৰিস্থিতিয়ে মোক বাধ্য কৰাত মই অসমত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখা সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী।’’-এক বিবৃতিত এইদৰে উল্লেখ কৰিছে সংগ্ৰামী নেত্ৰীগৰাকীয়ে। 

বিবৃতিটোত তেওঁ বিগত চাৰি বছৰত প্ৰতিকূল ৰাজনীতিৰ মাজতো নীতি-আদৰ্শ ৰজাই ৰাখি দলটোক পৰিচালনা কৰাত সহায় কৰা প্ৰতিজনকে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। নেত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰিছে যে দল ত্যাগ কৰিলেও দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আৰু সামাজিক অধিকাৰৰ হকে সদায়েই তেওঁৰ সংগ্ৰাম অব্যাহত থাকিব।