newsnextone.com | মৰিয়নীঃ বৃহস্পতিবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটত ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চেলেংহাট আঞ্চলিক সমিতিয়ে চেলেংহাট অঞ্চলৰ বাট-পথৰ উন্নয়ন কৰাৰ দাবী জনায়। 

ৰাজ্য চৰকাৰে অসমৰ গ্ৰাম্য এলেকা উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। শতাধিক লোকে চেলেংহাটত পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে অঞ্চলটোৰ বাট-পথৰ অৱস্থা উন্নত কৰাৰ দাবী জনাই অন্যথাই জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে।

মৰিয়নী নকছাৰি চেলেংহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি টিয়ক ৰাজহ চক্ৰৰ চেলেংহাট অঞ্চলৰ গড়কাপ্তানী পথ সমূহ পুনৰ নিৰ্মাণৰ দাবী জনায়। টিয়ক-চেলেংহাট সংযোগী পথ, টিয়ক-বৈছাহাবি সংযোগী পথৰ লগতে ধোদৰআলিৰ পুনৰ নিৰ্মাণৰ দাবী জনায়।

কৃষক মুক্তিয়ে কয় যে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা এই চৰকাৰ খনৰ দিনত যাতায়াত ব্যৱস্থা এনে পৰিবেশত থকাটো দুখজনক কথা। এইখন চৰকাৰে ডিজিটেল ইণ্ডিয়াও কৰক আমাৰ আপত্তি নাই, কিন্তু আমাৰ বাট-পথৰ সুব্যৱস্থা কৰক। আমাক ৰাস্তা সমূহ নিৰ্মাণ কৰি দিয়ক। 

কাৰ্যসুচীত চেলেংহাট অঞ্চলৰ জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷ চৰকাৰ-প্ৰশাসনক সকিয়াই দি অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব বুলি কয়। জাতি মাটি ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকলো কথাতে বাহঃ বাহঃ লোৱাৰ পৰিৱৰ্তে হাতে কামে লাগিবলৈ অনুৰোধ দাবী জনায় টিয়কৰ ৰাইজে।