ডিজিটেল ডেস্কঃ জন্মদিনৰ আনন্দ যেন নিমিষতে নাইকীয়া হৈ গ’ল। ২১ বৰ্ষীয় ৰেশমা খানে ভাতৃৰ সৈতে জন্মদিন উদযাপন কৰি থকা অৱস্থাতেই মাজ ৰাস্তাত দুৰ্বৃত্তই এচিড নিক্ষেপ কৰা পিছতে এতিয়া ভাতৃ জমীল মুখতাৰ ক’মাত আৰু ৰেশমা খানে নাজানে যে ইয়াৰ পিছত জীৱন একেই হৈ থাকিবনে নাই।

এই কৰুণ অৱস্থা মানচেষ্টাৰ মেট ইউনিভাৰ্ছিটিৰ ছাত্ৰী ৰেশমাৰ। শৈক্ষিক এক্সচেঞ্জৰ অংশ হিচাপে চাইপ্ৰাছৰ পৰা এবছৰৰ মুৰত উভতি আহি ভাতৃৰ সৈতে গাড়ীত গান শুনি পূৱ লণ্ডনৰ বেকটনত ট্ৰাফিকৰ ৰঙা লাইট দেখি ৰৈছিল দুয়োজন। কিন্তু চিগনেল সেউজীয়া হোৱাৰ আগতেই ঘটিল অঘটন।

অচিনাক্ত দুৰ্বৃত্তই প্ৰথমে ৰেশমাৰ মুখলৈ এচিড নিক্ষেপ কৰে। তাৰ পিছতেই গাড়ীৰ ষ্টিয়েৰিঙত থকা জমীললৈও নিক্ষেপ কৰে এচিড। চকুৰ সমুখতে নিজৰ গা আৰু কাপোৰ জ্বলি উঠা দেখি আতংকিত হৈ উঠা দুয়োজনে গাড়ীখন চলাই তাৰপৰা প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও প্ৰচণ্ড বেদনাত চটফটাই থকা জমীলৰ কাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

লগে লগে প্ৰত্যক্ষদৰ্শীৰ সহায়ত জমীলৰ কাপোৰ খুলি উলংগ অৱস্থাতে দুয়োজনকে হস্পিতাললৈ লৈ যোৱা হয়। ক’মাত থকা ভাতৃৰ কথা কৈ দুখ কৰি আৰু নিজৰ মুখমণ্ডল চাই আতংকিত হৈ পৰা ৰেশমাই কয় যে তাই নাজানে জীৱনটো ইয়াৰ পিছত একেই হৈ থাকিব নে নাই।

এই ঘটনা ৰেশমাই টুইটাৰত শ্বেয়াৰ কৰাৰ লগে লগে লক্ষাধিক লোকে কৰুণ কাহিনীটো ৰিটুইট কৰে। ইফালে ৰেশমাৰ বন্ধুবৰ্গই গফাণ্ডমি পেজৰ জড়িয়তে ৰেশমাৰ চিকিৎসাৰ বাবে পুঁজি জমা কৰা আৰম্ভ কৰিছে।