মহুৰামুখঃ গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ ৰাইজে আজিও বিভিন্ন সমস্যাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে৷ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ দখলত থকা বোকাখাত সমষ্টিত এতিয়া চৰম অচলাৱস্থা বুলি কলেও ভুলকৈ কোৱা নহ’ব৷ সমষ্টিটোৰ কেইবা খন ঠাইৰ লোকে বাঁহৰ দলঙেৰে আহ-যাহ কৰিব লগা হয়৷ বিশেষকৈ মহুৰামুখ অঞ্চলত ৰাইজে গাঁঠিৰ ধন ভাঙি বাহৰ দলং সাজি আহ-যাহ কৰিব লগা হয়৷

সমষ্টিটোৰ হাজাৰ হাজাৰ লোকে আজিও বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱা দেখা যায়৷ আজিও ৰাইজে বাঁহৰ দলঙেৰে আহ-যাহ কৰিব লগীয়া হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে মাটিত বহি শিক্ষাগ্ৰহণ কৰিব লগা হয়৷ সমষ্টিটোৰ বাট-পথৰ কদৰ্য অৱস্থাৰ সমানে সমানে বোকাখাতৰ পশ্চিম শিক্ষা খণ্ডৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে আজিও জৰাজীৰ্ণ গৃহত শিক্ষাগ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে৷

পশ্চিম শিক্ষা খণ্ডৰ বিদ্যালয়ৰ লগতে অংগনবাড়ী কেন্দ্ৰ সমূহৰ অৱস্থা প্ৰত্যক্ষ কৰিলে সমষ্টিটোৰ উন্নয়নৰ ছবিখন ওলাই পৰে৷ কেন্দ্ৰ সমূহক গৃহ সমূহৰ বেৰ নোহোৱাকৈয়ে কণ কণ শিশুৱে পুৱাই পঢ়িবলৈ আহে৷ দেশৰ চৰকাৰে শিশুৰ শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ ৰূপে গণ্য কৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ শিশুক আগুৱাই নিবলৈ চেষ্টা কৰাৰ সময়তে এগৰাকী মন্ত্ৰীৰ সমষ্টিৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক৷

শাসনৰ গাদীত থকা অগপ দলৰ মুৰব্বীজনৰ সমষ্টিৰ জলন্ত সমস্যাসমূহ সমাধানৰ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰতি দিছিল কিন্তু সময় যোৱাৰ লগে লগে সকলোবোৰ প্ৰতিশ্ৰুতি এতিয়া ফোটোকাৰ ফেনত পৰিণত হ’ল৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ দল সাজু হৈছে৷ কিন্তু সভাপতিৰ সমষ্টিৰ বিভিন্ন এলেকাত উন্নয়ন নোহোৱা কাৰ্যই চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিন্তু উন্নয়নৰ নামত চৌদিশে এতিয়া অৰাজকতা৷

ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত এতিয়া চৰম অচলাৱস্থাত৷ গোলাঘাট জিলাৰ বোকাখাতৰ পশ্চিম শিক্ষা খণ্ডৰ ১৯৭৯ চনত স্থাপন কৰা ২নং বৰটিকা বিদ্যালয়ত বৰষুণ দিলে ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰিব নোৱাৰ৷ বিদ্যালয় খনত বহিবলৈ নাই ডেস্ক-বেঞ্চ৷ বিশুদ্ধ খোৱাপনী, শৌচালয়, প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই৷ গোলাঘাট জিলাৰ বোকাখাত বিধান সভাৰ মহুৰামুখত আছে এই বিদ্যালয় খন৷ দৰিদ্ৰ পৰিয়াল, জনজাতিয় লোকৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া এই খন বিদ্যালয় নহয় এনে ধৰণৰ বিদ্যালয় অঞ্চলটোত বহু কেইখন আছে৷ মহুৰামুখ অঞ্চল বানাক্ৰান্ত অঞ্চল৷

বানাক্ৰান্ত অঞ্চলটোত বৰটিকা গাঁৱত ১৯৭৯ চনত এইখন এল পি স্কুল ৰাইজে প্ৰতিষ্ঠা কৰিছিল। ২নং বৰটিকা এলপি স্কুলখনৰ আন্তঃগাঁথনি শূণ্য। বিধ্বস্ত স্কুল গৃহ, নাই ছাত্ৰ-ছাত্ৰীৰ বাবে ডেস্ক-বেঞ্চ। মাটিত বস্তা পাৰি বহে ছাত্ৰ-ছাত্ৰী। ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা স্কুলখনৰ বিধ্বস্ত ৰূপে শিক্ষা বিভাগৰ উন্নয়নৰ নগ্ন ছবিখন দাঙি ধৰিছে। বিভিন্ন সমস্যাই জুৰুলা কৰিছে মন্ত্ৰীগৰাকীৰ সমষ্টি মহুৰামুখৰ ৰাইজক৷ বিপদসংকূল দলঙেৰে দৈনিক সহস্ৰাধিক লোকে পাৰ হ’ব লগা হয়৷

বিদ্যালয়-মহাবিদ্যালয় বেংক বজাৰ-সমাৰকে আদি কৰি সকলো ক্ষেত্ৰলৈ আহ-যাহ কৰিবৰ বাবে যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলং৷ জৰাজীৰ্ণ অৱস্থাই বিপদ মাতি আনিছে মহুৰামুখলৈ৷ তাৰ লগতে বিদ্যালয়ৰ এনে অৱস্থাই চিন্তিত কৰি ৰাইজক৷ আজি ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছে৷ কিন্তু আজিও ছাত্ৰ-ছাত্ৰীয়ে এনে বিদ্যালয়ত পঢ়ি পৰীক্ষাৰ বাবে সাজু হয়৷ প্ৰকৃততে চৰকাৰে চিন্তা কৰা উচিত৷