গোৰেশ্বৰঃ অসমৰ  স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি লিখিছে এজন দুৰ্ভগীয়া ছাত্ৰই। হৃদৰোগত আক্ৰান্ত ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা নিলম্বনৰ গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰজনে। ছাত্ৰৰ ভবিষ্যতক লৈ এনেদৰে হেতালি খেলাত হতাশগ্ৰস্ত হৈ পৰিছে ৰোগাক্ৰান্ত ছাত্ৰজন।

নিলম্বিত এই ছাত্ৰজন হৈছে বাগছা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গাছবাৰীৰ সেপকুছি গাঁৱৰ প্ৰয়াত ভূপেন কাকতিৰ কনিষ্ঠ পুত্ৰ ধনজিৎ কাকতি। ২০১৬ বৰ্ষত পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতত্ব বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।

ৰাজনীতি বিজ্ঞানৰ ছাত্ৰজনে নিয়মিতভাৱে পাঠ গ্ৰহণ কৰি থকাৰ সময়তে প্ৰথম ষান্মাষিক পৰীক্ষাৰ পূৰ্বে অসুস্থ হৈ নাৰায়ণা হাস্পতালত চিকিৎসাধীন হ'বলগীয়া হয়।পিছত হৃদৰোগত আক্ৰান্ত  ধনজিতক উন্নত চিকিৎসা তথা অতি জটিল অস্ত্ৰোপচাৰৰ বাবে চেন্নাইৰ এপলো হাস্পতাললৈ প্ৰেৰণ কৰে।

ছাত্ৰজনৰ অভিভাৱকে এই বিষয়ত বিশ্ববিদ্যালয়  কৰ্তৃপক্ষক অৱগত কৰাত  শৈক্ষিক দিশত সকলো প্ৰকাৰৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিশ্ববিদ্যালয়খনে। কিন্ত চিকিৎসা সম্পন্ন কৰি উভতি অহাৰ পিছত বিশ্ববিদ্যায়লৈ গৈ ছাত্ৰজন ৰাজনীতি বিজ্ঞানৰ শিক্ষকৰ  হাতত অপদস্থ হ'বলগীয়া হয়।

চিকিৎসাৰ বাবে বিশ্ববিদ্যালয়ত অনুপস্থিত থকা বুলি অৱগত হোৱা স্বত্বেও শিক্ষকজনে ছাত্ৰজনক তাচ্ছিল্য কৰি অন্য বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে। এনে ব্যৱহাৰত হতাশগ্ৰস্ত ধনজিৎ কাকতিৰ পৰিয়ালে অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠিৰে ছাত্ৰজনৰ ভবিষ্যত নষ্ট নকৰিবলৈ আহ্বান জনাইছে।

হৃদৰোগত আক্ৰান্ত এজন ছাত্ৰক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনেদৰে  গুৰুতৰ অপৰাধীৰ দৰে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা কাৰ্যক একমুখে গৰিহণা দিছে সচেতন মহলে।