ফটো সৌজন্যঃ ইণ্টাৰনেট
ফটো সৌজন্যঃ ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ প্ৰশ্ন 'কমন’ নপৰিলে পৰীক্ষা গৃহত কলম কামুৰি বহি থকা ছাত্ৰ হয়তো আপুনি দেখিছে। কেতিয়াবা হয়তো টান প্ৰশ্ন দেখি এবাৰ ঘড়ী, এবাৰ খিৰীকিৰে বাহিৰলৈ চোৱাৰ অভিজ্ঞতাও ছাত্ৰজীৱনত বহুতৰে হৈছে।

কিন্তু প্ৰশ্নকাকত কঠিন হোৱা দেখি কলমেৰে গীতৰ শাৰী নিগৰোৱা ছাত্ৰ হয়তো খুৱেই কমেই ওলাব। এনেকুৱাই এটা অনুশাসন ভংগকাৰী কিন্তু আমোদজনক ঘটনা ঘটিছে কলকাতাৰ এখন কলেজত।

ৰাজ্যখনৰ মালডাৰ বালগুৰঘাট আইন মহাবিদ্যালয়খনত শেহতীয়াকৈ অনুষ্ঠিত তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাত প্ৰশ্নকাকতখন টান পোৱা ছাত্ৰই উত্তৰবহীত হিন্দী ভাষাত গীতেই লিখি পেলালে- 'তু শ্বায়েৰ হে, মে তেৰী শ্বায়েৰী’। এজনে আকৌ এখোপ আগবাঢ়ি গাৰ্লফ্ৰেণ্ডৰ বিশ্বাসঘাটকতাৰ ঘটনা বৰ্ণাই পেলালে উত্তৰবহীত।

অনুশাসনহীনতাৰ এই চৰম নিদৰ্শন দেখি মহাবিদ্যালয় কৰ্তৃপক্ষই লগে লগে পৰিচালনা সমিতিৰ জৰুৰী বৈঠক ঘোষণা কৰি বিষয়টোৰ তদন্তৰ বাবে কমিটি গঠন কৰি দিয়ে। দোষী ছাত্ৰকেইজনক দুবছৰৰ বাবে নিলম্বিত কৰা হয়।