অৱশেষত ছীল-মোহৰ পৰিল জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিলৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায় জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰাৰ সিদ্ধান্তক। লগতে উচ্চতম ন্যায়ালয়ে কয় যে অহা বছৰৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ লোৱা উচিত। শীর্ষ ন্যায়ালয়ে কয় যে জম্মু-কাশ্মীৰক অতি সোনকালে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে।

এই গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ৰাষ্ট্ৰপতিৰ শাসনকালত ৰাজ্যই লোৱা কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰি। ৩৭০নং অনুচ্ছেদ যুদ্ধৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন ব্যৱস্থা আছিল। ইয়াৰ পাঠটো চালেও স্পষ্ট হৈ পৰে যে ই এক অস্থায়ী ব্যৱস্থা আছিল। ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলৰ নিৰ্দেশ জাৰি কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু লাডাখক সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে বৈধ বুলি বিবেচনা কৰে।

৩৭০ নং অনুচ্ছেদ নিষ্ক্ৰিয় কৰাৰ বিৰুদ্ধে আবেদনকাৰীসকলে এটা যুক্তিও দিছিল যে ৰাষ্ট্ৰপতিৰ শাসনকালত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ হৈ ইমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰে। ৰাষ্ট্ৰপতিৰ শাসনকালত নৰেন্দ্ৰ মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল ৩৭০নং অনুচ্ছেদ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ভাৰতৰ সৈতে একত্ৰিত হোৱাৰ পিছত জম্মু-কাশ্মীৰৰ আভ্যন্তৰীণ সাৰ্বভৌমত্বৰ অধিকাৰ নাই।

উল্লেখ্য যে, ২০১৯ চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰে। ইয়াৰ পিছতে এই সিদ্ধান্তৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। সেই আবেদনৰে শুনানি গ্ৰহণ কৰি আজি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠখনত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ওপৰিও আছে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ সূৰ্য্য কান্ত।

ৰায়দানত কি ক’লে উচ্চতম ন্যায়ালয়ে?

মুখ্য ন্যায়াধীশগৰাকীৰ মতে, ৰাষ্ট্ৰপতিৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ অধিকাৰ আছে। জম্মু-কাশ্মীৰ সংবিধান সভাৰ পৰামৰ্শ ৰাষ্ট্ৰপতিৰ বাবে বাধ্যতামূলক নহয় আৰু ভাৰতীয় সংবিধানৰ সকলো বিধান জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে বুলি উল্লেখ কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। লগতে আদালতে কয় যে ৩৭০(৩) অনুচ্ছেদৰ অধীনত ৩৭০ অনুচ্ছেদক অকাৰ্যকৰী কৰাৰ অধিকাৰো ৰাষ্ট্ৰপতিৰ আছে।

উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ৩৭০ অনুচ্ছেদ অস্থায়ী ব্যৱস্থা আছিল বুলিও উল্লেখ কৰি কয় যে সংবিধানৰ ১ আৰু ৩৭০ অনুচ্ছেদৰ পৰা স্পষ্ট যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। ৰায়দানৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিৰ্বাচন আয়োগক ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশে কয়, “ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰক, এয়া আমাৰ নিৰ্দেশ।”

প্ৰণিধানযোগ্য যে, এই সংবিধান বিচাৰপীঠে ১৬ দিনৰ ক্ৰছ-ইকজামিনেচনৰ অন্তত চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। এই গোচৰত মুঠ ২৩খন আবেদন দাখিল কৰা হৈছিল। আবেদনকাৰীৰ ভিতৰত আছে নাগৰিক সমাজৰ সংগঠন, অধিবক্তা, ৰাজনীতিবিদ, সাংবাদিক আৰু সমাজকৰ্মী। আবেদনকাৰীসকলে আদালতক ৩৭০ অনুচ্ছেদ বাতিল কৰি ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন বাতিল কৰিবলৈ দাবী জনাইছিল। আবেদনকাৰীসকলে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনাই যুক্তি আগবঢ়ায় কয় যে এয়া সাধাৰণ জনতাৰ ইচ্ছাৰ বিৰুদ্ধে গ্ৰহণ কৰা এক ৰাজনৈতিক সিদ্ধান্তহে মাথোন।

ইফালে, সংবিধানৰ বিচাৰপীঠত থকা ন্যায়াধীশ সঞ্জয় কিষাণ কৌলেও জম্মু-কাশ্মীৰত এতিয়ালৈকে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে এখন সমিতি গঠনৰ পৰামৰ্শ আগবঢ়ায়।

কি আছিল এই ৩৭০ অনুচ্ছেদ?

৩৭০ অনুচ্ছেদ ভাৰতীয় সংবিধানৰ এটা বিধান আছিল। ই জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল। ইয়াৰ ফলত ভাৰতীয় সংবিধানৰ উপযোগিতা ৰাজ্যখনত সীমিত হৈ পৰিল। সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰত ৰাষ্ট্ৰ সংঘ বুলি কোৱাৰ বাহিৰে জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত আন কোনো অনুচ্ছেদ প্ৰযোজ্য নাছিল। জম্মু-কাশ্মীৰৰ নিজাকৈ সুকীয়া সংবিধান আছিল। প্রয়োজন সাপেক্ষে সংবিধানৰ যিকোনো এটা অংশ ৰাজ্যত কোনো ধৰণৰ সালসলনি কৰি কার্যকৰী কৰাৰ ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিৰ আছিল। অৱশ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ সন্মতি বাধ্যতামূলক আছিল।

লগতে এই ধাৰাত ভাৰতীয় সংসদৰ ৰাজ্যত কেৱল বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু যোগাযোগৰ সম্পৰ্কত আইন প্ৰণয়নৰ ক্ষমতা আছে। এই অনুচ্ছেদ কেনেকৈ সংশোধন কৰিব পাৰি তাৰ বাবেও সীমা বান্ধি দিয়া হৈছিল। কোৱা হৈছিল যে জম্মু-কাশ্মীৰৰ সংবিধান সভাৰ সন্মতি সাপেক্ষেহে ৰাষ্ট্ৰপতিয়ে এই বিধান সংশোধন কৰিব পাৰিব।

উল্লেখ্য যে, ১৯৫১ চনত গঠন কৰা হৈছিল জম্মু-কাশ্মীৰৰ সংবিধান সভা। এই সভাৰ মুঠ সদস্যৰ সংখ্যা আছিল ৭৫ জন। ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দৰেই জম্মু-কাশ্মীৰৰ গঠিত সংবিধান সভাই প্ৰস্তুত কৰিছিল ৰাজ্যখনৰ সংবিধানৰ খচৰা। ৰাজ্যৰ সংবিধান গৃহীত হোৱাৰ পাছত ১৯৫৬ চনৰ নৱেম্বৰ মাহত জম্মু-কাশ্মীৰ সংবিধান সভাৰ অস্তিত্ব নিঃশেষ হৈ পৰে। এই অনুচ্ছেদক বিজেপিয়ে দীৰ্ঘদিন ধৰি কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ দিশত এক বাধা হিচাপে গণ্য কৰি আহিছিল।

চাৰি বছৰ পূৰ্বে বাতিল কৰা হৈছিল ৩৭০

২০১৯ চনৰ ৫ আগষ্টত ৰাষ্ট্ৰপতিয়ে এক নিৰ্দেশ জাৰি কৰে। ইয়াৰ ফলত সংবিধানৰ সংশোধন ঘটে। এই সংশোধনত কোৱা হয় যে ৰাজ্যৰ সংবিধান সভাৰ উল্লেখৰ অৰ্থ হ’ব ৰাজ্যৰ বিধানসভা। লগতে কোৱা হৈছিল যে ৰাজ্যখনৰ চৰকাৰখন ৰাজ্যৰ ৰাজ্যপালৰ সমতুল্য হ’ব। মন কৰিবলগীয়া যে, এই সংশোধনী গৃহীত হোৱাৰ সময়ত ২০১৮ চনৰ ডিচেম্বৰৰ পৰা জম্মু-কাশ্মীৰ ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছিল।

২০১৮ চনৰ জুন মাহত পিপলছ ডেম’ক্ৰেটিক পাৰ্টি চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে জন্মু-কাশ্মীৰত প্ৰৱৰ্তন কৰা হয় ৰাজ্যপালৰ শাসন। তাৰ পৰৱৰ্তী ৬ মাহলৈকে ৰাজ্যপালৰ শাসন আৰু পিছৰ পৰ্যায়ত জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন চলে। এনে পৰিপ্ৰেক্ষিতত সাধাৰণ পৰিস্থিতিত এই সংশোধনীৰ বাবে ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হ’লহেঁতেন, কিন্তু ৰাষ্ট্ৰপতিৰ শাসনৰ বাবে বিধানসভাৰ সন্মতি সম্ভৱ নহ’ল। এই আদেশৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় চৰকাৰে ৩৭০ অনুচ্ছেদক যি ধৰণে উপযুক্ত বুলি ভাবে সেইধৰণে সংশোধন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল।

পিছদিনা ৰাষ্ট্ৰপতিয়ে আন এক আদেশ জাৰি কৰে। এই আদেশত কোৱা হয় যে ভাৰতীয় সংবিধানৰ সকলো বিধান জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ লগে লগে জম্মু-কাশ্মীৰক প্ৰদান কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদাৰো অন্ত পৰে। ৯ আগষ্টত সংসদে ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰি আইন প্ৰণয়ন কৰে। জম্মু-কাশ্মীৰত বিধানসভা হ’ব, কিন্তু লাডাখত নহয়।

ৰাজ্যখনৰ পৰা বিশেষ মৰ্যাদা কৰ্তনৰ পিছতে সংঘটিত হ’ব পৰা অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে ৫ আগষ্টৰ পৰা জম্মু-কাশ্মীৰত লকডাউন ঘোষণা কৰি সান্ধ্য আইন জাৰি কৰা হয়। সমান্তৰালভাৱে টেলিফোন নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱাও জম্মু-কাশ্মীৰত বন্ধ হৈ পৰে। ইফালে ৰাজনৈতিক দলৰ নেতাকে ধৰি হাজাৰ হাজাৰ লোকক গৃহবন্দী কৰি ৰখা হয়। সেই সময়ত জম্মু-কাশ্মীৰত কেইবালাখ নিৰাপত্তা বাহিনীৰ জোৱান নিয়োগ কৰা হৈছিল।

ইয়াৰ কেইবামাহো পিছত ২০২০ চনৰ জানুৱাৰী মাহত জম্মু-কাশ্মীৰত প্ৰথমে ২জি ইণ্টাৰনেট সেৱা বাহাল কৰা হয় আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৪জি ইণ্টাৰনেট বাহাল কৰা হয়। 

অন্যহাতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হয়। ২০১৯ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে এই গোচৰটো পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই এই গোচৰৰ চূড়ান্ত যুক্তিৰ শুনানি আৰম্ভ কৰি অৱশেষত সোমবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ কাৰ কি প্ৰতিক্ৰিয়া?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাটো বৈধ বুলি ৰায়দান প্ৰদান কৰাৰ পিছতে সৃষ্টি হৈছে ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। এফালে যদি বিজেপিয়ে উচ্চতম ন্যায়ালয়ৰ এই ৰায় যুগান্তকাৰী বুলি অভিহিত কৰিছে, আনফালে এই ৰায়দানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কাশ্মীৰৰ বিৰোধী নেতাসকলে। 

সৰ্বোচ্ছ ন্যায়ালয়ৰ ৰায়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰায় ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ২০১৯ চনৰ ৫ আগষ্টত ভাৰতৰ সংসদে এই সিদ্ধান্ত সাংবিধানিকভাৱে অনুমোদন জনাইছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ সপোন পূৰণৰ প্ৰতিশ্ৰুতি অদম্য হৈ থাকিব। তেওঁ কয় যে আমি বিচাৰো যে প্ৰগতিৰ ফল কেৱল জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মাজলৈ যোৱাই নহয় ইয়াৰ সুফল ৩৭০ অনুচ্ছেদৰ বাবে বহু কষ্ট পোৱা প্ৰান্তীয় লোকসকলৰ মাজলৈও যাব লাগে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৩৭০ অনুচ্ছেদৰ সিদ্ধান্তক আদৰণি জনাই কয় যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে প্ৰমাণিত হৈছে যে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্ত সম্পূৰ্ণ সাংবিধানিক আছিল। অমিত শ্বাহে ছ’চিয়েল প্লেটফৰ্ম এক্সত লিখিছে, ‘উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্তক সমৰ্থন কৰিছে, মই ইয়াক আদৰণি জনাইছো।’ তেওঁ লগতে কয়, ‘২০১৯ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ এক সুদূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই জম্মু-কাশ্মীৰত শান্তি আৰু স্বাভাৱিকতা ঘূৰি আহিছে।’

গৃহমন্ত্ৰী শ্বাহে কয়, ‘এসময়ত হিংসাৰ দ্বাৰা অশান্তিত থকা উপত্যকাটোত প্ৰগতি আৰু উন্নয়নে মানৱ জীৱনক নতুন অৰ্থ প্ৰদান কৰিছে। পৰ্যটন আৰু কৃষিৰ ক্ষেত্ৰত সমৃদ্ধিৰ সৃষ্টি হৈছে, যাৰ বাবে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ আয়ৰ স্তৰ বৃদ্ধি পাইছে।’ ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

আনহাতে আবেদনকাৰীসকলৰ হৈ ওকালতি কৰা অধিবক্তা কপিল ছিব্বালে ৰায়দানৰ পূৰ্বে এক তাৎপৰ্যপূৰ্ণ টুইট কৰে। টুইটটোত তেওঁ লিখিছিল, 'কিছুমান যুদ্ধ পৰাজয় হ’বলৈকে কৰা হয়। ইতিহাসে ভাল নলগা কথাবোৰো অনাগত প্ৰজন্মৰ বাবে লিপিৱদ্ধ কৰি ৰাখিব। আনুষ্ঠানিক সিদ্ধান্তবোৰৰ ভুল কি, শুদ্ধ কি সেইবোৰক লৈয়ো অনাগত সময়ত তৰ্ক-বিতৰ্ক চলি থাকিব। ঐতিহাসিক সিদ্ধান্তবোৰৰ নীতিগত শুদ্ধ-অশুদ্ধ নিৰ্ণয়ৰ ক্ষেত্ৰত একমাত্ৰ ইতিহাসেই হৈছে চূড়ান্ত হৰ্তা-কৰ্তা।’ 

'এয়া আইডিয়া অৱ ইণ্ডিয়াৰ মৃত্যুদণ্ড'

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত ‘ভাৰতৰ ধাৰণা’ৰ বাবে পৰাজয়। মুফতিয়ে কয় যে পাকিস্তানক আওকাণ কৰি জম্মু-কাশ্মীৰৰ জনসাধাৰণে বাছি লোৱা গান্ধীৰ ভাৰতৰ বাবেও এয়া এক পৰাজয়। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে মুফতিয়ে ভিডিঅ’ বিবৃতি জাৰি কৰি কয়, “মই জম্মু-কাশ্মীৰৰ জনসাধাৰণক ক’ব বিচাৰো যে সাহস হেৰুৱাব নালাগে। উচ্চতম ন্যায়ালয়ৰ আজিৰ এই সিদ্ধান্ত এক মাইলৰ খুঁটি যদিও এয়া গন্তব্যস্থান নহয়। আমাৰ বিৰোধীয়ে বিচাৰে আমি আশা এৰি দিম, কিন্তু সেয়া নহ’ব। উচ্চতম ন্যায়ালয়ে কয় যে ৩৭০ অনুচ্ছেদ অস্থায়ী, এয়া কেৱল আমাৰেই নহয়, এয়া ভাৰতৰ ধাৰণাৰ পৰাজয়।”

ভিডিঅ’টোত মুফতিয়ে কয়, “ভাৰত চৰকাৰে সংসদত কৰা অবৈধ কামক উচ্চতম ন্যায়ালয়ে যিদৰে ন্যায্যতা প্ৰদান কৰিছে, সেয়া ভাৰতৰ আইডিয়াৰ বাবে মৃত্যুদণ্ডতকৈ কম নহয়। ১৯৪৭ চনৰ পিছত সংবিধান প্ৰণয়ন হ’লে জম্মু-কাশ্মীৰে বিশেষ মৰ্যাদা পালে। কিন্তু ৭০ বছৰৰ পাছত এনে এখন চৰকাৰ আহিল যিয়ে সদায় কৈছিল যে যদি ক্ষমতালৈ আহে তেন্তে ৩৭০ অনুচ্ছেদ আঁতৰাই পেলাব আৰু সেইটোৱেই কৰিলে। এয়া আমাৰ পৰাজয় নহয়। এয়া প্ৰৱঞ্চনা। কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত ভাৰতৰ পক্ষ লোৱাটো ভুল বুলি কোৱা সেই শক্তিসমূহক শক্তিশালী কৰিছে।”

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ অসন্তুষ্টি আছাদুদ্দিন ওৱেইছিৰ

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তত সুখী নহয় বুলি কয় AIMIMৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ কয়, "কাশ্মীৰ যে সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ আহিছে তাত কোনো সন্দেহ নাই। কিন্তু আমি যেতিয়া কওঁ যে এক অবিচ্ছেদ্য সম্পৰ্ক, তেতিয়া সংঘৰ সৈতে ইয়াৰ সম্পৰ্ক নাকচ কৰিব নোৱাৰি। এতিয়া ইয়াক আদালতে বৈধতা প্ৰদান কৰিছে। গতিকে কাইলৈ কোনেও নকৰে। চেন্নাই, কলকাতা আৰু হায়দৰাবাদ আৰু মুম্বাইক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাত বিজেপিয়ে বাধা দিব পাৰিব। ভৱিষ্যতে লাডাখৰ ডোগ্ৰা আৰু বৌদ্ধসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব।"

কিয় হতাশা প্ৰকাশ ওমৰ আব্দুল্লাৰ?

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, "হতাশ হৈছোঁ, কিন্তু মনোবল হ্ৰাস হোৱা নাই। সংগ্ৰাম অব্যাহত থাকিব। বিজেপি য'ত আছে তাত উপনীত হ'বলৈ কেইবা দশক লাগিছিল। আমিও দীঘলীয়া সময়ৰ বাবে সাজু।" আন এটা টুইটত ওমৰ আব্দুল্লাই প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদক লক্ষ্য কৰি লিখিছে, "আজাদ চাহাব সঁচাকৈয়ে মুক্ত। তেওঁ তেওঁৰ পাৰ্টি অফিচলৈ যাবলৈ মুক্ত, আনহাতে আমাৰ কিছুমানক বন্দী কৰি ৰখা হৈছে। সংবাদ মাধ্যমৰ লোকসকলক গুপকাৰ ৰোডলৈ আহি আমাৰ পৰা মতামত ল'বলৈ অনুমতি দিয়া হোৱা নাই। গণতন্ত্ৰৰ মাতৃ? এয়া নিশ্চিতভাৱে 'অমুক' গণতন্ত্ৰৰ দৰে।"

ৰায়দানক লৈ কি ক’লে কংগ্ৰেছে?

কংগ্ৰেছ নেতা কৰ্ণ সিঙে উচ্চতম ন্যায়ালয়ে ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰক বৈধ বুলি প্ৰদান কৰা সিদ্ধান্তক আদৰণি জনায়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক অনুৰোধ জনাই কয় যে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা শীঘ্ৰে ঘূৰাই আনিব লাগে। কৰ্ণ সিঙে কয়, "উচ্চতম ন্যায়ালয়ে প্ৰতিটো বিষয় অতি সূক্ষ্মভাৱে চাইছে। মুখ্য ন্যায়াধীশে যি পঢ়ি আছিল, তাত তেওঁ প্ৰতিটো দফা, প্ৰতিটো উপ-দফা চাই সকলো পৰিস্থিতি বিবেচনা কৰি এক সিদ্ধান্তত উপনীত হৈছে। গতিকে আমি ইয়াক আদৰণি জনাইছো।"

ইফালে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আজিৰ ঐতিহাসিক ৰায়দানৰ পিছত এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। কংগ্ৰেছ নেতা পি চিদাম্বৰম আৰু অভিষেক মনু সিংভিয়ে সৰ্বোচ্চ আদালতৰ ৰায়দানক আদৰণি জনাই শীঘ্ৰে জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

'পিছলৈ আমি ৰায়দানৰ প্ৰতিটো পৃষ্ঠা তন্নতন্নকৈ বিশ্লেষণ কৰিম। কিন্তু সদ্যহতে আমি এই সিদ্ধান্তক আদৰণি জনাইছো। আমি পোনপ্ৰথমে কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিবলৈ দাবী জনাইছো। লাদাখৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিও চৰকাৰে গুৰুত্ব দিয়া উচিত। ন্যায়ালয়ে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নিৰ্দেশকো আমি আদৰণি জনাইছো। কিন্তু আমি বিচাৰিছো যে ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া ৩০ ছেপ্টেম্বৰলৈ ৰৈ নাথাকি তাৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰা উচিত।’-সংবাদমেলত এইদৰে কয় কংগ্ৰেছ নেতাদ্বয়ে।