নতুন দিল্লীঃ অতি শীঘ্ৰে বিয়াত বহিব পাৰে মোহময়ী অভিনেত্ৰী সুস্মিতা সেনে৷ বিশ্ব সুন্দৰীৰ খিতাপ লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ২৭ বছৰীয়া মডেল ৰহমান শ্বলৰ সম্পৰ্ক বৰ্তমানে বেছ চৰ্চা লাভ কৰিছে ৷ 

জানিব পৰামতে ইতিমধ্যে ৰহমান শ্বলে বিবাহ সম্পৰ্কত প্ৰস্তাব আগবঢ়াইছে আৰু প্ৰস্তাবৰ প্ৰতি সহাঁৰি জনাই অভিনেত্ৰী গৰাকীয়ে৷ অবিবাহিত সুস্মিতা সেনৰ দুই পালিত কন্যা ৰিনী আৰু আলিশাৰো প্ৰিয় ৰহমান শ্বল৷ 

যোৱা কেইমাহমান আগত ফেশ্বন শ্বৰ অনুস্থান এটাত ৰহমান শ্বলক লগ পোৱাৰ পিছৰে পৰা দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে৷ ২০১৯চ নৰ শেষৰ ফালে দুয়োৰে বন্ধুত্ব স্বামী-স্ত্ৰীত পৰিনত হব পাৰে৷