ডিজিটেল ডেস্কঃ এইবাৰ MeTooৰ জালত পৰিল বলিউডৰ সংগীত সুৰকাৰ অনু মালিক৷ ইতিমধ্যে সোনা মহাপাত্ৰাই অনু মালিকৰ ওপৰত যৌন উৎপীড়নৰ অভিযোগ দিয়ে৷ তাৰ পাছতেই শ্বেতা পণ্ডিতে ১৫ বছৰৰ বয়সত অনু মালিকৰ পৰা অশালীন ব্যৱহাৰ পোৱাৰ ওপৰত টুইটৰ যোগে প্ৰকাশ কৰে৷ এই আটাইবোৰ অভিযোগক অনু মালিকে স্বীকাৰ নকৰে যদিও ছনি টিভিৰ জনপ্ৰিয় সংগীতৰ অনুষ্ঠান ‘ইণ্ডিয়ান আইডল ১০’ বিচাৰক পদৰ পৰা তেখেতক বহিষ্কাৰ কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে খবৰ অনুসৰি সংগীত ৰিয়েলটী শ্ব’ৰ দৃশ্যাংশৰ বাবে অনুয়ে সোমবাৰৰ পৰা শ্বুটিং নকৰে৷

আনহাতে টুইটৰ যোগে অনুক স্পষ্ট ৰূপত ভণ্ডামি নামেৰে আখ্যা দিয়ে শ্বেতাই৷ পীড’ফাইল নামেৰে অনুক নামকৰণ কৰে শ্বেতাই৷ যাৰ অৰ্থ হ’ল যিকোনো ব্যক্তিয়ে যৌনতাৰ ৰূপত শিশুৰফালে আকৰ্ষিত হোৱা৷ 

শ্বেতাই টুইটত প্ৰকাশ কৰা কাহিনীৰ মতে ‘‘অনু মালিকে আৱাৰা পাগল দিৱানা নামৰ ছবিখনৰ বাবে গানৰ ৰেকৰ্ডিঙ কৰিছিল সুনিধি চৌহানৰ লগত৷ ২০০১ চনত আন্ধেৰীৰ এটা ষ্টুডিঅ’ত এই গানৰ ৰেকৰ্ডিঙৰ কাম হৈছিল৷ গানৰ বাবে নিমন্ত্ৰণ কৰা মোক প্ৰথমে দেখা পাই অনুয়ে ওচৰৰে খালী কোঠা এটাত বহিবলৈ কয়৷ অলপ সময়ৰ পাছতেই অনু ভিতৰলৈ সোমাই আহি মোক গানটো গুণগুণাবলৈ দিয়ে৷ গানটোৰ কেইষাৰীমান গোৱাৰ পাছতেই প্ৰশংসা কৰে অনুয়ে৷ লগতে অনুয়ে শ্বান আৰু সুনিধিৰ লগত গানটো গাবলৈ কয়৷ অনুয়ে গানটো গোৱাৰ আগত তেখেতক চুমা দিবলৈ কোৱাত মই আচৰিত হৈ পৰো৷ কিয়নো তেতিয়া মোৰ বয়স মাত্ৰ ১৫ বছৰ আছিল৷ এয়া হৈছে শ্বেতাই টুইটৰ যোগে প্ৰকাশ কৰা কাহিনী৷

কেৱল এয়াই নহয়, আন কেইবাগৰাকী গায়িকাই অনু মালিকৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে গম্ভীৰ আৰোপ লগায়৷ যাৰ প্ৰত্ত্যুত্বৰত অনুয়ে আনে জাপি দিয়া মিছা অভিযোগ স্বীকাৰ নকৰো বুলি দাঠি দি জনায়৷ MeToo ৰ সহায় লৈ কোনো ব্যক্তিয়ে কোনো ব্যক্তিৰ ওপৰত চৰিত্ৰ হননৰ এনে ঘৃণনীয় অভিযোগ উঠাব নোৱাৰে বুলি অনুৰ হৈ উকালতি কৰা অধিবক্তাই জানিবলৈ দিয়ে৷ যাৰ বাবে এই বৰ্ষত বিচাৰকৰ পদত থকা অনুৰ ৰিয়েলটী শ্ব’ৰ কৰ্তৃপক্ষই এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়৷

দেখিবলৈ পোৱা মতে অনু সপক্ষে থিয় দিছে সমীৰ অনজনে৷ উক্ত ঘটনাৰ সময়ত অনজনো উপস্থিত আছিল তেখেতে টুইটৰ দ্বাৰা প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে MeTooৰ কবলত কেৱল অনু নহয় আন কেইবাজনো অভিনেতা, পৰিচালক, শিল্পী ইয়াৰ পাকচক্ৰত পৰা দেখা গৈছে৷ 

শ্বেতা এগৰাকী সুকন্ঠী গায়িকা৷ বলিউডৰ লগতে তলিউডতো কাম কৰিছে শ্বেতাই৷ শ্বেতাৰ বাহিৰেও চৌনা মহাপাত্ৰাই অনু আৰু কৈলাশ খেৰৰ ওপৰত MeTooৰ যৌন উৎপীড়নৰ দৰে ঘটনাৰ ওপৰত নিজৰ স্পষ্ট মন্তব্য আগবঢ়াবলৈ সাহস কৰিছে৷ পিছে শ্বেতা আৰু চৌনাৰ টুইটৰ বিষয়ে কিমান সছাঁ তাৰ বিষয়ে পৰৱৰ্তী সময়তহে প্ৰমাণিত হ’ব৷