গুৱাহাটী/নগাঁওঃ ৰাজ্যত ছ’ৱাইন ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি আন এগৰাকী ৰোগী মৃত্যুমুখত পৰে। ইয়াৰ লগে লগে এই ৰোগবিধত চলিত বৰ্ষত এতিয়ালৈকে নিহত লোক সংখ্যা হয়গৈ ৪গৰাকী।

প্ৰাপ্ত বাতৰি মতে, সোমবাৰে পুৱাৰ ভাগত মহানগৰীৰ এপল’ হাস্পতালত ছ’ৱাইন ফ্লু’ত আক্ৰান্ত নগাঁৱৰ এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলাগৰাকী হৈছে নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱৰ বাসিন্দা ছাবিনা ইয়াছমিন বৰভূঞা। যোৱা ২৬ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ছাবিনাক।

২ আগষ্টত মহিলাগৰাকী ছ’ৱাইন ফ্লুত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় চিকিৎসক। ছাবিনাৰ মৃত্যুত শোকত ভাগি পৰিছে  তেওঁৰ অধিবক্তা স্বামী ইমৰাণ শ্বাহ আহমেদ।

উল্লেখ্য যে এইপৰ্যন্ত ৰাজ্যখনত অতিকমেও ১৫১ গৰাকী লোক ছ’ৱাইন ফ্লুত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ১৩৩ গৰাকীয়েই হৈছে কামৰূপ মহানগৰ জিলাৰ বাসিন্দা। ছাবিনাৰ পূৰ্বে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত এগৰাকী মহিলাৰ লগতে নেমকেয়াৰ আৰু ডাউন টাউন হাস্পতালত এগৰাকীকৈ ৰোগী মৃত্যুমুখত পৰিছে।

কিন্তু ইমানৰ পিছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা। বিভাগটোৱে কেৱল ৰেড এলাৰ্ট ঘোষণা কৰাতেই দায়িত্ব সীমাৱদ্ধ ৰখাত ক্ৰমাৎ নতুন নতুন ৰোগী ৰোগবিধত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। 

ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়তো ৰোগবিধৰ চিকিৎসাৰ বাবে কোনোধৰণৰ পৰ্যাপ্ত ব্যৱস্থা নথকা অভিযোগ উত্থাপিত হৈছে। ৰোগীসকলৰ অভিভাৱকসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থকা ৰাজ্য চৰকাৰৰ অধীনস্থ ৰোগবিধৰ একমাত্ৰ পৰীক্ষাগাৰটো বন্ধ হৈ থকা বুলিও জানিবলৈ দিছে।

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা সৰ্বা চৰকাৰৰ দিনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এনে ৰূপ লোৱাত স্বাভাৱিকতে অসহায় হৈ পৰিছে ৰাজ্যবাসী। চৰকাৰৰ উদাসীনতা আৰু নিৰ্লিপ্ততাৰ ফলত ৰোগবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে।