Printer-friendly version

“স্বৰ্গদেৱৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? স্বৰ্গদেৱে ধুলা দিবহে লাগে। মন কৰি চাওক।’’

আগৰজন স্বৰ্গদেউৰ সময়ত মোগলৰে হোৱা পৰাজয়ৰ গ্লানি নাশ কৰিবলৈ আৰু দেশৰ হেৰুৱা সন্মান উদ্ধাৰ কৰিবলৈ পণ লোৱা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কথোপকথনত দোলাকাষৰীয়া বৰুৱা লাচিতৰ আগত যুদ্ধৰ কাৰণে বৰসেনাপতিৰ যোগ্য কোনোবা প্ৰাৰ্থী দেশত থকা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰাত লাচিতে স্বৰ্গদেউক আত্মবিশ্বাস ৰাখি কথাষাৰ ক’লে।

আচলতে স্বৰ্গদেৱে ইতিমধ্যে লাচিতকেই বৰসেনাপতিৰ কাৰণে মনতে বাছি থৈছিল। এয়া মাত্ৰ ভাবী বৰসেনাপতিৰ যেন আত্মবিশ্বাসৰ পৰীক্ষা। প্ৰাচীন চীনৰ সমৰকলা গ্ৰন্থ “চুন ঝু পিং ফা”ৰ প্ৰণেতা চুন ঝুৰ মতে বিজয়ী সেনানায়কে যুদ্ধৰ আগতেই যুদ্ধত জয়লাভ কৰে, কিন্তু পৰাজিত সেনাপতিয়ে যুদ্ধৰ সময়তহে জয়লাভৰ কাৰনে চেষ্টা কৰে।এয়াই বিজেতা আৰু বিজিতৰ মাজৰ মৌলিক পাৰ্থক্য। সেই দৃষ্টিৰে চাবলৈ হ’লে শৰাইঘাটৰ ৰণৰ বহু আগতে লাচিতে কৰা এই উক্তিতেই যুদ্ধজয়ৰ যেন আগলিবতৰা সোমাই আছে। স্বৰ্গদেৱে আৰু প্ৰমাণ চাবৰ বাবে ৰাজসভাত আনে নজনাকৈ এজন লিগিৰাৰ হতুৱাই লাচিতৰ মূৰৰ পাগ কাঢ়ি নিওৱালে।

আত্মসন্মান হেৰুৱা যেন পাই লাচিতে খঙত তৰোৱাল লৈ লিগিৰাক খেদি গ’ল। সিংহাসনৰ তলত সোমোৱা লিগিৰাক কাটিবলৈ উদ্যত হোৱা লাচিতক অৱশ্যে ৰজাই ক্ষান্ত কৰিলে। ৰজাই জানিছিল যে এনে এক তীব্ৰ আত্মসন্মান থকা সেনানায়কেহে অসমৰ হৃত গৌৰৱ ওভতাই প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব। সমৰকলাৰ গুৰু চুন ঝু ৰাজসভাত উপস্থিত থকা হ’লে নিশ্চয়কৈ অন্যান্য ডা-ডাঙৰীয়াৰ সৈতে স্বৰ্গদেৱৰ বাছনিত দ্বিধাহীনভাৱে অনুমোদন জনালেহেঁতেন।

এইখিনিতে মহান সমৰকলাবিদ চুন ঝুৰ বিষয়ে অলপ আভাস দিয়া ভাল হ’ব। খ্ৰীষ্টপূৰ্ব পাঁচশ বছৰৰ আগৰ চীন। দেশখন আছিল বিভিন্ন সৰু-বৰ ৰাজ্যত বিভক্ত। অন্তঃকলহৰ সময় (Warring States Period)। চি ই নামৰ ৰাজ্যৰ বাসিন্দা চুন ঝুৰ বিষয়ে ঊ নামৰ চীনৰ পূব প্ৰান্তৰ ৰাজ্যৰ ৰজা হু লু অবগত হ’ল ৰজাৰ হাতত পৰা সমৰকলাৰ কিতাপ চুন ঝু পিং ফা (বা চুন ঝু বিং ফা)ৰপৰা। ৰজাই তেওঁক নিমন্ত্ৰণ কৰি ক’লে যে তেওঁ ইতিমধ্যে কিতাপখনৰ তেৰটা পাঠ পঢ়িছে। ৰজাই সুধিলে যে তেওঁ লিখা উপপাদ্যৰ পৰীক্ষাৰ আহ্বান চুন ঝুৱে গ্ৰহণ কৰিবনে? চুন ঝুৱে প্ৰত্যাহ্বান গ্ৰহণ কৰাত ৰজাই তেওঁৰ ৰাজকাৰেঙৰ ১৮০ গৰাকী উপপত্নীক সামৰিক শিক্ষা দি সৈনিকৰূপে গঢ় দিবলৈ ক’লে। চুন ঝুৱে মহিলাসকলক দুটা ভাগত বিভক্ত কৰি শিকোৱা ধৰণে অনুকৰণ কৰি আখৰা কৰিবলৈ ক’লে।

কিন্তু কেইবাবাৰো শিকোৱাৰ পাছতো মহিলাসকলে হাঁহি-খিকিন্দালি কৰি ৰৈ থাকিল। চুন ঝুৱে ক’লে, ‘যদি সেনাপতিয়ে আদেশ স্পষ্টকৈ দিয়া নাই আৰু সেয়ে সৈন্যই নিৰ্দেশ পালন কৰিব পৰা নাই তেন্তে সেনাপতি দোষী। কিন্তু যদি সেনাপতিৰ আদেশ স্পষ্ট তথাপি সৈন্যই নিৰ্দেশ পালন কৰিব পৰা নাই তেন্তে সেনাৰ বিষয়া দোষী”। সেয়ে দুয়োটা দলৰ মূৰব্বী দুগৰাকীক ৰজাৰ বাধা সত্ত্বেও নিজ তৰোৱালেৰে মৃত্যুদণ্ড বিহিলে। তাৰ পাছতেই মহিলাৰ দলে নিৰ্দেশ দিয়া ধৰণেৰে সৈনিক প্ৰশিক্ষণ গ্ৰহণ কৰে। চুন ঝুৰ কৰ্মকৌশল দেখি ওচৰৰ বৃহৎ দেশ চ্যুৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সেনানায়কৰ পদত অধিস্থিত কৰোৱায় ৰজা হু লুৱে। চুন ঝুৰ মতে যুদ্ধৰ কলা এখন দেশৰ বাবে অতি প্ৰয়োজনীয়। ইয়াত জীৱন আৰু মৃত্যুৰ দৰে গভীৰ বিষয় নিহিত হৈ থাকে। সেয়েহে ইয়াক কোনোকাৰণতে অৱজ্ঞা কৰিব নেপায়।

লাচিত বৰফুকন সেনাপ্ৰধান হৈ থকা কালত অসমীয়া আৰু মোগলৰ মাজৰ সংঘাত প্ৰায় চাৰি বছৰ কাল (১৬৬৭ ৰপৰা ১৬৭১ চনলৈকে) ধৰি চলিছিল। ইমান এটা দীৰ্ঘকাল সেনাৰ মাজত বিসম্বাদ বা বিশ্বাসঘাটকতাৰ থলি নিৰ্মাণ হোৱাৰ অবকাশ নিশ্চয়কৈ থাকিব। ইবিলাকৰ উদ্ভৱ নোহোৱাকৈ ৰাখিবলৈ হ’লে নিয়মানুবৰ্ত্তীতা আৰু সহযোদ্ধাসকলৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। লাচিতে আতন বুঢ়াগোহাঞি সহিত অনান্য সেনানায়কসকলৰ গভীৰ সহযোগিতা লাভ কৰিছিল।

সেই সময়ত মৃত্যুদণ্ড বিহাৰ অধিকাৰ কেৱল ৰজাৰহে আছিল। কিন্তু লাচিত বৰফুকনে এখোপ আগুৱাই গৈ কৈছিল যে কোনোবাই বিশ্বাসঘাটকতা কৰিলে তেৱেঁই শেষ বিচাৰ কৰিব, স্বৰ্গদেৱে কি কয় পাছতহে দেখা যাব। চুন ঝুৰ কাহিনী আৰু লাচিতৰ কথাৰ যেন একো পাৰ্থক্য নাই ইয়াত। লাচিতৰ বাবেও চুন ঝুৰ দৰেই যুদ্ধ জাতিৰ জীৱন আৰু মৃত্যুক নিৰ্ণয় কৰা এটা গভীৰ বিষয়। মোগলৰ সম্ভাব্য আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰ্মাণ কৰা গড়ৰ চোৱাচিতাত অৱহেলা কৰাত ‘মোমাই’ নামৰ বিষয়াজনক মৃত্যুদণ্ড দিয়াটোও চুন ঝুৱে নিশ্চয়কৈ অনুমোদন জনালেহেঁতেন। (আহোম সমাজত কেতিয়াবা সমজুৱাকৈ মানুহক সম্বোধন কৰে। তেনে নাম এটা “মোমাই” হ’ব পাৰে। লাচিতৰ মোমায়েকৰ বিষয়ে লেখকে ভালকৈ পতিয়ন নোযোৱাৰ বাবে তেওঁক এজন বিষয়া বুলি উল্লেখ কৰা হ’ল। আনহতে আহোমসমাজত নিজৰ মোমায়েকক সম্ভ্ৰম সহকাৰে মোমাইদেউ বুলিহে সম্বোধন কৰা নিয়ম আজিও বিদ্যমান। কিন্তু লাচিতৰ উক্তি বুলি যিটো কোৱা হয় তাত “মোমাই” বুলিহে উল্লেখ আছে।)

চুন ঝুৰ মতে শত্ৰু সৈন্যৰ বাবে স্বদেশীৰ বল বা শক্তি অনুধাবন কৰিব নোৱাৰা হ’ব লাগে, যাক ক’ব পাৰি পূৰ্ণতা বা শূন্যতা। অৰ্থাৎ দেখাত শূণ্য কিন্তু ওচৰ চাপিলে অভেদ্য আৰু পূৰ্ণ। ৰামসিংহৰ কথাতেই লাচিতৰ এই কৌশলৰ বিষয়ে পাকে প্ৰকাৰে উপস্থাপন হৈছে, “মই হেন ক্ষত্ৰিয়ই যুদ্ধৰ কামত একো কৰিব পৰা নাই
কিয়? আহোমৰ ৰণকৌশল কেনে?....” শৰাইঘাটৰ ৰণৰ মূল যুঁজৰ সময়ত মোগল সৈন্যই বহুদূৰ ব্ৰক্ষ্মপুত্ৰইদি বাধাহীনভাৱে আগবাঢ়ি আহিছিল। ভাবিছিল অসমীয়াৰ প্ৰতিৰোধ শক্তি নিঃশেষ হৈ গ’ল। চুন ঝুৰ মতে সেয়াই বাহ্যিক শূন্যতা। কিন্তু অসমীয়া সৈন্য অশ্বক্ৰান্ত (উত্তৰপাৰে), আন্ধাৰুবালি (দক্ষিণ পাৰ, পশ্চিমে নীলাচল পাহাৰৰ পাদদেশত) আৰু ইটাখূলি (দক্ষিণপাৰে পূবে শুক্ৰেশ্বৰৰ ওচৰত), এই তিনিফালৰপৰা সম্পূৰ্ণকৈ যে
প্ৰস্তুত তাক অনুধাৱন কৰিব নোৱাৰিছিল মোগল সেনাপতিয়ে। হয়তো ইয়াৰ আগতে হোৱা আলাৱৈ ৰণত অসমীয়াৰ কঁকাল ভঙা বুলি মোগলে ধৰি লৈছিল। মোগলৰ সৈন্য অসমীয়া সৈন্যৰ এই তিনিকোণীয়া চক্ৰবেহুৰ মাজত সোমোৱাৰ পাছতেই সৈন্য সঞ্চালন কৰি মোগলক শোচনীয়ভাৱে পৰাভূত কৰে বুলি যুদ্ধৰ বৰ্ণনাই আমাক কয়। অৱশেষত মোগল সেনাপতি পলায়ন কৰিব লগা হ’লগৈ। এটা পৰাক্ৰমী জাতি হিচপে অসমীয়াই আকৌ নিজৰ নাম খোদিত কৰিলে ইতিহাসৰ পাতত। চুন ঝুৰ মতে পলৰীয়া সেনাক নিজ ৰাজ্যলৈ পলাবৰ কাৰণে এটা বাট খোলা ৰখা উচিত। লাচিতে যদিও মোগলৰ অবশিষ্ট সৈন্যক নিঃশেষ কৰিব পাৰিলেহেঁতেন, তাৰ পৰিৱৰ্তে মানাহলৈকে সীমা ৰাখি মোগল সৈন্যক খেদি থৈ আহিবলৈহে নিৰ্দেশ দিছিল। বৰসেনাপতি লাচিতে পলৰীয়া সৈন্যৰ ওপৰত উপদ্ৰপ নিষিদ্ধ কৰিছিল।

চুন ঝুৱে লাচিতৰ এই নীতি একেআষাৰেই সমৰ্থন কৰিলেহেঁতেন। লাচিতেও চুন ঝুৰ সমৰকলাৰ এটি উপপাদ্য যে যুদ্ধ ৰাজনৈতিক শান্তিৰ আহিলাহে, আৰু যুদ্ধৰ কাৰণে যে যুদ্ধ কৰা নাযায় তাক অন্তঃকৰণেৰে যেন বিশ্বাস কৰিছিল। শৰাইঘাটৰ ৰণৰ আগত আলাৱৈত অসমীয়া সৈন্যই আগবাঢ়ি গৈ যুদ্ধ কৰাৰ পক্ষে নাছিল লাচিত। এই ৰণত চুন ঝুৱে সমৰকলাৰ যি নিৰ্দেশনা দিছে তাক অসমীয়াই যেন নজনাৰ বাবেহে শত্ৰুক নিজৰ গা দেখা দিয়ালে। চুন ঝুৱে কৈছিল শত্ৰুক তোমাৰ ওচৰলৈ আহিবলৈ দিবা কিন্তু নিজক উন্মুক্ত কৰি নিদিবা। আলাৱৈৰ সেইদিনাৰ ৰণত দহ হেজাৰ অসমীয়া সৈন্যই মৃত্যু বৰণ কৰাত লাচিত নিশ্চয়কৈ ক্ষোভিত হৈছিল। অসমীয়াই তাৰ পাছতেই ৰণনীতি সলনি কৰিলে। ৰণৰ বৰসেনাপতি হিচাপে লাচিতৰ যোগেদি যেন চুন ঝুৰ (যাৰ জন্ম লাচিততকৈ প্ৰায় একৈশ শ বছৰ আগত হৈছে) ৰণ কৌশল আৰু উপপাদ্যসমূহ মোগলৰ সৈতে হোৱা যুদ্ধত প্ৰয়োগ হৈছে, প্ৰতিফলন ঘটিছে।

চুন ঝুৱে সমৰকলাৰ কিতাপ চুন ঝু পিং ফা (বিং ফা)ত উল্লেখ কৰা প্ৰধান পাঠসমূহৰ প্ৰথমটো এনেধৰণৰ: ১) যুদ্ধৰ আঁচনি – ইয়াত কোৱা হৈছে যে যুদ্ধৰ কলা এখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ই জীৱন আৰু মৃত্যু, নিৰাপত্তা বা ধ্বংসৰ নিৰ্ণায়ক। সেয়েহে ইয়াক অৱহেলা কৰা অনুচিত। সমৰকলা পাঁচতা মূলৰ ওপৰত প্ৰতিস্থিত। সেইকেইটা হৈছে ক) নৈতিক আইন (যি ৰজাঘৰ বা দেশৰ স্বাৰ্থৰ সৈতে জনসাধাৰণক একাত্ম কৰোৱায়), খ) স্বৰ্গ (দিন আৰু ৰাতি, শীত আৰু গ্ৰীষ্ম, সময় আৰু ঋতুৰ জ্ঞান), গ)পৃথিৱী (দূৰত্ব, বিপদ আৰু নিৰাপত্তাৰ জ্ঞান), ঘ) সেনানায়ক (যি জ্ঞান, একাগ্ৰতা, দয়াশীলতা, সাহস আৰু কঠোৰতা বুজায়, আৰু ঙ) নিয়ম আৰু নিয়মানুবৰ্ত্তিতা। অন্যান্য পাঠসমূহ মাত্ৰ উল্লেখ কৰা হ’ল: ২) যুদ্ধোদ্যৎ হোৱা (যি যুদ্ধত প্ৰয়োজন
হ’ব পৰা সময়, সম্পদ, খৰচ, তাৰ উৎসৰ অনুসন্ধান), ৩) কৌশলপূৰ্ণ আক্ৰমণ (যি শত্ৰুৰ সকলো কৌশল অতিক্ৰম কৰাৰ জ্ঞান), ৪) কৌশলপূৰ্ণ অৱস্থান (যিকোনো পৰাজয়ৰপৰা দূৰত থাকি শুদ্ধভাৱে অৱস্থান), ৫) সৈন্যশক্তি (চুন ঝুৰ মতে সৈন্যৰ সংখ্যা কম হওক বা বেছি সেয়া আচল কথা নহয়, সৈন্যৰ সমস্ত শক্তি
শুদ্ধভাৱে পৰিচালিত হ’ব লাগিব), ৬) দুৰ্বল দিশ আৰু সবল দিশ (বুদ্ধিমত্তা থকা যুজাৰুৱে নিজৰ ইচ্ছাশক্তি শত্ৰুৰ ওপৰত আৰোপ কৰি পৰাভূত কৰিব পাৰে), ৭) সৈন্যসঞ্চালনা (নিয়মৰ ইফাল সিফাল কৰি যুদ্ধ পৰিচালনা কৰা, প্ৰয়োজনত শত্ৰুক পলাই যবলৈ সুবিধা দিয়া), ৮) কৌশলৰ পৰিৱৰ্তন কৰা (ঠাই আৰু পৰিস্থিতি সাপেক্ষে, ক্ষণিকৰ উত্তেজনাত বা লোভৰ বসৱৰ্তী হৈ কোনো ধ্বংসাত্মক কাৰ্য নকৰা, ধ্যানমগ্ন হোৱা), ৯) যাত্ৰাপথৰ সৈনিক (কেনে ঠাইৰ মাজেৰে কেনেকৈ সৈন্যক আগবঢ়াই নিব লাগিব বা অৱস্থান কৰিব লাগিব), ১০) ভূখণ্ড (অনুকূলতা আৰু প্ৰতিকূলতাৰ দৃষ্টিৰে ভূভাগৰ শ্ৰেণীবিভাগ), ১১) যুদ্ধৰ ন’ বিধ সাম্ভাব্য
পৰিস্থিতি, ১২) জুইৰে বা আগ্নেয় আক্ৰমণ, আৰু ১৩) চোৰাংচোৱাৰ নিয়োগ আৰু ব্যৱহাৰ (শত্ৰুৰ বিষয়ে জানিবলৈ বিভিন্ন ধৰণৰ মানুহক উৎস হিচাপে লোৱা)।

ওপৰত উল্লেখ কৰা পাঠসমূহৰ প্ৰায়বিলাকেই শৰাইঘাটৰ ৰণৰ সময়ত অসমীয়া সেনাই কামত খটুৱাইছিল, কিন্তু লাচিত বৰফুকন বা সমসাময়িক সহযোদ্ধাসকলে চুন ঝুৰ সমৰকলাৰ কিতাপখনৰ বিষয়ে জানিছিল নে নাই তাক আমি এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সমসাময়িক বা তাৰ আগৰ চীনত প্ৰয়োগ হোৱা যুদ্ধৰ সমল হয়তো অসমীয়াই পূৰ্বপূৰুষৰপৰা নাইবা অন্যান্য আদান-প্ৰদান যোগে আমদানি কৰিছিল। আজিৰ তাৰিখৰ দৰে অসমৰ পূবসীমা নিশ্চয়কৈ কটকটিয়া বা আদান-প্ৰদান নোহোৱাকৈ থকা নাছিল। যিহেতু সেই সময়ৰ অন্য জাতিৰ তুলনাত আগবঢ়া আছিল, অসমীয়াই নিশ্চয় পূব আৰু পশ্চিম দুয়োটাৰেই মাণিক বুটলিবলৈ সক্ষম হৈছিল।

ইয়াত উল্লেখ কৰিব লাগিব যে তাহানিৰ দক্ষিণ চীনৰ তাই বা ডাইসকলৰ লগত মূলসুতিৰ চীনাসকলৰ সৈতে বিভিন্ন ধৰণৰ আদান প্ৰদান হৈছিল। সেয়েহে চুন ঝু পিং ফা বা সমৰকলাৰ জ্ঞানৰ অপভ্ৰংশ হিচাপেও আহি তাই জাতি আহোমৰ জ্ঞাত হোৱাৰ অৱকাশ আছে। চুন ঝুৱে অনুমোদন কৰা চলনা কৌশল (Deception) আৰু ছাঁয়াযুদ্ধ বা দগাযুদ্ধ (গেৰীলাযুদ্ধ)ৰ বিস্তৃত প্ৰয়োগ মোগল-অসমীয়াৰ মাজৰ এই সংঘাটৰ সময়ছোৱাত ব্যৱহাৰ কৰি মোগলৰ ক্ষতিসাধন কৰিছিল অসমীয়া সেনাই। চুন ঝুৱে চ্যু নামৰ বৃহৎ দেশখনৰ সেনাক এই চলনা আৰু দগাযুদ্ধেৰে মূল ৰণত জিকাৰ আগতে নিশকটিয়া কৰি তুলিছিল।

অসমীয়া সেনাপতিয়ে ভূখণ্ডৰ জ্ঞান আৰু উন্নত চোৰাংচোৱাৰ ব্যৱস্থাৰেও ৰণত নিজকে আগত ৰাখিব পাৰিছিল। মুঠৰ ওপৰত চুন ঝুৰ সমস্ত সমৰজ্ঞান যেন অসমীয়া সেনাপতিৰ কণ্ঠস্থ আছিল। চুন ঝুৰ সমৰকলাৰ কিতাপ আৰু কৰ্মক আধুনিক বিশ্বৰ আগশাৰীৰ সেনা, ব্যৱসায়িক প্ৰতিস্থান আদিয়ে নতুন দৃষ্টিৰে চাই বিভিন্ন প্ৰকাৰে উপকৃত হৈছে। মহাশক্তিধৰ ফ্ৰান্স, আমেৰিকা, চীন আদি দেশে চুন ঝুক অনুসৰণ কৰা ভিয়েটনামৰ দৰে তুলনামূলকভাৱে সৰু ৰাষ্ট্ৰ এখনৰ হো ছি মিন, লী ডুৱান আৰু জেনেৰেল গিয়াপ আদি নেতাৰ সেনাবাহিনীৰ সমুখত যোৱা শতিকাত পৰাজয় বৰণ কৰাটো সমগ্ৰ বিশ্বৰে অনুসন্ধিৎসুৰ বিষয় হৈ আহিছে।

ঠিক তেনেদৰে আমাৰ পুথাও লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঞিয়ে কেনেকৈ সেই সময়ৰ মহাপৰাক্ৰমী মোগলক আজিৰপৰা তিনিশ সাতচল্লিছ বছৰ আগতে পৰাভূত কৰিছিল তাতেই হয়তো অসমীয়াৰ ভৱিষ্যতৰ যুদ্ধজয়ৰ সঁচাৰকাঠি লুকাই আছে। আমি অসমীয়ায়ো আমাৰ লাচিতক নিশ্চয় নতুন দৃষ্টিৰে গৱেষণা কৰাৰ সময় সমাগত৷ কাৰণ অসমৰ দৰে এখন ৰাজ্যত আমি পদে পদে লাচিতৰ দৰে নেতৃত্ব দিব পৰা মানুহ লাগে বুলি প্ৰায়ে কোৱা-মেলা কৰো। লাচিতৰ বিষয়ে যদি গভীৰ অনুসন্ধান নকৰো আমি আজিৰ বা ভৱিষ্যতৰ লাচিতক কেনেকৈ জন্ম বা গঢ় দিম? আজি তেনে অনুসন্ধিৎসাৰ অংকুৰণ হওক। এয়াই আমাৰ আশা।

[সহায় লোৱা গ্ৰন্থ: ১) "লাচিত বৰফুকন”, ড° সূৰ্য্য কুমাৰ ভুঞা, ১৯৭১, অসম প্ৰকাশণ পৰিষদ, ২) “The Art of War”, Sun Tzu, Translated by Thomas Cleary, 2005, Shambhala, Boston & London, ৩) ”The Art of War”, Sun Tzu, Translated by Lionel Giles, Amazon Classics, Seattle, ৪) The Comprehensive History of Assam, (Volume II) H. K. Borpujari, Third Edition, 2007, Publication Board, Assam.
[লেখকৰ ঠিকনা: Head - Gabon Project, Oil India Ltd., Gabon, Libreville, P.O. BOX : 23134, Mobile:   +(241) 04 51 51 08 (Gabon), +(91) 9435038366 (Ind)]

লেখকৰ ঠিকনাঃ Head - Gabon Project, Oil India Ltd., Gabon, Libreville, P.O. BOX : 23134, Mobile: +(241) 04 51 51 08 (Gabon), +(91) 9435038366 (Ind)

(এই লেখাটো আমাৰ অসম কাকতত ইতিমধ্যে প্ৰকাশ পাইছে। ---- সম্পাদক)