ডিজিটেল ডেস্কঃ পাঁচমাহ মাত্ৰ হোৱা চুৰহোজেলি লাইজিয়েষ্টুৰ চৰকাৰখনৰ বৰ্খাস্ত কৰি নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙক নতুন মুখ্যমন্ত্ৰীৰূপে নিযুক্তি দিলে ৰাজ্যপাল পি বি আচাৰ্যই৷ নাগা পিপলছ ফ্ৰণ্টৰ মন্ত্ৰীগৰাকীক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ২২ জুলাইলৈকে সময় দিয়া হৈছে। 

আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুৰহোজলো লাইজিয়েষ্টুক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিধানসভাত তাৰিখ দিয়া হৈছিল যদিও লাইজিয়েষ্টুৰ অনুপস্থিতিত সদন স্থগিত ৰখা হয়। উল্লেখ্য যে জনজাতীয় আন্দোলনৰ পৰিপ্ৰেক্ষিততে লাইজিয়েষ্টুয়ে বাধ্য হৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লাইজিয়েষ্টুৰ পিটিশ্যন আদালতে নাকচ কৰাৰ পিছতে ৰাজ্যপাল পিবি আচাৰ্যই মজিয়াত শক্তি প্ৰদৰ্শনৰ বাবে নিৰ্দেশ দিছিল লাইজিয়েষ্টুক। বিষয়টো ৰাজ্যপালৰ বুদ্ধিমত্তাৰ ওপৰতে এৰা হৈছে, ভালদৰে চিন্তা-চৰ্চা কৰি ৰাজ্যপালে সিদ্ধান্ত ল’ব- এই পৰামৰ্শ দিছিল আদালতে। 

কিন্তু নিজ দল এনপিএফত বিসম্বাদৰ সৃষ্টি হোৱাত দলৰেই সদস্যৰ পৰা তীব্ৰ বিৰোধীতাৰ সমুখীন হৈ থকা লাইজিয়েষ্টুয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিব বুলি অনুমান কৰিয়ে সদনত অনুপস্থিত থাকে বুলি স্পষ্ট হৈ পৰিছে। 

ইফালে সময়ৰ খৰ সময়ত মাৰি জেলিয়াঙে ইতিমধ্যে ৰাজ্যখনৰ মুঠ ৬০ জনীয়া বিধানসভাৰ ৪১ জনৰেই সমৰ্থন পত্ৰ ৰাজ্যপালক দাখিল কৰে। মঙলবাৰে পৰিস্থিতিয়ে নতুন মোৰ লাভ কৰে যেতিয়া বিজেপিৰ চাৰিজনকৈ বিধায়ক আৰু নাগালেণ্ড বিজেপিৰ অধ্যক্ষ ভিছাচলি হাউংগোউ জেলিয়াঙলৈ সমৰ্থন আগবঢ়ায়। তাৎপৰ্যপুৰ্ণ যে বিজেপি তেতিয়ালৈ এনপিএফৰ সৈতে মৰ্চাতে আছিল। 

আজি বিজয়ৰ উমান পোৱা জেলিয়াঙে বিসম্বাদী বিধায়কক লগত লৈ বিধানসভাৰ মজিয়াত ৰৈ আছিল যদিও লাইজিয়েষ্টু অনুপস্থিত থাকে। আনকি লাইজিয়েষ্টুৰ সমৰ্থকসকলে ফোন কলৰো উত্তৰ দিয়াৰ পৰাও বিৰত থাকে।