তামুলুপৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ৬ বজাৰপৰা বিয়লি ৪ বজালৈ তামুলপুৰ বজাৰ চকত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশন কাৰ্যসুচীত তামুলপুৰৰ বিভিন্ন শাখা ছাত্ৰ সন্থাৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। অনশন কাৰ্যসূচীৰ জৰিয়তে আছুই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিল কৰিবলৈ আহ্বান জনায়৷

অনশন কাৰ্যসূচীত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, সাধাৰণ সম্পাদক অনুপ কলিতা আদি উপস্থিত থাকে। ইপিনে কুমাৰীকাটা, গান্ধীবাৰী, নাগ্ৰিজুলি, দ্বাৰকুছি আঞ্চলিক ছাত্ৰ সন্থায়ো পুৱা ৬ বজাৰপৰা বিয়লি ৪ বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।