তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰীজুলিত মঙলবাৰে দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত কুমাৰীকাটাত দৰংগাজুলী পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগমৰ অধ্যক্ষ ইমানুৱেল মছাহাৰীয়ে কয় যে বিপিএফ কেৱল এটা জনগোষ্ঠীৰ দল নহয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সু-সংগঠিত কৰি বিপিএফ দলটো গঠন কৰা হৈছে। সেয়েহে বি পি এফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে ভোট দান কৰিব। প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলিও দাবী কৰে বিধায়ক ইমানুৱেল মছাহাৰীয়ে। 

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, অগপ নেতা দুলাল দাস, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ আগবঢ়ায়। সভাত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মছাহাৰী, প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, যুৱ বিপিএফ নেতা মৃদুল ব্ৰহ্ম, বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভা ৰাণী নাৰ্জাৰী, বিজেপি নেতা খনীন দাসৰ উপৰিও বিপিএফ, অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। 

সভাত পদুম দাঙিক সভাপতি, শিৱ ৰাম দাসক কাৰ্যকৰী সভাপতি আৰু চন্দ্ৰ কান্ত ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। আজিৰ সভাতে অবড়ো সংগঠনৰপৰা দহজন লোকে বিপিএফত যোগদান কৰে।

আনহাতে নাগ্ৰীজুলিতো নাগ্ৰীজুলি বিপিএফৰ সভাপতি খেম বাহাদুৰ থাপাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভা ৰাণী নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলা, তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মছাহাৰী, তামুলপুৰ সমষ্টি নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে ভাষণ দিয়ে। 

আজিৰ সভাতেই বাঙালী ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাস আৰু খুকন বিশ্বাসৰ নেতৃত্বত পঞ্চাশজন লোকে বিপিএফত যোগদান কৰে। আজিৰ সভাতেই নৱ কুমাৰ চৰকাৰক সভাপতি আৰু লাজাৰুছ মুৰ্মুক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়।