তামুলপুৰঃ উজনি অসমৰ যোৰহাট আৰু গোলাঘাট জিলাত চুলাই সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যু হোৱাত সমগ্ৰ অসমত চুলাই মদ নিষিদ্ধ কৰা আৰু আবকাৰী মন্ত্ৰীৰ  পদত্যাগৰ দাবীত দেওবাৰে বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তামুলপুৰৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণ চ’কত আবকাৰী মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে৷

সুৰা বন্ধ কৰক, আবকাৰী মন্ত্ৰী মুৰ্দাবাদ, আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে৷ ইপিনে প্ৰতিকৃতি দাহ কৰাৰ মূহুৰ্ততে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জ্বলি থকা প্ৰতিকৃতি দুটা কাঢ়ি লৈ যায়৷