তামুলপুৰঃ সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ প্ৰতিবাদেৰে অসমৰ সকলো দল সংগঠনে অসমৰ আকাশ বতাহ উত্তাল কৰি তুলিছে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব ৰক্ষাৰ্থে কালি ৭০ টা জনগোষ্ঠীয় সংগঠনৰ ঐক্যমতত সংকল্প যাত্ৰাৰে সুদূৰ শদিয়াৰ পৰা মটৰচাইকেল ৰেলী কৰি  বাক্সা জিলাৰ তামুলপুৰত উপস্থিত হয়৷

বাক্সা জিলাৰ বিভিন্ন দল সংগঠনৰ তিনি শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, নাগৰিকত্ব বিল বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, আমাৰ দাবী ন্যায্যা দাবী, খেদ ঐ খেদ বাংলাদেশী খেদ আদি শ্ল’গানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।

সংকল্প যাত্ৰাৰ সময়ত আজি তামুলপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নিলধৰ কলিতাকে ধৰি কেইবাগৰাকী নেতা কৰ্মীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে। আনহাতে আৰক্ষীৰ চকুত ধুলি দি ৰেলী কৰি অহা একাংশই ঘটনাস্থলি এৰি পৰা গুচি যায়৷