ডিজিটেল ডেস্কঃ  পাকিস্থানৰ ৰাজপথত বাৱাহলপুৰ এলেকাত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বিস্ফোৰিত হোৱাৰ ফলত অগ্নিদগ্ধ হৈ ১২৯ গৰাকী লোক নিহত হোৱা বুলি সংশ্লিষ্ট পাক বিষয়াই সদৰী কৰিছে।

দেওবাৰে জনবসতিপূৰ্ণ এলেকা এটাত সংঘটিত এই ঘটনা। এই ঘটনাত ১৪০ জনৰো অধিক লোক আহত। ইয়াৰে ৪০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

পাঞ্জাৱ প্ৰভিঞ্চিয়েল ৰেচকিউ চাৰ্ভিছেচৰ সঞ্চালক ডা. ৰিজৱান নাছীৰে জনোৱা মতে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।

গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ভালেমান লোকৰ চিনাক্তকৰণ কৰিবপৰা হোৱা নাই বুলি ডা. ৰিজৱানে সদৰী কৰিছে। মৃতকৰ সংখ্যা বাঢ়িব বুলিও সঞ্চালকজনে আশংকা ব্যক্ত কৰিছে।