বোকাজানঃ কংগ্ৰেছ দলত থকালৈকে বিয়াগোম কেলেংকাৰীৰ কথা কৈ সমালোচনা কৰা নেতাজনকেই গেৰুৱা বসন পিন্ধাৰ পিছতেই সত্যনাৰায়ন হৈ পৰে নেকি? এই প্ৰশ্ন অসমত পোন্ধৰ বছৰ ধৰি শাসন চলোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাব গৈ আজি বোকাজানত জনসাধাৰণৰ আগত এনেদৰে বিজেপিক কটাক্ষ কৰে গগৈয়ে।

বয়সৰ বাধা নেওচি পাহাৰীয়া জিলাখনত নিৰ্বাচনী প্ৰচাৰ অভিযানত সোণোৱাল চৰকাৰলৈ বাক্যবাণ নিক্ষেপ কৰি গগৈয়ে কয়-কংগ্ৰেছত থকালৈকে হিমন্ত বিশ্ব আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ অনা বিজেপি চৰকাৰে এতিয়া সেই দুজনকেই আইধৰ-বাইধৰ কৰাটো দৰাচলতে ভণ্ডামিহে।

 
বৰ্তমান ৰাজ্যৰ বিজেপি চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে মাত মতাসকলেই এতিয়া দুয়োজনকে আদৰি লোৱাৰ অৰ্থ এয়া নেকি যে বিজেপিলৈ গ’লেই সকলো সত্যনাৰায়ণ হৈ পৰে। এনেদৰে কটুক্তি কৰে কয় তৰুণ গগৈয়ে।

কৃষকে বুকুত গুলি পাতি ল’বলগীয়া হোৱা পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰখনেই দায়ী বুলি মন্তব্য কৰি গগৈয়ে গেৰুৱা চৰকাৰখন দৰাচলতে খাতি খোৱা সাধাৰণ জনতাৰ পৰিবৰ্তে পুঁজিপতি বণিকগোষ্ঠীৰ চৰকাৰ আখ্যা দিয়ে।

পৰিষদীয় নিৰ্বাচনৰ বাবে বোকাজান বিধানসভা সমষ্টিত দল প্ৰাৰ্থী সৰুপথাৰ আৰু দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে কাচাং তেৰাংপি আৰু এলিছ তেৰণপিৰ হৈ জপৰাজানত, বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী লক্ষীৰাম চয় আৰু চন্দ্ৰ কাথাৰৰ হৈ বোকাজানত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে গগৈয়ে৷ 

কাৰ্বি আংলংৰ সকলো স্তৰত কেৱল কংগ্ৰেছ দলেহে উন্নয়ন কৰিব পাৰিব বুলি কৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায়৷

হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত জপৰাজান আৰু বোকাজানৰ সভাত ডিফু লোকসভা সমষ্টিৰ সাংসদ তথা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি বীৰেণ সিং ইংতি, বোকাজানৰ প্ৰাক্তন বিধায়ক ক্লেনডুন ইংতিৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক দুৰ্লভ চমুৱা, অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী ছেহনাজ ইয়াচমিন হক আৰু সম্পাদিকা মন'ৰমা ডেকাৰ লগতে বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে৷