ভাৰতৰ এটা কোম্পানী গ্ৰুপে চেৰ পেলাইছে পাকিস্তানৰ দৰে এখন দেশৰ জিডিপিকো। শেহতীয়াকৈ এই খবৰে সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। পাকিস্তানৰ ঘৰুৱা উত্পাদনক চেৰ পেলাই নজিৰ গঢ়া এই ভাৰতীয় কোম্পানীটো পিছে আদানী বা আম্বানীৰ নহয়, এই কোম্পানীটো হৈছে ডেৰশ বছৰীয়া ইতিসাহেৰে সমৃদ্ধ টাটা গ্ৰুপ অৱ কোম্পানী, যাৰ মুঠ সম্পত্তি এতিয়া হৈ পৰিছে ৩৬৫ বিলিয়ন ডলাৰ।  

কোৱা হয়- চেণ্ডেলৰ বাটা আৰু বস্তুৰ টাটা আটাইতকৈ মজবুত আৰু বিশ্বাসযোগ্য। এই কথাৰ সত্যাসত্যতা নিৰূপণ কৰাটো সম্ভৱ নহয় যদিও ভাৰতীয় জীৱনত টাটা গ্ৰুপৰ প্ৰভাৱ যথেষ্ট বুলি ক’লেও হয়তো ভুল নহয়। চাহৰ পৰা আৰম্ভ কৰি জাগুয়াৰ লেণ্ড ৰভাৰ গাড়ীলৈকে আৰু নিমখৰ পৰা আৰম্ভ কৰি বিমান উৰুওৱা আৰু হোটেল পৰিচালনালৈকে টাটাৰ প্ৰভাৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত দেখা যায়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত টাটা গ্ৰুপৰ বজাৰ মূলধন আছিল প্ৰায় ৩৬৫ বিলিয়ন ডলাৰ, আনহাতে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (আই এম এফ) পাকিস্তানৰ জিডিপি প্ৰায় ৩৪১ বিলিয়ন ডলাৰ বুলি অনুমান কৰিছে। টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত কেৱল টাটা কনছালটেন্সি চাৰ্ভিচেছৰ সম্পত্তিয়েই পাকিস্তানৰ অৰ্থনীতিৰ আধা। ভাৰতৰ দ্বিতীয় বৃহত্তম কোম্পানী হিচাপে পৰিগণিত হোৱা এই কোম্পানীটোৰ সম্পত্তিৰ মূল্য হৈছে ১৭০ বিলিয়ন মাৰ্কিন ডলাৰ।

টাটা কোম্পানী স্থাপন

কিন্তু টাটা গ্ৰুপৰ এই উত্থান এদিনতে হোৱা নাই। বিগত প্ৰায় ডেৰশ বছৰীয়া সংগ্ৰামৰ পৰিণতিত আজি এই স্থিতিত উপনীত হ’বলৈ সক্ষম হৈছে টাটা গ্ৰুপ। আনহাতে বহু ক্ষেত্ৰত ভাৰতৰ প্ৰথমটো কোম্পানী হিচাপেও পৰিগণিত হৈছে এই টাটা গ্ৰুপ।

১৯১১ চনৰ ৮ ফেব্ৰুৱাৰীত লোনাৱালা বান্ধৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত সেই সময়ৰ টাটা গ্ৰুপৰ মুৰব্বী ছাৰ দোৰাবজী টাটাই ১৮৬৮ চনত এই কোম্পানীটোৰ ভেটি স্থাপন কৰা পিতৃ জমছেদজী টাটাৰ দুৰদৰ্শী চিন্তাৰ স্মৰণ কৰিছিল। এই সুদীৰ্ঘ কালছোৱাত ক্ৰমান্বয়ে নিজৰ পৰিসৰ বৃদ্ধি কৰিছে টাটা গ্ৰুপে। এতিয়া ৩০ কোম্পানীৰ এই গ্ৰুপে বিশ্বৰ এশখনৰো অধিক দেশত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।


দোৰাবজী টাটাই কৈছিল, “মোৰ দেউতাই এই দেশৰ জনসাধাৰণৰ ঔদ্যোগিক আৰু মতাদৰ্শগত অৱস্থাৰ উন্নতি সাধনক সদায় অগ্ৰাধিকাৰ দিছিল, তাৰ পিছতহে ধন-সম্পত্তি ঘটাৰ কথা চিন্তা কৰিছিল। তেওঁ তেওঁৰ জীৱনকালত আৰম্ভ কৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰকৃত উদ্দেশ্য আছিল দেশ আৰু জনতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিকাশ।” উল্লেখ্য যে, টাটা গ্ৰুপৰ কোম্পানীৰ ৱেবচাইটতো কোম্পানীৰ উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰা হৈছে যে সেই কোম্পানীসমূহ বিশ্বৰ বিভিন্ন সম্প্ৰদায়ৰ জীৱনৰ মান উন্নত কৰাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছে।

কোৱা হয় যে ঊনবিংশ শতিকাৰ শেষৰ ফালে টাটাৰ প্ৰতিষ্ঠাপক জমছেদজী টাটাক চেহেৰাৰ বাবে বম্বেৰ এখন দামী হোটেলত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। এই ঘটনাই জামছেদজীৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ সিদ্ধান্ত লয় যে তেওঁ এই হোটেলতকৈ ভাল হোটেল নিৰ্মাণ কৰিব, য’ত সকলো ভাৰতীয় নাগৰিকে বিনা দ্বিধাই প্ৰৱেশ কৰিব পাৰিব।

ভাৰতৰ প্ৰথমখন বিলাসী হোটেল

এইদৰে ১৯০৩ চনত মুম্বাইৰ সাগৰৰ পাৰত তাজ হোটেল প্ৰতিষ্ঠা কৰা হয়। এইটোৱেই আছিল চহৰখনৰ প্ৰথমটো অট্টালিকা য’ত বিদ্যুৎ, আমেৰিকান ফেন আৰু জাৰ্মান লিফ্টৰ দৰে সুবিধাৰ ব্যৱস্থা কৰা হৈছিল। আগতে ইংৰাজ ৰান্ধনীসকলে ইয়াত কাম কৰিছিল। এতিয়া আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি ৯খন দেশত ইয়াৰ শাখা আছে।

১৮৩৯ চনত পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জমছেদজী টাটাই। তেওঁৰ বহু পূৰ্বপুৰুষ পাৰ্চী ধৰ্মৰ গুৰু আছিল। তেওঁ কপাহ, চাহ, তাম, পিতল আৰু আফিং (যাৰ ব্যৱসায় সেই সময়ত অবৈধ নাছিল) আদিৰে বহু টকা উপাৰ্জন কৰিছিল। ভ্ৰমণ তেওঁৰ চখ আছিল। বিশ্বৰ বিভিন্ন দেশলৈ ভ্ৰমণলৈ গৈ সেই অঞ্চলসমূহৰ নতুন নতুন উদ্ভাৱনৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল জমছেদজী টাটা। ব্ৰিটেইন ভ্ৰমণৰ সময়ত লেংকাশ্বাৰত কপাহ কল দেখাৰ পিছত তেওঁ উপলব্ধি কৰিছিল যে ভাৰতেও নিজৰ ঔপনিৱেশিক মালিকৰ লগত প্ৰতিযোগিতা কৰিব পাৰে।

প্ৰথম বস্ত্ৰ কোম্পানী

সেয়ে ১৮৭৭ চনত জমছেদজীয়ে মহাৰাণী মিল নামেৰে দেশৰ প্ৰথমটো বস্ত্ৰ কল মুকলি কৰে। ৰাণী ভিক্টোৰিয়াক ভাৰতৰ সম্ৰাজ্ঞী হিচাপে মুকুট পৰিধানৰ দিনা মহাৰাণী মিলছৰ শুভাৰম্ভ কৰা হয়। ঊনবিংশ শতিকাৰ আৰম্ভণিতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ স্বদেশী শব্দৰ পৰাই জমছেদজীৰ ভাৰতৰ বিকাশৰ দৃষ্টিভংগী বুজিব পাৰি।

তেওঁ কৈছিল, "এটা সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আটাইতকৈ দুৰ্বল আৰু অসহায় লোকক সমৰ্থন কৰাৰ পৰিৱৰ্তে আটাইতকৈ সক্ষম আৰু প্ৰতিভাৱান লোকক সহায় কৰাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে নিজৰ দেশৰ সেৱা কৰিব পাৰে।"

প্ৰথম ঔদ্যোগিক চহৰ

তেওঁৰ আটাইতকৈ ডাঙৰ সপোন আছিল তীখাৰ কাৰখানা নিৰ্মাণ কৰা। কিন্তু এই সপোন বাস্তৱায়িত হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। তাৰ পিছত তেওঁৰ পুত্ৰ দোৰাবজীয়ে তেওঁৰ মৃত্যুৰ পিছত পিতৃৰ সপোন পূৰণ কৰে আৰু ১৯০৭ চনত টাটা ষ্টীলে উৎপাদন আৰম্ভ কৰে। এইদৰে ভাৰত এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়, য’ত তীখাৰ কাৰখানা নিৰ্মাণ কৰা হয়।

এই কাৰখানাটোৰ ওচৰতে এখন চহৰ স্থাপন কৰা হৈছিল যাৰ নাম জামছেদপুৰ। আজি ইয়াক ভাৰতৰ তীখা চহৰ বুলি জনা যায়। জমছেদ জীয়ে পুত্ৰ দোৰাবলৈ এখন চিঠি লিখি শিল্প নগৰ স্থাপন কৰিবলৈ কৈছিল। তেওঁ লিখিছিল, “এই চহৰৰ ৰাস্তাবোৰ বহল হ’ব লাগে। গছ-গছনি, খেলপথাৰ, উদ্যান আৰু ধৰ্মীয় স্থানৰ বাবেও ঠাই থাকিব লাগে।”

টাটাই নিজেই কোনো আইনী বাধা নোহোৱাকৈ নিজৰ কৰ্মচাৰীৰ কল্যাণৰ বাবে নীতি তৈয়াৰ কৰিছিল, য’ত আছিল ১৮৭৭ চনত পেঞ্চন, ১৯১২ চনত আঠ ঘণ্টীয়া কৰ্মৰ সময়, ১৯২১ চনত প্ৰসূতিকালীন ছুটী।

প্ৰথম বিমান সেৱা

টাটা পৰিয়ালৰ আন এগৰাকী সদস্য জেহাংগীৰ টাটা ১৯৩৮ চনত ৩৪ বছৰ বয়সত কোম্পানীটোৰ অধ্যক্ষ হৈ প্ৰায় আধা শতিকালৈকে এই পদত থাকে। ইংলিচ চেনেলৰ ওপৰেৰে উৰাজাহাজ চলোৱা প্ৰথমজন পাইলট লুই ব্লেৰাইটক দ্বাৰা প্ৰভাৱিত হোৱা জেহাংগীৰ ৰতনজী দাদাভয় টাটাৰ সপোন আছিল এগৰকী সুদক্ষ পাইলট হোৱাৰ। কিন্তু পৰিয়ালৰ পদাংক অনুসৰণ কৰি অৱশেষত তেওঁৱো টাটা গ্ৰুপৰ নেতৃত্ব চম্ভালিবলগীয়া হয়।

বম্বে ফ্লাইং ক্লাবৰ পৰা ভাৰতত পাইলটৰ প্ৰশিক্ষণ লোৱা প্ৰথমজন ব্যক্তি আছিল জে আৰ ডি। তেওঁৰ এয়াৰ লাইচেন্সৰ নম্বৰটো আছিল ১, যাৰ বাবে তেওঁ অতি গৌৰৱ কৰিছিল। তেৱেঁই ভাৰতৰ প্ৰথমটো এয়াৰ মেইল সেৱা আৰম্ভ কৰিছিল। সেই বিমানখনে প্ৰায়ে মেইলৰ লগতে যাত্ৰীও কঢ়িয়াই লৈ ফুৰিছিল।

পিছলৈ এই ডাক সেৱাই ভাৰতৰ প্ৰথম বিমান সংস্থা 'টাটা এয়াৰলাইন্স' হৈ পৰিল, যাৰ নাম কিছু সময়ৰ পিছত 'এয়াৰ ইণ্ডিয়া'লৈ সলনি কৰা হয়। পিছত ‘এয়াৰ ইণ্ডিয়া’ চৰকাৰৰ মালিকানাধীন হ’ল যদিও আকৌ এবাৰ টাটাই সেই কোম্পানীটো চৰকাৰৰ পৰা ক্ৰয় কৰিছে। এয়াৰ ইণ্ডিয়া পুনৰ লোৱাৰ পিছত এতিয়া টাটা ছন্সৰ তিনিটা বিমান সংস্থা আছে। এয়াৰ ইণ্ডিয়াৰ বাহিৰেও আছে ‘এয়াৰ ভিষ্টাৰ’ য’ত ছিংগাপুৰ এয়াৰলাইন্সৰ সৈতে তেওঁলোকৰ অংশীদাৰিত্ব আছে। টাটা গ্ৰুপৰ আন এটা কোম্পানী হৈছে ‘এয়াৰ এছিয়া’ যাৰ মালয়েছিয়াৰ সৈতে অংশীদাৰিত্ব আছে।

এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব পুনৰ লোৱা সন্দৰ্ভত টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰে ২০২১ চনৰ অক্টোবৰ মাহত এক বিবৃতি প্ৰকাশ কৰি ইয়াক ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত কৰি কয় যে দেশৰ প্ৰধান বিমান সংস্থাসমূহৰ মালিক হোৱাটো গৌৰৱৰ বিষয়। চন্দ্ৰশেখৰে তেওঁৰ বিবৃতিত লগতে কয়, "ভাৰতক গৌৰৱান্বিত কৰিব পৰা এটা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলোৱাটো আমাৰ প্ৰয়াস হ'ব। ভাৰতত বিমান সেৱা আৰম্ভ কৰা জেআৰডি টাটাৰ প্ৰতি এয়া আমাৰ এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব।"

কম্পিউটাৰৰ জগতত খোজ

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে টাটা গ্ৰুপৰ মুৰব্বী জে আৰ ডি টাটাক এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল আৰু ১৯৭৮ চনলৈকে তেওঁ এই পদত আছিল। ইয়াৰ পিছত ভাৰত চৰকাৰৰ বিষয়াসকলে সেই পদটো দখল কৰিবলৈ আৰম্ভ কৰে। ১৯৬৮ চনত তেওঁ নিজৰ পৰিয়ালৰ পৰম্পৰা অব্যাহত ৰাখি এটা ব্যৱসায় আৰম্ভ কৰে যিটো সেই সময়ত কেৱল উন্নত দেশতহে পোৱা গৈছিল। এই ব্যৱসায়টো কম্পিউটাৰৰ সৈতে জড়িত আছিল। ‘টাটা কনছালটেন্সি চাৰ্ভিচেছ’ বা ‘টিচিএছ’ নামৰ এই কোম্পানীটোৱে সমগ্ৰ বিশ্বতে চফটৱেৰ যোগান ধৰে। বৰ্তমান ই টাটা গ্ৰুপৰ অন্যতম লাভজনক কোম্পানী। 

১৯৯১ চনত জে আৰ ডি টাটাৰ আত্মীয় ৰতন টাটাই কোম্পানীটোৰ বাঘজৰী গ্ৰহণ কৰে আৰু তেওঁৰ নেতৃত্বত টাটাই সমগ্ৰ বিশ্বতে ব্যৱসায় সম্প্ৰসাৰণ কৰে। টাটাই টেটলি টি, এআইজি বীমা কোম্পানী, বষ্টনৰ ৰিটজ কাৰ্লটন, ডেউৰ গধুৰ বাহন নিৰ্মাণ কাৰখানা আৰু ক’ৰাছ ষ্টীল ইউৰোপৰ দৰে কোম্পানী ক্ৰয় কৰিছিল।

আজিৰ টাটা আৰু সফলতাৰ ৰহস্য

টাটা কোম্পানীসমূহৰ মূল বিনিয়োগ হোল্ডিং কোম্পানী আৰু প্ৰমোটাৰ হৈছে টাটা চন্স। টাটা চন্সৰ ইকুইটি শ্বেয়াৰ কেপিটেলৰ ৬৬ শতাংশ এনে সংস্থাৰ মালিকানাধীন, যিয়ে শিক্ষা, স্বাস্থ্য, চাকৰি সৃষ্টি আৰু কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহায় কৰে। যদিও টাটা কোম্পানীয়ে এতিয়াও কোম্পানীটোৰ সম্পত্তিৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই, কিন্তু ২০২৩ চনৰ ৩১ জুলাইলৈকে তেওঁলোকে নিজৰ সম্পত্তি ৩০০ বিলিয়ন ডলাৰ বুলি ঘোষণা কৰিছিল আৰু লগতে জনাইছিল যে সমগ্ৰ বিশ্বতে কোম্পানীটোত ১০ লাখতকৈ অধিক কৰ্মচাৰীয়ে কাম কৰে। কোম্পানীটোৰ মতে টাটা কোম্পানী বা উদ্যোগটোৱে নিজ নিজ পৰিচালনা সমিতিৰ নেতৃত্ব আৰু তত্বাৱধানত স্বতন্ত্ৰভাৱে কাম কৰে।

অৰ্থনৈতিক বিশেষজ্ঞ শংকৰ আয়াৰে টাটাৰ সাফল্য সন্দৰ্ভত কয়, "আম্বানী বা আদানীৰ নাম এই কাৰণেই আহিছে যে তেওঁলোকৰ কোম্পানীবোৰ নিজা, আনহাতে টাটা হৈছে বিভিন্ন কোম্পানীৰ এটা গোট আৰু এটা ট্ৰাষ্টৰ অধীনত পৰিচালিত হয়। সেইবাবেই ইয়াক লৈ বৰ বেছি আলোচনা নহয়।” তেওঁ লগতে কয় যে ভাৰতৰ বহু বিষয়ত টাটা কোম্পানীয়ে সৰ্বপ্ৰথমৰ মৰ্যাদা লাভ কৰিছে।

শক্তি খণ্ডৰ কোম্পানী জি ই ইণ্ডিয়াত অলষ্টম ইণ্ডিয়াৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা বৰ্তমান হায়’সংগ ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক নাগেশ তালৱানীয়ে কয় যে টাটাৰ দ্ৰুত প্ৰসাৰৰ মূল কাৰণ হৈছে ইয়াৰ নৈতিক, ন্যায্য আৰু স্বচ্ছ ব্যৱস্থা যিয়ে কৰ্মচাৰীসকলৰ সৈতে এক শক্তিশালী বন্ধনৰ সৃষ্টি কৰে। 

তালৱানীয়ে টাটাৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰে। তেওঁৰ মতে, টাটাৰ মূলধন বিনিয়োগৰ প্ৰতি স্পষ্ট দৃষ্টিভংগী আৰু কৌশল আছে, যাৰ ভাল উদাহৰণ হ’ল ষ্টাৰবাকছ, ক্ৰ’মা কনচেপ্ট আৰু জাগুয়াৰ ব্ৰেণ্ড ইত্যাদি ক্ৰয় কৰা। "টাটা গ্ৰুপে 'আজে বাজে' পন্থা এৰাই চলি নিৰৱে আৰু সম্পূৰ্ণ মনোযোগেৰে কাম কৰিবলৈ চেষ্টা কৰে। সেয়েহে তেওঁলোকক লৈ বৰ চৰ্চা নহয়।" –তালৱানীয়ে কয়।

তেওঁ লগতে কয় যে টাটাই কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে ব্ৰেণ্ডটোক অতি চতুৰতাৰে সুস্থিৰ কৰি ৰাখিছে। ইয়াৰ বাবেই সমগ্ৰ দেশৰ গ্ৰাহকসকল তেওঁলোকৰ সৈতে সংযুক্ত হৈ আছে আৰু তেওঁলোকে নিৰাপদ অনুভৱ কৰে। গ্ৰাহকে এই ব্ৰেণ্ডটোক বিশ্বাসযোগ্য বুলি গ্ৰহণ কৰে। তালৱানীয়ে কয় যে তেওঁলোকৰ বৃদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ বিন্দু হৈছে আৱেগিক আৰু অনুপযুক্ত ব্যৱসায়িক সিদ্ধান্ত এৰাই চলা আৰু বিপদ আৰু অতি স্পষ্ট শাসনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ পৰ্টফলিঅ’ সলনি কৰা। সমান্তৰালভাৱে টাটা গ্ৰুপৰ এটা ফলপ্ৰসূ যোগান শৃংখল ব্যৱস্থা আছে আৰু তেওঁলোকে তেওঁলোকৰ কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ।’

টাটা পাৱাৰৰ নতুন দিল্লীৰ প্ৰজেক্ট মেনেজাৰ বিবেক নাৰায়ণে কয় যে প্ৰথম অৱস্থাত জাগুৱাৰ ক্ৰয়ৰ সিদ্ধান্ত বজাৰত ভাল সিদ্ধান্ত বুলি গণ্য কৰা হোৱা নাছিল যদিও পিছলৈ ই অতি সফল বুলি প্ৰমাণিত হয়। একেদৰে শেহতীয়াকৈ টাটাই ইণ্ডিয়ান এয়াৰলাইন্সক পুনৰ অধিগ্ৰহণ কৰিছে যদিও ইয়াৰ দিশ আৰু গতিৰ ৰূপৰেখা দাঙি ধৰাটো কঠিন। তেওঁ আৰু কয়, 'টাটাৰ সফলতাৰ নিশ্চয়তা হৈছে ইয়াৰ বৈচিত্ৰ্য। টাটাই যি ক্ষেত্ৰতেই কাম নকৰক কিয়, সেই প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক পৰিৱেশ আনিবলৈ চেষ্টা কৰে।'