গুৱাহাটীঃ অজমল-ভীতি সৃষ্টিয়েই এতিয়া বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ একমাত্ৰ কৌশল হৈ পৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ দৰে এইবাৰো দলটোৰ প্ৰতিজন নেতা-কৰ্মীয়ে কংগ্ৰেছ আৰু বিজেপিৰ মাজত 'গোপন’ মিত্ৰতা হৈছে বুলি বহুল প্ৰচাৰ চলাইছে। 

কংগ্ৰেছৰ নেতৃত্বই ইয়াক অস্বীকাৰ কৰিলেও আজমল-ভীতি সৃষ্টি অব্যহত ৰাখিছে বিজেপিয়ে। কংগ্ৰেছ আৰু এআইইউদিএফৰ গোপন বুজাবুজিৰ সন্দৰ্ভত গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ববঞ্চিত সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও মঙলবাৰে একেই মন্তব্য কৰে। 

মহানগৰীৰ বৰঝাৰৰ শ্যামভূমি স্কুল খেলপথাৰত লোকসভাৰ নিৰ্বাচনক লৈ বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প দিৱসত অংশগ্ৰহণ কৰি বিজেপি নেত্ৰীগৰাকীয়ে ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমলক 'ভাই ভাই’ বুলি কয়। এদিন বদৰুদ্দিন আজমলক তৰুণ গগৈয়ে কোন বুলি কৈছিল, কিন্তু পুত্ৰৰ মোহত সেইজন বদৰুদ্দিনেই এতিয়া তৰুণ গগৈ বুকুৰ কুটুম হৈছে বুলি মন্তব্য কৰে চক্ৰৱৰ্তীয়ে।

বিজেপি সাংসদগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছ দলটো এতিয়া বাংলাদেশীৰো ভাই ভাই। অসমৰ জাতি-মাটি-ভেটি এতিয়া কংগ্ৰেছ দলে বাংলাদেশক দান দিবলৈ ওলাইছে বুলিও মন্তব্য কৰে বিজয়া চক্ৰৱৰ্তীয়ে।